Sunday, March 31, 2013

“অণুঘটনা” ( ক্ষুদ্ৰ গল্প)

ভিৰ ঠেলি ঠেলি জোখতকৈ অকনমান ডাঙৰ ক’লা বেগ চোঁচৰাই চোঁচৰাই যুৱতীগৰাকী কণ্ডাক্টৰ জনে দেখুৱাই দিয়া মতে বাছ খনৰ একেবাৰে পিছলৈ গুছি আহিল | লক্ষ্য মোৰ কাষৰ খালী চিটটো; গুৱাহাটী অভিমুখী বাছখনৰ ঢেকিয়াজুলিলৈকে একমাত্ৰ মোৰ কাষৰ চিটটোহে খালী হৈ আহিছিল | কণ্ডাক্টৰজনে এতিয়া সকাহ পালে, প্ৰয়োজনতকৈ অলপ বেছি জোৰত ধপ ধপাই ড্ৰাইভাৰক নিৰ্দেশ দিলে বাছৰ বেগ বঢ়াবলৈ |

: আপুনি মোক উইণ্ড’ চিটটো দিব নেকি ?? মুৰ তুলি চালো... পিন্ধনত পাতল আকাশী ৰঙৰ চুৰিদাৰেৰে উজ্বল ৰঙৰ যুৱতীগৰাকীক দেখিলেই কম বয়সীয়া বুলি অনুমান কৰিব পাৰি; সেওঁতাৰ ৰঙা ফোঁটটোৱে জনাই দিছে তাই বিবাহিতা | কৌতুহলী মনটোৱে জানিব বিচাৰিলে যুৱতী গৰাকীৰ বিষয়ে, কথা আৰম্ভ কৰিলো আৰু ৰৌতা চাৰি আলি পোৱালৈকে যুৱতী গৰাকীৰ প্ৰায় সকলো কথাই গম পাই গ’লো – ঘৰৰ অমতত সোতৰ বছৰ বয়স-ত নামনি-ৰ ফালৰ ল’ৰা এজনৰ লগত বিয়া হোৱা যুৱতী গৰাকীৰ বয়স এতিয়া ঊন্নৈশ...., মেডিকেল ৰিপ্ৰেজেন্টেটিভ গিৰিয়েকে দুমাহমান আগতে গুৱাহাটীলৈ ট্ৰেন্সফাৰ হোৱা বুলি গুছি আহিছে.... তাৰ পিছত কোনো খবৰ নাই | ফোন কৰিলেও ফোন নুঠাই, সেয়ে আজি অধৈৰ্য হৈ ওলাই আহিছে অচিনাকী গুৱাহাটীলৈ অকলশৰে, হাতত টকা দুশ আৰু দুটা ফোন নাম্বাৰ | বাছখনে লাহে লাহে মোৰ গন্তব্যস্থান পোৱালেহি; মংগলদৈ বাছ আস্থানত বাছ খন ৰোৱাৰ আগতেই মই নিজৰ চিট এৰি উঠি আহিলো | যুৱতীগৰাকী তেতিয়া শুই আছিল নিশ্চিন্তমনে উইণ্ড’ কাষৰ চিটটোত....

সময়ঃ নিশা এঘাৰঃ নৈশ বাতৰিঃ
“০০০০০ মহানগৰীত সন্দেহজনক অৱস্থাত এগৰাকী যুৱতী উদ্ধাৰ...... পল্টন বাজাৰ বাছ আস্থানৰ গাতে লাগি থকা পদ পথত ঘুৰি থকা অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত যুৱতী গৰাকীক পল্টন বাজাৰ থানাই গ্ৰেপ্তাৰ কৰি বৰ্তমানেও সোধ পোচ কৰি আছে....”- তাৰপিছত এটা ভিডিঅ’ ফুটেজ; নিজৰ কাপোৰেৰে মুখ ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰি থকা যুৱতী গৰাকীৰ কাষত তেতিয়াও জোখতকৈ ডাঙৰ ক’লা বেগখন সংগী হৈ আছিল |

Friday, March 1, 2013

অ’ মোৰ উতনুৱা ফাগুন

অ’ মোৰ উতনুৱা ফাগুন
তই নাহিবি আজি
মোৰ কাষলৈ,

চূৰমাৰ নকৰিবি আহি
উদং মুধচ
থুনুকা মোৰ পজাঁঘৰ

আজি আহিব যে তাই
কটাম ওজাগৰী নিশাটি
সংগী হ’ব জোনাক শেষ পহৰৰ......