তোমাৰ বাবেই মোৰ এই কবিতা
তোমাৰ বাবেই মোৰ এই অপচেষ্টা
জীৱনক পাহৰাৰ....
চিগাৰেট, মদ অৰু যে কত কি ??
মই গোলপীয়া হোৱাটো তুমি নিবিছৰা..
সেউজীয়া তোমাৰ প্ৰিয় ৰঙ..
আৰু নীলা, তোমাৰ বাবে অসহ্য
কিন্তু মই যে সদায় বেদনা এটি কঢ়িয়াই ফুৰো
মোৰ কলিজাৰ মাজত, যাৰ ৰঙ নীলা
আৰু সেই নীলাৰ মাজতেই খেপিয়াও
এটি সেউজীয়া কলিজা...
কৃষ্ণচূড়া মোৰ প্ৰিয় ফুল
সপোন যদিও ভাল নালাগে..
তথাপি গুজি দিব খোজো, সেই ফুল
তোমাৰ দীঘ্লীয়া সেওঁতাত.....
এতিয়া মোৰ বুকুত এহোপা পলাশ ফুলিছে
টিকটিকীয়া..... টিকটিকীয়া.....
bhaal laagise
ReplyDelete