Sunday, November 17, 2013

প্ৰসংগঃ ৰাসলীলা বা ৰাসক্ৰীড়া

ৰাসলীলা প্ৰকৃতাৰ্থত প্ৰকৃতি আৰু পুৰুষৰ ৰমন, আত্মা আৰু পৰমাত্মাৰ মিলন তথা ভক্ত আৰু ভগৱানৰ গভীৰ শ্ৰদ্ধা আৰু আলিংগনৰ এক সুন্দৰ নিদৰ্শন | মহৰ্ষী ব্যাসদেৱে ৰচনা কৰা শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধ-ৰ ২৯তম অধ্যায়ৰ পৰা ৩৩তম অধ্যায়লৈ সুদীৰ্ঘ পাঁচটা অধ্যায়ত ভক্তবিহ্বল ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰজধামৰ গোপনাৰী সকলৰ সৈতে কৰা ৰাস কেলী-ক প্ৰেম আৰু ভক্তিমূলক দৰ্শনক শৃংগাৰ ৰসৰ প্ৰয়োগেৰ ‘ৰাস লীলা’ বৰ্ণনা কৰিছে | এই ৰাসলীলা বা ৰাস ক্ৰীড়া-ত ভগৱান শ্ৰীকৃষ্ণ-ই শৰত কালৰ নিৰ্মল আকাশৰ তলত জোনাক নিশা যমুনা নৈ-ৰ বালিত ব্ৰজধামৰ গোপনাৰী সকলৰ সৈতে নৃত্য কৰা বিভিন্ন দৃশ্য বৰ্ণনা কৰিছে | এই ‘ৰাস লীলা’-ৰ বৰ্ণিত পাঁচোটা অধ্যায়কে পিছত মহাপুৰুষ শংকৰদেৱে অসমীয়ালৈ ভাঙনি কৰি ‘দশম’ আৰু কীৰ্তন ঘোষাত “ৰাস-ক্ৰীড়া” নাম দি সন্নিৱিষ্ট কৰিছে |

গীতাত কৈছে যে ভগৱানক ভক্ত-ই যি ভাৱে পাৱলৈ প্ৰাৰ্থনা কৰে, ভগৱানেও ভক্তৰ আগত সেই ৰূপতেই দেখা দিয়ে | ব্ৰজধামৰ গোপনাৰী সকল কৃষ্ণৰ ৰূপ আৰু গুণেৰে ইমানেই সন্মোহিত আৰু অনুৰাগী আছিল যে তেওঁলোকে কৃষ্ণক নিজৰ পতি বা প্ৰেমিকাৰ ৰূপত কল্পনা কৰিছিল | ভগৱানৰূপী শ্ৰীকৃষ্ণ-ই নিজৰ অনুৰাগী গোপনাৰী সকলৰ মনৰ বাঞ্চা পূৰন কৰিছিল এই ৰাস লীলাৰ জৰিয়তে | শাৰদীয় জোনাক নিশা নিৰ্মল আকাশৰ তলত আনিন্দ্য সুন্দৰ কৃষ্ণক অতি ওচৰত পাই গোপ নাৰী সকল উদ্বাউল হৈ পৰিছিল আৰু কৃষ্ণক আলিংগন কৰি পৰম আনন্দ লাভ কৰিছিল | সেই আনন্দতে গোপনাৰী সকলে কৃষ্ণক কেন্দ্ৰ কৰি ঘুৰি ঘুৰি নাচিছিল গাইছিল | গোপ নাৰী সকলৰ এই প্ৰেমত নাছিল কোনো ‘কামনা’ বা ‘লালসা’; দৈহিক তৃপ্তিৰহিত এই কৃষ্ণপ্ৰেম আছিল একান্ত-ই আধ্যাত্মিক | ই এক সাধনা | য’ত আত্মা আৰু পৰমাত্মাৰ মিলন হৈছিল | যাৰবাবে গোপনাৰী সকলোতে কৃষ্ণময় দেখিছিল | প্ৰেমৰ আধ্যত্মিকতা তথা গভীৰতাৰ বাবেই হিন্দু ধৰ্মত এই ৰাস ক্ৰীড়া-ক অতি পৱিত্ৰ বুলি ভাৱে |

‘ৰাস’ শব্দৰ আভিধানিক অর্থ হ’ল ‘মণ্ডলীকৃত নর্তনম’ অর্থাৎ মণ্ডলাকাৰ হৈ ঘূৰি ঘূৰি কৰা নৃত্য। এই নৃত্যত অনেক নর্তকীয়ে মণ্ডলাকৃতিৰে মাজত এজন নর্তক লৈ আমোদজনক অনেক ভঙ্গীৰে বিভিন্ন তালত নৃত্য কৰে | ব্ৰজধামৰ নৰ্তকী সকলেও শ্ৰীকৃষ্ণক মুখ্য নৰ্তক হিচাপে মাজত লৈ মদনোল্লস হৈ নৃত্য কৰিছিল | এইদৰে নৃত্য কৰি তেওঁলোকে শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দৰ্য, স্পৰ্শ আৰু প্ৰেমালাপেৰে মনোবাঞ্ছা পুৰন কৰিছিল | এই ৰাসলীলা শৰত কালৰ জোনাকত হোৱাৰো এটি তাত্ত্বিক বিশ্লেষণ আছে | মানৱ জীৱন হৈছে পঞ্চভূতৰ সমষ্টি, আত্মাই শৰীৰ ত্যগ কৰাৰ লগে মানৱ দেহ পঞ্চভূতত বিলীন হয় বুলি হিন্দু ধৰ্মত বিশ্বাস কৰে | পঞ্চভুতৰ এটা প্ৰধান অংশ হৈছে আকাশ আৰু এই আকাশ হৈছে ভগৱান বিষ্ণুৰ অধীন | বছৰটোৰ ভিতৰত শৰতকালৰ জোনাকী আকাশখনেই আটাইতকৈ নিৰ্মল হৈ থাকে আৰু শৰত কালৰ এই নিৰ্মল আকাশৰ তলতেই ভগৱান বিষ্ণুৰ অন্য এটি ৰূপ শ্ৰীকৃষ্ণ-ই ভক্তৰ মনৰ বাঞ্চা পুৰনৰ বাবে ৰাসলীলা কৰে | শাৰদীয় জোনাকী আকাশখনেও এই সময়ত ৰাস মণ্ডলৰ ৰূপ লয় | যমুনাৰ তীৰত যেনেকৈ কৃষ্ণক মধ্যত লৈ গোপনাৰী সকলে চক্ৰাকাৰে ঘুৰি নাচে ঠিক তেনেকৈয়ে চন্দ্ৰক কেন্দ্ৰ কৰি আকাশত গ্ৰহ নক্ষত্ৰবোৰে ‘ৰাসমণ্ডল’ সৃষ্টি কৰে | আকাশৰ এই অপৰূপ শোভা অকল শাৰদীয় জোনাকত হে দেখিবলৈ পোৱা যায় |
( সহায় লৈ)

No comments:

Post a Comment