Wednesday, February 13, 2013

সন্ধিয়া সাতঃ

প্ৰাইম টাইমঃ
১.
চৰকাৰী বেচৰকাৰী সকলো বাতৰি চেনেল বিলাক এতিয়া ব্যস্ত ৰাইজক সত্য নিষ্ঠ আৰু নিৰপেক্ষ সংবাদ-ৰ সোৱাদ দিয়াৰ অহোপুৰুষাৰ্থ চেষ্টাত ব্ৰতী | আজি পঞ্চায়ত নিৰ্বাচন-ৰ তৃতীয় পৰ্যায়-ৰ নিৰ্বাচন-ৰ ইটো সিটো বাতৰি | আজি অসম জ্বলিছে | ৰাভা হাচং-ত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিছে | চৰকাৰে পাতিবই ইলেক্সন | দুই মহৰ যুজঁত তেৰ গৰাকী নিৰীহৰ মৃত্যু | তেওঁলোকে হয়তো বুজিকেই পোৱা নাপালে স্বায়ত্ব মানে কি ?? এই খবৰটো দিবলৈ বাতৰি চেনেল বিলাকৰ কি যে আয়োজন | আভিনেতা সকলৰ আজি মাতবিলাক ব্ৰজ্বৰ দৰে কঠিন হৈ ওলাইছে আৰু পোহৰ আৰু শব্দৰ কি খেল ! নাটক খন বেচ উপভোগ্য হ’ল !! খবৰটো খবৰ হৈ আহিলে চাগে কাৰোবাৰ ক্ষ্তি হ’ল হয়; সেইবাবেই ইয়াক ৰহন সানিলে | নাটক হৈ ৰাইজৰ ওচৰলৈ আহিল খবৰটো |
২.
দুগৰাকী মাতাল যুৱতীৰ কাহিনী | গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে সুৰাপান কৰি মাতালামি কৰিছে | লগত দুজন যুৱক | ৰাইজ সচেতন হ’ল - পৰিৱেশ বিনষ্ট কৰিছে | পুলিচ আহিল ল’ৰা ছোৱালী কেইটাক লৈ টনা আজোৰা | সচেতক সাংবাদিক বন্ধু সকলো আহিল | আপ্ৰাণ চেষ্টা কেমেৰাত বন্দী কৰিবলৈ সেই দৃশ্য |দোষ এটাই হয়তো সিহঁতে কিয় মদ খাৱ ৰাজপথত | ঘৰৰ ভিতৰত খালে সৱ ঠিকেই আছিল চাগে | ছোৱালী কেইজনীয়ে আপ্ৰাণ চেষ্টা চলাই আছে মুখ ঢাকিবলৈ | বাতৰি পৰিৱেশিকা গৰাকীয়ে সেই কথাটোকেই বাৰে বাৰে উল্লেখ কৰি আছে | কিন্তু সচেতন মহলে এটা কথা পাহৰি গ’ল যে - কেইদিনমান আগতেই জি. এচ ৰোডতো এনে ধৰণেই টনা- অজোৰা চলিছিল | কিন্তু সেই দিনা খন নাছিল পুলিচ, কিন্তু আজিৰ দৃশ্যটোত আছিল পুলিচ প্ৰশাসন | মহিলা পুলিচ নহয় দেই, ইমান ৰাতি মহিলা পুলিচ আহিব | গতিকে পুৰুষ পুলিচেই মহিলা সুৰাপায়ী কেইজনীক টনা-আজোৰা কৰি গাড়ীত বহুৱাই ল’লে | প্ৰাইম টাইম-ত প্ৰাইম নিউজ হিচাপে উলাল খবৰটো মুখ ঢাকিবলৈ চেষ্টা কৰা ছোৱালী কেইজন-ৰ মুখ নেদেখিলেও ওচৰ সম্পৰ্ক থকা বহুতেই চিনিব পাৰিব | এতিয়া মই সকলোকে এটি প্ৰশ্ন কৰিব খোজো- দিল্লীৰ গণ ধৰ্ষণ-ৰ দোষী কেইজনৰ ৰাজহুৱা ফটো বা মুখ এতিয়ালৈকে কোনোবা চেনেল-ত দেখিছে নে ?? তেতিয়াহ’লে আমি এই ঘটনাত জড়িত থকা ছোৱালী কেইজনী-ক কিয় এক্সপ্ৰ’জ কৰিবলৈ ইমান হেতা ওপৰা লগাইছো ??

ওলোটাকৈ ভাৱিলে এই ঘটনাটো জি. এছ ৰ’ড-ৰ কাণ্ডৰ সমানেই গুৰুত্বপূৰ্ন

Saturday, February 9, 2013

প্ৰয়োজনঃ


১.

তেজপুৰত নতুনকৈ ভাড়াঘৰ এটা ল’লো | প্ৰায় দুটা বছৰ কৰ্মসূত্ৰে হোটেলতেই কটাই অৱশেষত ৰূমটো লৈ স্বস্তিৰ নিশ্বাস পেলালো | দুকোঠালীৰ ঘৰটো মোৰ বাবেই ডাঙৰেই তথাপিও প্ৰয়োজন নহলেও লৈ ল’লো | একেটা কেম্পাছতে মোৰ স’তে আৰু তিনিটা পৰিয়াল থাকে ভাড়াতীয়া হিচাপে, তেওঁলোকৰ মই এতিয়া আকৰ্ষণ-ৰ কেন্দ্ৰবিন্দু | ইটো সিটো সুধি থাকে | তাতোকৈ ডাঙৰ বন্ধু এটি দহ বছৰীয়া উত্পতিয়া কিন্তু স্মাৰ্ট ল’ৰা | তাৰ প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি পৰো কেতিয়াবা | এদিনাখন আবেলি সি আহিল মোৰ ৰূমলৈ মই লেপটপ-ত কাম কৰি আছিলো | এফালৰ পৰা টেবুলৰ ওপৰত থকা বস্তু চাই চাই হঠাত্‍ সুধিলেঃ

: ‘তোমাৰ টি ভি নাই !!’

মইয়ো বিশেষ নাভাবি মোৰ জোকাৰিলো |
সি আকৌ সুধিলেঃ ‘ কিয় নাই !!’
এইবাৰ মই আচৰিত হৈ তাৰফালে চাই ক’লোঃ ‘ টিভি কিনা নাই বাবে নাই আকৌ !"
: ‘ তুমি তেতিয়াহ’লে কেনেকৈ থাকিবা | এটা কাম কৰিবা তুমি আমাৰ টি ভি তোকে চাব আহিবা |’ ল’ৰাজনৰ কথা খিনিয়ে ভৱাই তুলিলে | আজিৰ প্ৰজন্ম-ৰ বাবে টি ভিটো কিমান শিপাই গৈছে |

২.

অফিচত এইকেদিন খুউব ব্যস্ততা | বাৰ্ষিক পৰিকল্পনাৰ কাম চলি আছে | খানাপাৰা-ৰ হেড অফিচ-ত আমি পাঁচজন সহকৰ্মী-ৰ সৈতে যুদ্ধকালীন প্ৰস্তুতি | দুদিন পিছত দিল্লী অফিচৰ পৰা মানুহ আহিব প্ৰেজেন্ট কৰিব লাগিব | যুটীয়া সঞ্চালক গৰাকীৰ দুই তিনিদিন টোপনি নোহোৱাকৈ কাম কৰি আছে | আমি তেখেতক বিভিন্ন ভাৱে সহায় কৰি আছো | মানুহ গৰাকী অকলশৰীয়া, দুবছৰ আগতে গিৰিয়েক ঢুকুৱাৰ পিছত এটি বাৰ বছৰীয়া ল’ৰাই একমাত্ৰ সাৰথি | এনেতে এটা ইমেইল আহিল দিল্লীৰ পৰা, মানে আৰু কিছু ফৰমাইছ | গোটেই কেইজনৰে মাথা গৰম হৈ গ’ল | তেখেতে হঠাতে মোলৈ চাই প্ৰশ্ন কৰিলেঃ
- ‘ কমল, তুমি এই চাকৰীটো কিয় কৰি আছা বাৰু ??’
- ‘মানে !!’ মই সুধিলো |
- ‘ মানে, এই পাগল কেইটাৰ লগত তুমিনো কিয় পাগল হৈ আছা | আন্য কিবা এটা বিচাৰা, তোমাৰ বয়স |’ তেখেতে ক’লে |
মই কোনো উত্তৰ নিদিলো কিন্তু হাঁহি সুধিলোঃ ‘ আপুনি কিয় কৰিছে বাৰু !!’
- ‘মই একমাত্ৰ ল’ৰাজনৰ কাৰনেহে চাকৰীটো কৰি আছো | নহ’লে কেতিয়াবাই এৰি দিলো হয় | তাক মানুহ কৰিব পাৰিলেই হ’ল |’

তেখেতৰ কথাষাৰ মোৰ কাণত বহু সময় বাজি থাকিল |

৩.

ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সমিতি-ত যোগদান কৰাৰ পৰা এখন বেলেগ জগতত ঘুৰি ফুৰাৰ সুবিধা পাইছো | সমাজৰ অৱহেলিত আৰু অস্পৃশ্য মানুহ কিছুমান অতি ওচৰৰ পৰা নিৰীক্ষণ কৰাৰ সুবিধা পাইছো | কৰ্মসুত্ৰে উজনিৰ এখন জিলাৰ এগৰাকী পতিতাৰ সৈতে মাজতে কথা পাতিলো | পতিতা গৰাকীয়ে গুৱাহাটিৰ এখন অভিজাত বাৰ-ত থাকি কাম কৰিছিল যদিও জি. এছ ৰ’ডৰ পিছত নিজৰ গুৱাহাটী এৰিলে | এতিয়া তাই নিস্কৰ্মা হৈ আছে নিজৰ ঘৰত | সৰু চহৰখনত বিশেষ সুবিধাও বিচাৰি পোৱা নাই | আমাৰ প্ৰকল্প অফিচলৈ আহোতে মোৰ স’তে তাইৰ বৰ্তমান-ৰ অৱস্থাটোৰ বিষয়ে কৈ আছিল |
হঠাতে তাই ক’লে- ‘ চাৰ মোক এতিয়া ভাড়াতীয়া হাজবেণ্ড-ৰ প্ৰয়োজন, মানুহক দেখুৱাবলৈ’
- ‘তাতকৈ তুমি বিয়া নোহোৱা কিয় ??’- মই ক’লো |
- চাৰ মইতো বেয়া ছোৱালী | জানি শুনি মইনো কিয় তাৰ জীৱনটো ধ্বংস কৰো | তাতকৈ সি নিজৰ মতে থাকিব, যেতিয়াই মন যায় তেতিয়াই গুছি যাৱ মোৰ কাষৰ পৰা, কিন্তু সদ্যহতে মানুহৰ সন্দেহ নহবৰ বাবে তাক মোৰ হাজবেণ্ড বুলি ক’ম আৰু তাৰবাবে সি পইছা পাৱ নহয় |’

মোৰ মুখৰ মাত হেৰাল |