Thursday, November 28, 2013

প্ৰসংগঃ পথৰুঘাট-২

অফিচিয়েল ডকুমেণ্ট-ত পোৱা অনুসৰি সেই সময়ত পথৰুঘাট অঞ্চলটো ৰইনাকুচি মৌজাৰ অন্তৰ্ভূক্ত আছিল | আৰু বৰ্ধিত কৰৰ বিৰুদ্ধে ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি কৰ নিদিবৰ বাবে ঠায়ে ঠায়ে ‘ৰাইজ মেল’ পাতিছিল আৰু এই মেল সমুহকেই পথৰুঘাট ৰন-ৰ মূল নেতৃত্ব বহনকাৰী বুলিব পাৰি | কাৰন ‘সেই সময়ৰ চৰকাৰী নথিপত্ৰত কোনো বিশেষ নাম উল্লেখ কৰা নাই | তাত কেৱল ‘ডাঙাৰ মানুহ’ শব্দটো ব্যৱহাৰ কৰিছে | কিন্ত মেকবে চাহাবৰ ডায়েৰী আৰু এণ্ডাৰচন চাহাবে অসম উপত্যাকাৰ মুখ্য আয়ুক্ত (Chief commissioner of Districts in Assam Valley)-ৰ লৈ চৰকাৰী ফাইল-ত লিখা টোকাত ‘মনু গাওঁ বুঢ়া’-ৰ নাম উল্লেখ আছে | এখেত পাতি দৰং-ৰ গাওঁবুঢ়া আছিল | তাৰ উপৰিও তহচিলদাৰ- বিজয় চৌধুৰী-ৰ নাম উল্লেখ আছে | অন্য এজন মুখ্য ব্যক্তি আকলু শেখ আৰু তেখেতৰ ছয় গৰাকী সহযোগি-ক দোষী সব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইন-ৰ ১৪৩ আৰু ১৪৭ ধাৰাত গ্ৰেপ্তাৰ কৰিছিল |

সেই সময়ত পশ্চিম দৰং-ৰ একমাত্ৰ আৰক্ষী থানা মংগলদৈ-তে আছিল, এই থানা খন তেজপুৰ সদৰৰ পৰা পৰিচালিত হৈছিল | এণ্ডাৰচন আছিল তেজ্পুৰ থানাত আৰু মিঃ বেৰিংটন আছিল চুপাৰিন্টেণ্ডেণ্ট পশ্চিম দৰং-ৰ, তেখেত সকলৰ নেতৃত্বতেই পাতিদৰং-্লৈ বিদ্ৰোহ ( ৰাইজ মেল) দমন কৰিবলৈ পুলিচ বাহিনী গৈছিল ২৭ জানুৱাৰী ১৮৯৪ চনত | আৰু পথৰুঘাটত থকা পৰিদৰ্শন বাংলো-ত বাহৰ পাতিছিল | কিন্তু পথৰুঘাট অঞ্চলত গৈ গম পাইছিল যে ২৮ জানুৱাৰী-ত এখন ডাঙৰ ৰাইজ মেল হ’ব আৰু তাতেই ৰাইজৰ মুখা মুখি হৈছিল | ৰাইজে বগা চাহাব-ক দেখি তেওঁকেই ওজৰ আপত্তি দৰ্শাইছিল ‘কিজানিবা কৰ কম হয়েই’ | 

পথৰুঘাটৰ পিছৰ ঘটনা প্ৰৱাহে বৃটিছ হাউচ অৱ কমনছ-তো বা সংসদতো আলোচনা হৈছিল- এই ক্ষেত্ৰত আগভাগ লৈছিল- W. Wedburn-য়ে ১৮৯৪ চনৰ এপ্ৰিল মাহত হাউচ অৱ কমনচ-ত প্ৰশ্ন উত্থাপন কৰিছিল | সেই Dr. Rash Vehari Ghosh-য়ে imperial Legislative Council-ত বৃটিছ-ৰ এই কৰ নীতি সম্পৰ্কে ২৯ মাৰ্চ ১৮৯৪ চনত প্ৰশ্ন তোলে আৰু ইয়াৰ পিছতে-ই মহাৰানীৰ নিৰ্দেশ মতে ৰাজহ কৰ ৩২.৭% লৈ আৰু জনমুৰি কৰ ৩০%লৈ হ্ৰাস কৰে |

Tuesday, November 26, 2013

প্ৰসংগঃ পথৰুঘাট-১

পথৰুঘাট-ৰ ৰণ যদিও বৃটিছ-ৰ বিৰুদ্ধে এক সৰ্ববৃহত্‍ গন অভ্যূত্থান আছিল তথাপি ইয়াক ভাৰতীয় স্বাধীনতা আন্দোলন-ৰ অংশ হিচাপে বুৰঞ্জী-ত স্বীকৃতি দিয়া হোৱা নাই বা বিশেষ গুৰুত্ব পোৱা নাই | এই বিদ্ৰোহক স্বাধীনতা আন্দোলনৰ সৈতে সাঙুৰি লোৱাতকৈ ইয়াক শোষন আৰু শাসক-ৰ বিৰূদ্ধে খাটি খোৱা সহজ আৰু স্বাধীনচেতীয়া লোকৰ নিজৰ অধিকাৰৰ বাবে কৰা এক বিক্ষোভ আখ্যা দিব পাৰি | এক কথাত ক’বলৈ গ’লে অসমীয়া জাতীয় জীৱনত অসমীয়া জাতিয়ে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰূদ্ধে, দাস-শোষণৰ বিৰূদ্ধে কৰা দ্বিতীয়টো সৰ্ববৃহত্‍ ‘গন অভ্যুথান’ | প্ৰথমটো গণ অভ্যূত্থান আছিল- আহোম শাসন ব্যৱস্থাৰ বিৰূদ্ধে হোৱা ‘মোৱামৰীয়া’ গণ অভ্যূত্থান |

দুয়োটা বিক্ষোভৰে মাজত এক সামঞ্জস্য আছে- শাসকশ্ৰেণীৰ ভুল আৰ্থ-সামাজিক নীতি | মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰন আছিল- ‘পাইক প্ৰথা’-ৰ জৰিয়তে কৰা প্ৰজাসাধাৰনক শোষণ আৰু পথৰুঘাটৰ ৰণ-ৰো মূল কাৰন আছিল বৃটিছ শাসকৰ জনসাধাৰণ-ক ওপৰত জাপি দিয়া ‘বৰ্ধিত কৰ’ | দুয়োটা বিদ্ৰোহতে প্ৰচলিত আৰ্থ-সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ যোগেদি দাস-শ্ৰম, শোষণ আৰু আচাৰ-ব্যৱহাৰৰ স্বৈৰাচাৰৰ পৰা কৃষক তথা তলৰ খাপৰ লোকসকলে মুক্ত হৈ অধিক স্বাধীনতা লাভ কৰিব বিচাৰিছিল |

Sunday, November 17, 2013

প্ৰসংগঃ ৰাসলীলা বা ৰাসক্ৰীড়া

ৰাসলীলা প্ৰকৃতাৰ্থত প্ৰকৃতি আৰু পুৰুষৰ ৰমন, আত্মা আৰু পৰমাত্মাৰ মিলন তথা ভক্ত আৰু ভগৱানৰ গভীৰ শ্ৰদ্ধা আৰু আলিংগনৰ এক সুন্দৰ নিদৰ্শন | মহৰ্ষী ব্যাসদেৱে ৰচনা কৰা শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধ-ৰ ২৯তম অধ্যায়ৰ পৰা ৩৩তম অধ্যায়লৈ সুদীৰ্ঘ পাঁচটা অধ্যায়ত ভক্তবিহ্বল ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰজধামৰ গোপনাৰী সকলৰ সৈতে কৰা ৰাস কেলী-ক প্ৰেম আৰু ভক্তিমূলক দৰ্শনক শৃংগাৰ ৰসৰ প্ৰয়োগেৰ ‘ৰাস লীলা’ বৰ্ণনা কৰিছে | এই ৰাসলীলা বা ৰাস ক্ৰীড়া-ত ভগৱান শ্ৰীকৃষ্ণ-ই শৰত কালৰ নিৰ্মল আকাশৰ তলত জোনাক নিশা যমুনা নৈ-ৰ বালিত ব্ৰজধামৰ গোপনাৰী সকলৰ সৈতে নৃত্য কৰা বিভিন্ন দৃশ্য বৰ্ণনা কৰিছে | এই ‘ৰাস লীলা’-ৰ বৰ্ণিত পাঁচোটা অধ্যায়কে পিছত মহাপুৰুষ শংকৰদেৱে অসমীয়ালৈ ভাঙনি কৰি ‘দশম’ আৰু কীৰ্তন ঘোষাত “ৰাস-ক্ৰীড়া” নাম দি সন্নিৱিষ্ট কৰিছে |

গীতাত কৈছে যে ভগৱানক ভক্ত-ই যি ভাৱে পাৱলৈ প্ৰাৰ্থনা কৰে, ভগৱানেও ভক্তৰ আগত সেই ৰূপতেই দেখা দিয়ে | ব্ৰজধামৰ গোপনাৰী সকল কৃষ্ণৰ ৰূপ আৰু গুণেৰে ইমানেই সন্মোহিত আৰু অনুৰাগী আছিল যে তেওঁলোকে কৃষ্ণক নিজৰ পতি বা প্ৰেমিকাৰ ৰূপত কল্পনা কৰিছিল | ভগৱানৰূপী শ্ৰীকৃষ্ণ-ই নিজৰ অনুৰাগী গোপনাৰী সকলৰ মনৰ বাঞ্চা পূৰন কৰিছিল এই ৰাস লীলাৰ জৰিয়তে | শাৰদীয় জোনাক নিশা নিৰ্মল আকাশৰ তলত আনিন্দ্য সুন্দৰ কৃষ্ণক অতি ওচৰত পাই গোপ নাৰী সকল উদ্বাউল হৈ পৰিছিল আৰু কৃষ্ণক আলিংগন কৰি পৰম আনন্দ লাভ কৰিছিল | সেই আনন্দতে গোপনাৰী সকলে কৃষ্ণক কেন্দ্ৰ কৰি ঘুৰি ঘুৰি নাচিছিল গাইছিল | গোপ নাৰী সকলৰ এই প্ৰেমত নাছিল কোনো ‘কামনা’ বা ‘লালসা’; দৈহিক তৃপ্তিৰহিত এই কৃষ্ণপ্ৰেম আছিল একান্ত-ই আধ্যাত্মিক | ই এক সাধনা | য’ত আত্মা আৰু পৰমাত্মাৰ মিলন হৈছিল | যাৰবাবে গোপনাৰী সকলোতে কৃষ্ণময় দেখিছিল | প্ৰেমৰ আধ্যত্মিকতা তথা গভীৰতাৰ বাবেই হিন্দু ধৰ্মত এই ৰাস ক্ৰীড়া-ক অতি পৱিত্ৰ বুলি ভাৱে |

‘ৰাস’ শব্দৰ আভিধানিক অর্থ হ’ল ‘মণ্ডলীকৃত নর্তনম’ অর্থাৎ মণ্ডলাকাৰ হৈ ঘূৰি ঘূৰি কৰা নৃত্য। এই নৃত্যত অনেক নর্তকীয়ে মণ্ডলাকৃতিৰে মাজত এজন নর্তক লৈ আমোদজনক অনেক ভঙ্গীৰে বিভিন্ন তালত নৃত্য কৰে | ব্ৰজধামৰ নৰ্তকী সকলেও শ্ৰীকৃষ্ণক মুখ্য নৰ্তক হিচাপে মাজত লৈ মদনোল্লস হৈ নৃত্য কৰিছিল | এইদৰে নৃত্য কৰি তেওঁলোকে শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দৰ্য, স্পৰ্শ আৰু প্ৰেমালাপেৰে মনোবাঞ্ছা পুৰন কৰিছিল | এই ৰাসলীলা শৰত কালৰ জোনাকত হোৱাৰো এটি তাত্ত্বিক বিশ্লেষণ আছে | মানৱ জীৱন হৈছে পঞ্চভূতৰ সমষ্টি, আত্মাই শৰীৰ ত্যগ কৰাৰ লগে মানৱ দেহ পঞ্চভূতত বিলীন হয় বুলি হিন্দু ধৰ্মত বিশ্বাস কৰে | পঞ্চভুতৰ এটা প্ৰধান অংশ হৈছে আকাশ আৰু এই আকাশ হৈছে ভগৱান বিষ্ণুৰ অধীন | বছৰটোৰ ভিতৰত শৰতকালৰ জোনাকী আকাশখনেই আটাইতকৈ নিৰ্মল হৈ থাকে আৰু শৰত কালৰ এই নিৰ্মল আকাশৰ তলতেই ভগৱান বিষ্ণুৰ অন্য এটি ৰূপ শ্ৰীকৃষ্ণ-ই ভক্তৰ মনৰ বাঞ্চা পুৰনৰ বাবে ৰাসলীলা কৰে | শাৰদীয় জোনাকী আকাশখনেও এই সময়ত ৰাস মণ্ডলৰ ৰূপ লয় | যমুনাৰ তীৰত যেনেকৈ কৃষ্ণক মধ্যত লৈ গোপনাৰী সকলে চক্ৰাকাৰে ঘুৰি নাচে ঠিক তেনেকৈয়ে চন্দ্ৰক কেন্দ্ৰ কৰি আকাশত গ্ৰহ নক্ষত্ৰবোৰে ‘ৰাসমণ্ডল’ সৃষ্টি কৰে | আকাশৰ এই অপৰূপ শোভা অকল শাৰদীয় জোনাকত হে দেখিবলৈ পোৱা যায় |
( সহায় লৈ)