Thursday, March 29, 2012

বুৰন্জ্ঞী

বুৰন্জ্ঞী মানেইটো কিছুমান হেৰুৱাব নোখোজা স্মৃতি
অলপ হাঁহি অলপ কান্দোনৰ অতীত |
বুৰন্জ্ঞী সকলোৰে থাকিব পাৰে
তোমাৰ, মোৰ সকলোৰে...
দেহৰ বাবে দেহ বিক্ৰী কৰা, অথবা
স্বাধীনতাৰ বাবে পৰাধীন হোৱা,
সকলোতে থাকে বুৰন্জ্ঞী

মোৰ মানি বেগটোৰো এটা বুৰন্জ্ঞী আছে
পিতাই পঠিওৱা এমাহীয়া হাত খৰছৰ বুৰন্জ্ঞী
নতুবা জাঁপৰ ফাঁকেৰে আকাশ দেখা
এখন চিঠিৰ বা উৱলিব ধৰা এখন ফটোৰ..

আৰু মোৰ বাথৰূমটোৰ যত মই স্মৃতিবোৰক
মোহাৰি শীতল কৰিব বিচাৰো মোৰ অশান্ত হৃদয়
তাৰো এটা বুৰন্জ্ঞী আছে.....
খিৰিকীখনৰ, বেৰত আঁৰি থোৱা মনালিছাৰ হাঁহিটোত......
সকলোতে আছে বুৰন্জ্ঞী |

মৰহি যোৱা কপৌ পাহিৰ, তলসৰা শেৱালী ফুলটো
নতুবা চিয়াহী বিহীন কলমটোৰো আছে বুৰন্জ্ঞী,
সেইয়া কিবা হেৰুওৱাৰ বুৰন্জ্ঞী

জোনাকতো বুৰন্জ্ঞী থাকিব পাৰে কাৰোবাৰ বাবে ;
আৰু কবিতাত, বৰষুণত, নিসংগতাতো আছে বুৰন্জ্ঞী
সেইয়া কাৰোবাক ভালপোৱাৰ বুৰন্জ্ঞী |

এইযে মই অকলশৰে থাকিব বিচাৰো,
সেয়াইটো বুৰন্জ্ঞীয়েই, তুমি বুজি নোপোৱা বুৰন্জ্ঞী
তোমাক বুজাব খুজিও বুজাব নোৱাৰাৰ বুৰন্জ্ঞী.....

Saturday, March 3, 2012

অসম- ১৮৬৪

ঊনৈশ শতিকাৰ অসমত চাহ খেতিয়কৰ জীৱন আৰু সমসাময়িক অসমীয়া সমাজ সাৱলীল বৰ্ণনা কৰিছে সেই সময়ৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাহ বাগানৰ মেনেজাৰ অস্কাৰ ফ্লেকচে | জাৰ্মান ভদ্ৰলোক ফ্লেকচে অসমৰ সমসাময়িক সমাজ জীৱনৰ ওপৰত আলোকপাত কৰি লিখা জাৰ্মান ভাষাত লিখা এই কিতাপ খন প্ৰথম প্ৰকশ হয় ১৮৭৩ চনত, বাৰ্লিনত | মূল কিতাপ খনৰ অসমীয়া ভাঙনি কৰি উলিয়াই চেলিম এম. আলীয়ে আৰু প্ৰকাশ কৰে- অসম সাহিত্য সভাৰ দ্বিসপ্তিতম বৰপেটাৰোড অধিবেশনৰ প্ৰকাশন সমিতিয়ে |