Wednesday, August 14, 2013

সাৱধান ! ১৫ আগষ্ট আহি আছে

খণ্ড চিত্ৰ-
সদায় অহাৰ দৰে সন্ধিয়া সময়ত অহা ফোন কলটো; সিমূৰত দেউতাৰ মাত, অন্তত্য প্ৰয়োজনীয় ইটো-সিটো কথা কোৱাৰ পিছত ফোনটো ৰাখিলো | অলপ পিছতে আকৌ ফোনটো বাজি উঠিল, বাইল- স্ক্ৰীন-দেউতা কলিংদেখি আচৰিত হৈ ফোনটো ৰিচিভ কৰিলো-
:
হেল্লো !
:
মই বই পাহৰিছিলো; ১৫ আগষ্ট- দিনা তো ওলাই মেলি নাযাবি |
মই একো নকৈ ফোনটো আকৌ ৰাখিলো, ভাবি নাপালো কিমান প্ৰয়োজনীয় আছিল বাৰু কথাটো যে দ্বিতীয় এবাৰ ফোনটো কৰি লাগিছিল | হয়তো তেওঁৰ দৰে সকলো মাক-দেউতাকৰেই ১৫ আগষ্ট আহিলে একেই চিন্তা আহে, একেই শংকা | স্বাধীন দেশৰ স্বাধীন নাগৰিকৰ আশংকা |

খণ্ড চিত্ৰ-
সহকৰ্মী এজনৰ ফোন আহিল | কৰ্মসুত্ৰে সহকৰ্মীজন নামনি অসমৰ ফালে থাকে, মই থাকো মধ্য অসমত |
:
আছা হে ??
:
এই মাত্ৰ ৰূম পাইছোহি |
:
সেই ফালে বন্ধ হোৱা নাই নেকি ?? এই ফালেতো আজিৰে পৰাই আৰম্ভ হৈছে ; ১৫ আগষ্টলৈ চাগে এই তিনিদিন ফিল্ড ভিজিট নহবই |
১৫ আগষ্ট মানেই অঘোষিত বন্ধ |

খণ্ড চিত্ৰ-
বাইক খন লৈ ওলাই লো টাউন- ফালে, চাৰিওফালে নিশিদ্ৰ তালাচী; এঠাইত ৰখালে এজনে, কৰ্তব্য- খাতিৰতে ইটো-সিটো সুধি যাৱ দিলে | কাষতে দুজন চেঙেলীয়া ৰাদুজনক বাইক- পৰা নমাই এজনে কৈ আছে- “তঁহতে বাৰু বেলেগ কেইদিন নিয়ম নামানাই, এই কেইদিনটো মানিব পাৰ; দুটা উঠা মানা আছে গম নাপাৱ নেকি ? আৰু হেলমেট কিহত পিন্ধে নাজান নেকি হাতত যে ওলোমাই আনিছ ? ১৫ আগষ্টলৈ এইবিলাক নচলিব দেই |”