Monday, July 8, 2013

বৰষুণ এজাক আহিলেই

বৰষুণ এজাক আহিলেই
ডাৱৰ বৰণীয়া হৃদয়খনক উকা কৰি
উলিয়াই আনিম শব্দবোৰক এটি এটিকৈ....
ধুই পখালি নিকা কৰিম আকৌ
দুখৰ ধুলিৰে পোত খাই থকা
মোৰ সোঁৱৰণিৰ দস্তাবেজ,

বৰষুন এজাক আহিলেই তিতিবলৈ এৰি দিম;
ছন্দ হেৰুওৱা হালধীয়া সেই শব্দবোৰক,
তাৰ পিছত আকৌ বুটলি আনিম
বোকা আৰু পানীত আধা পোত খাই থকা
ছন্দ বিহীন শব্দবোৰক,

বৰষুণ এজাক আহিলেই
খেলিম আকৌ শব্দৰ খেল;
ছন্দহীন, বৰণহীন, আবেগ বিহীন এটা নতুন খেল !!