Friday, January 25, 2013

ৰাষ্ট্ৰপতি-ৰ ভাষণ-ৰ কিয়দাংশ

কাইলৈ আমাৰ দেশে ৬৪তম গণৰাজ্য দিৱস পালন কৰিব | এই গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তত মাননীয় ৰাষ্ট্ৰপতি মহোদয় দেশৰ নাগৰিকক উদ্দেশ্যি ভাষন প্ৰদান কৰে | তেখেতৰ ভাষনটোৰ পৰা এই কথাটো স্পষ্ট হয় যে এই ভাষণটো দেশৰ নাগৰিক প্ৰধানত যুৱক-যুৱতী সকলক হে উদ্দেশ্যি দিয়া যেন লাগিল | তেখেতৰ ভাষনৰ আৰম্ভনীতে কৈছে যে আমাৰ দেশখন যোৱা ছয়টা দশকত যিমান প্ৰগতি কৰিলে সেই প্ৰগতি স্বাধীনতাৰ আগৰ আগৰ ছয় শতিকা যোৰা প্ৰগতিৰ সমসাময়িক | কিন্তু যদিও এই প্ৰগতি উল্লেখযোগ্য তথাপি এই সময়ছোৱাত সামাজিক মূল্যবোধৰ বহু খিনি অৱক্ষ্য় হয় যিটো উদ্বেগজনক |
মূলতঃ অৰ্থনৈতিক প্ৰগতি আৰু সংস্কাৰৰ জয়গান গাই দিয়া এই ভাষণটোত তেখেতে কেইটামান উল্লেখযোগ্য বিষয়-ৰ ওপৰতো মন্তব্য আগবঢ়াই | জনমূৰি আয় বৃদ্ধি হ’লেই যে দেশ এখনৰ উন্নয়ণ নহয় এই কথাটো তেখেতৰ ভাষণ-ত স্পষ্টকৈ ধৰা পৰে | সেয়েহে তেখেতে অৰ্থনৈতিক উন্নয়ণৰ লগতে অন্যান্য দিশ সমুহ যেনেকৈ শিক্ষা, লিংগ বৈষম্য, গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ণ, গ্ৰাম্য স্বাস্থ্যৰ উন্নতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে |
তেখেতৰ মতে আজিৰ সামাজিক তথা ৰাজনৈতিক সময়ত `Youth Outrages'-ৰ বাবে অকল যুৱক সকলকে দায়ী নহয় | ইয়াৰ বাবে আমাৰ সমাজ ব্যৱস্থা | কাৰন খালী পেটত কোনোৱে সপোন দেখিব নোৱাৰে | দৰিদ্ৰতা নিৰ্মূল, নিয়োগৰ সুবিধা তথা সুস্থিৰ সামাজিক ব্যৱস্থাৰে দেশৰ ভৱিষ্যত সুনিশ্চিত হ’ব | দেশৰ বৰ্তমানৰ নিৰ্বাচিত প্ৰতিনিধি সকলক আহ্বান জনাই কয় যে অতিমাত্ৰা দুৰ্নীতিৰ দ্বাৰা কলুষিত হোৱা আজিৰ ভাৰতীয় ৰাজনীতিৰ প্ৰতি নাগৰিকৰ আস্থা হেৰাই গৈছে আৰু প্ৰতিনিধি সকলৰ এতিয়া প্ৰধান কৰ্তব্য হৈছে জনসাধাৰণ-ৰ মাজত সেই আস্থা পুনৰ প্ৰতিস্থা কৰা | নতুন দিল্লীৰ গণ ধৰ্ষণ-ৰ ঘটনাটোৰ আঁত ধৰি তেওঁ কয় যে আমি অকল এটি বহুমূলীয়া জীৱনেই হেৰুৱা নাই লগতে এটি সপোনৰ অপমৃত্যু হৈছে | দেশে প্ৰতিদিনেই এনে বহু সপোন হেৰুৱাব লগা হৈছে তাৰবাবে হোৱা প্ৰতিবাদৰ বাবে অকল যুৱ সমাজ দায়ী কেনেকৈ হ’ব ? ৰাষ্ট্ৰাযন্ত্ৰ-ই জনসাধাৰণক সুৰক্ষা দিব-ই লাগিব | তেতিয়াহে ৰাষ্ট্ৰত ‘গুদ গভাৰ্নেছ’ প্ৰতিষ্ঠা কৰা সম্ভৱ হ’ব |
তেখেতৰ ভাষণ-ত দেশৰ জনসাধাৰণ-ক আহ্বান জনাই যে ‘ যদি যোৱা ছয় দশকত দেশে ছয় শতিকাৰ সমান প্ৰগতি কৰিছে, তেতিয়াহ’লে অহা দহ বছৰত আমাৰ দেশে যোৱা ছয় দশকৰ সমান পৰিৱৰ্তন কৰিব লাগিব আৰু ইয়াৰ বাবে সকলোকে থাকিব লাগিব সেই কৰ্ম স্পৃহা আৰু আস্থা |’

Thursday, January 24, 2013

নৈ হৈ বয়


নৈ হৈ বয়
হৃদয়...
নৈ হৈ পৰে
প্ৰলয়...

থৌকি বাথৌ হৃদয়ত
ঢৌ আৰু ঢৌ.....

প্ৰলয় শেষ হয়
পলস হয় হৃদয়,

পলসুৱা হৃদয় সেউজীয়া হয়
পাখি লগা মন মোৰ উৰণীয়া হয়,