Thursday, September 27, 2012

আপদীয়া পদ্য


(১)
নগঞা ডেকাৰজাই হেনো হাবি ভালপায় |
সেইবাবে দিশপুৰ আহি বনবিভাগেই চায় ||
বানত ভাহে কাজিৰঙা,
গঁড়ৰ তেজেৰে হাবি ৰঙা,
সজ্জনৰ মতে- দুই ম’হৰ যুঁজত বিৰিণাৰ মৰন হয় ||

২)
এসময়ৰ উঠিৰজা-বহিৰজা বোকাখাতৰ গগৈ |
কাজিৰঙাত বন-বিহাৰ কৰি হৈছিল নজৈ-নথৈ ||
ছাত্ৰ কৃষকে ৰাস্তাত বহে,
কাজিৰঙাৰ বাবে আন্দোলন কৰে,
জাপানত বহিয়েই কাজিৰঙাৰ বাবে কান্দে হাঁহিৰাম গগৈ ||
৩)
মহাবাহুৰ বলীয়া বানত মাজুলী হয় থৰক বৰক |
আকাশৰ পৰা খাদ্য দলিয়াই চিঞৰে ধৰক ধৰক ||
মহাচীনে পানী এৰে
লুইতেও মাজুলী নেৰে
বানৰ মাজতে নাম এফাঁকি গাই বোলে ভকত সেৱাহ ধৰক ||


৪)
মংগলদৈৰ কণ ল’ৰা ডাক্তৰৰ বেটা
কলেজত গৈ সি হ’ল ছাত্ৰ নেতা
পঢ়াত নাই ধান্দা
ৰাস্তাত উঠাই চান্দা
অংক মিলাই থাকোতেই কলেজত গ’ল নাম কটা
৫)
কণল’ৰাৰ হেনো বৰ দুখ লাগে এটা নোটবুক |
মবাইলত আৰু কিমান কৰিব সি ফেচবুক ||
মেট্ৰিকৰ ৰিজাল্ট টিপটপ
চৰকাৰে দিয়ে লেপটপ
দুবছৰ পিছত কানত ধৰে সি কেতিয়াও নকৰে ফেচবুক ||


Monday, September 10, 2012

বিদেশী কোন ??

৮৩-ৰ অসম আন্দোলনৰ প্ৰধান উদ্দেশ্য আছিল বিদেশী বহিস্কাৰ কৰা | সেই বিদেশী বহিস্কৰন আন্দোলনৰ বাবে আবেগিক অসমীয়া ৰাইজৰ বহুকেইজনে পুত্ৰ হাৰা হৈছিল | তেজেধোৱা তিৰাশীৰ নেতা সকলেই শেষত ৰাজপাটত বহিছিল আৰু কিছুমান হাবিলৈ গৈছিল | তাৰ পিছত ২৭ টা বছৰত আমি কি পালো ? বহু ঘটনা ঘটিল, বহু পৰিৱৰ্তন আহিল অসমত | কিন্তু তিৰাশীৰ সেই মুখ্য উদ্দেশ্য আজিও আলোচনাতে থাকিল | ৰজা সকল প্ৰজা হ’ল আৰু হাবিলৈ যোৱা সকলৰ যিকেইজন বাছিল তেওঁলোক ঘৰৰ ল’ৰা ঘৰলৈ আহিল আৰু যিকেইজন থাকিল বিদেশত গৈ সেই দেশৰ বিদেশী হৈ এতিয়াও থাকিল | ৮৩-ৰ সময়ৰ বিদেশী চিনাক্তকৰণৰ বাবে যি সময় বা বছৰ ( ১৯৫১ কিছুমানৰ বাবে ১৯৭১) সেই বছৰৰ বাবেই ইমান দিনে বিতৰ্ক চলি থাকিল তথাপি কিন্তু ‘বিদেশী’-ৰ প্ৰকৃত সংগ্যা উলিওৱা সম্ভৱ নহ’ল | অসমত আকৌ বিদেশী বহিস্কাৰ কৰণৰ বাবে জাগৰন এটা আৰম্ভ হৈছে | কিন্তু প্ৰশ্ন এটা মনলৈ আহিছে ? এইবাৰ ‘বিদেশী’ হিচাপে কোন কেইজন মানুহক ধৰা হ’ব বা ইয়াৰ ভিত্তি বছৰ কি হ’ব ?? ৭১-ৰ পিছত অহা সকল-ক ‘বিদেশী’ হিচাপে ধৰা হ’বনে নে এই ভিত্তি বছৰ পিছুৱাই লোৱা হ’ব | কাৰন তিৰাশীৰ সময়ত ভিত্তি বছৰ ধৰি চিনাক্ত কৰা বিদেশী সকলৰ বয়সৰ লগত আৰু ২৭টা বছৰ যোগ দিলে তেওঁলোকক দেখোন বিদেশী বুলি কোৱাই টান হ’ব ?? মোৰ ব্যক্তিগত অনুভৱে এটা কথা কয় যে আকৌ এবাৰ বিদেশী বহিস্কাৰৰ জাগৰন হোৱাটো শুভলক্ষন কিন্তু এই জাগৰণ চিৰস্থায়ী আৰু সঠিক দিশত আগুৱাই নিবলৈ এইটো বিষয় ( বিদেশী সঠিক সংগ্যা) সাম্প্ৰতিক সময়ৰ লগত খাপ খোৱাকৈ নিৰূপন কৰিব লাগে | কাৰণ অসমত বৰ্তমান বহু কেইটা জ্বলন্ত সমস্যা আছে আৰু সময়ে সময়ে এই সমস্যা সমুহক লৈ বিভিন্ন আন্দোলনো হৈ আহিছে | কাইলৈ যদি আকৌ নদী বান্ধ বিষয়টো বা তেনেকুৱা কোনো আন্দোলন আৰম্ভ হয় তেতিয়া এই জাগৰন আকৌ স্তিমিত হৈ যাব নেকি ?? কাৰন যোৱা কেইবছৰ মানৰ পৰা অসমত আন্দোলনৰ নামতো বহুতো ৰাজনীতি হোৱা দেখা গৈছে | গতিকে সময় থাকোতেই আমি সচেতন হোৱা উচিত |

সাহিত্য সভাৰ ভৱিষ্যত

অসমীয়া জাতিৰ বাবে গৌৰৱ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুস্থান এটাক যদি কেইজন মান মানুহৰ বেয়া কামৰ বাবে সমালোচনা কৰি গোটেই অনুস্থানটোকে এলাগী কৰা হয় তেতিয়া দেখোন সেই মানুহ কেইজনক আৰু সুবিধা হে দিয়া হ’ব | সাহিত্য সভা কাৰো ব্যক্তিগত সম্পত্তি নহয় | ই এটা জাতীয় অনুস্থান | এই জাতীয় অনুস্থানটোক কেইজন মান মানুহৰ হাতত এৰি আমি যদি কেৱল দুৰৈৰ পৰা সমালোচনা কৰি যাওঁ তেতিয়া কিন্তু সেই কেইজন মানুহৰ একো লোকচান নহয় |

হ’ব, সমগ্ৰ অসমীয়া জাতিটোৰ | কোনোবাই হয়টো সাহিত্য সভাৰ প্ৰাসংগিকতা নাই বুলি ক’ব পাৰে বা বিকল্প চিন্তা কৰিব পাৰে | কিন্তু সাহিত্য সভাৰ দৰে অনুস্থান এটা নতুনকৈ গঢ় দিয়াটো অসম্ভৱ আৰু তেনেকুৱা কৰিব যোৱা জনো এজন ডাঙৰ ৰাজনীতিবিদেই হ’ব লাগিব সাহিত্যিক নহয় | গতিকে সাহিত্য সভাক সমালোচনা কৰি আতঁৰি থকাতকৈ সেই বেয়া খিনি আতৰাই অনুস্থানটো আগুৱাই লৈ যোৱাটোহে যুক্তিসংগত হ’ব |