Sunday, August 26, 2012

আহিনাৰ খং

বতাহক সুধিলে কহুৱাই
শৰতৰ বতৰা
উদাসী বতাহে ক’লে-
আহিনাকে সোধাগৈ যোৱা

আজলী আহিনাৰ আজি বৰ খং
বৰজনাক ভদীয়া ককাইলৈ
পদূলীতে আছে যে ৰৈ..

দুবৰি ননদে আহি ক’লে আজলী আহিনাক
পথাৰ সেউজীয়া হ’লেই ভদীয়া ককাই যাবগৈ,
দুখ নকৰিবা নবৌ, দুখ নকৰিবা..
নিয়ৰ ককাইয়ে দেখুৱাই নিবহি বাট
তোমাৰ শৰতৰ কাষলৈ |

নৈপৰীয়া কেঁচা আলিবাটটোৰে আগবাঢ়িবা তুমি
তলসৰা কৃষ্ণচূড়া ফুল গছকি গছকি

তুমি

হেজাৰ বানৰ ঢলে তোলপাৰ লগাই
মোৰ বুকুৰ পথাৰত, তোমাৰ বাবেই...
তুমি মোৰ শাঁওনৰ পথাৰত সিচাঁ
আধি খোৱা চহাৰ হেপাহৰ কঠীয়া,
ভদীয়া বানৰ হেজাৰ ঢলেও মচিব নোৱাৰা
পথৰুৱা আলিবাটিৰ দৰে, তুমি
মোৰ বুকুতো বহুৱাইছা চিনাকি সেই আলিবাট

তোমাৰ দুখত দুখী হবলৈ, তোমাক মোৰ আপোন কৰিবলৈ,
আমি দুয়ো বন্ধা এটি সপোনৰ বাট...
সপোনক বাস্তৱ ৰুপ দি ভৱিষ্যতক বৰ্তমান কৰাৰ
কিছু চেষ্টা.....

মাথোন অলপ সফলতা,
বাকী সকলো বিফলতা.......

Saturday, August 25, 2012

নিশা যিমানেই গভীৰ হয়

নিশা যিমানেই গভীৰ হয়
শব্দবোৰ সিমানেই গধুৰ হয়
গধুৰ শব্দই স্তব্ধ কৰে নিসংগতা
ৰিক্ত হৃদয়ৰ তিক্ত অনুভুতিবোৰ
প্ৰাণ পাই উঠে আকৌ,
বাঢ়ি আহে প্ৰত্যাশা
তোমাৰ বাবে..
জানোচা আকৌ উভতি আহা
চুই চোৱাহি মোৰ দুহাত
আলফুলে সাৱতি ধৰা আবেগত ,
কঁপি উঠে নিলাজ ওঁঠ জুৰি !
ঠিক তেতিয়াই উচপ খাই উঠো
নিজৰেই ঘন উশাহত,


নিশা যিমানেই গভীৰ হয়
শব্দবোৰ সিমানেই গধুৰ হয় |
ডাৱৰ আৰু জোনাকৰ আজি ভীষণ কাজিয়া,
চেগ বুজি নামি আহে বৰষুন বিজুলিৰ সৈতে
জীপাল কৰি তোলে মোৰ শুকান মৌন দুই ওঁঠ,
মোৰ দেহত এতিয়া হেজাৰ বিজুলীৰ তৰংগ
আমোলমোলাই যায় নিৰৱ নিশাটি
তোমাৰ তিতা চুলিৰ চিনাকী সুবাস,
মাতাল হৈ পৰো মই সেই সুবাসত
ঘামৰ বৰষুনত তিতি জুৰুলি জুপুৰি
আজি মোৰ শেতেলি......

ঠিক তেতিয়াই উচপ খাই উঠো
এটা চিনাকি শব্দ,
মই আৰু মোৰ ৰুগ্ন শেতেলি....

( ৰচনাকাল- ২৮-০৯-২০১১, ধেমাজী)




Thursday, August 23, 2012

জীৱনৰ বাট

বাটটো যদিও অচিনাকী
হাতৰ মুঠিত চিনাকি হাত
সেই হাতত বিচাৰি পাওঁ
অচিনাকী বাটৰ চিনাকি সুবাস...

চিনাকি সুবাস লৈ লৈ আগুৱাই যাওঁ
গৈ গৈ বিচাৰি পাওঁ চিনাকি নদীৰ অচিনাকী ঘাট
অচিনাকী ঘাটত বহি বহি চাওঁ চিনাকি জোনাক
হাতৰ মুঠিত চিনাকি হাত

জোনাকৰ মাজতে বহু কথা হয়
ৰূপোৱালী আকাশ ৰঙচুৱা হয়,
অচিনাকী ঘাটলৈ আহে অচিনাকী ঘাটুৱৈ
অচিনাকী ঘাটুৱৈৰ চিনাকী সুৰে
দেখুৱাই দিয়ে আৰু এটা নতুন বাট !

হাতৰ মুঠিৰ হাত খনে কয়..
এয়াইটো সেই চিনাকী বাট
আমি বিচাৰি থকা জীৱনৰ বাট

বিষ্ণু ৰাভা দেৱলৈ এখন মুকলি চিঠি

"বহুপৰ হ’ল বেলিয়ে লাহ দিয়া
ধান কাটি দাৱনীজাক
এতিয়াও
মাজ পথাৰতে ৰৈ আছেঃ
আজি গধুলি
কমৰেড ৰাভা এইবাটে
আহিব উভতি |

চিফুঙৰ সুৰে-সুৰে
ই গাওঁ, সি গাওঁ, সাতোগাওঁ
ৰজনজনাই যাবহি |
কমৰেড ৰাভা আজি গধুলি
উভতি আহিব ||" ( কবিঃ হীৰেন ভট্টাচাৰ্য)


বিষ্ণু ককাইদেঊ,
তোমাৰ সমাধিত বহি বহি তোমালৈ একলম লিখিম বুলি আজি মোৰ কলম থমকি ৰৈছে- ক’ৰ পৰা আৰম্ভ কৰিম ভাবি পোৱা নাই.. চৌদিশে দেখোন কিবা এক মৌনতা | তোমাৰ প্ৰিয় কবি গৰাকীৰ আজি অসুখ.., তোমাৰ মৄত্যু তিথিত লিখিব পৰাকৈ তেখেতৰ কলমৰ শক্তি নাই, দেহৰো | চাৰিওফালে আজি কিবা এক শূন্যতাই বিৰাজ কৰিছে | এইযেন আন্ধাৰে আৱৰিবহি হেঙুলি আকাশ, আন্ধাৰে লৈ আহিব কিছুমান হতাশা.. ৰাতিপুৱালৈ বাৰু কি খবৰে জোকাৰি যায়হি অসমৰ আকাশ | ভাবি ভাবি ভাবি মন আজি ভাৰাক্ৰান্ত ; অকল মোৰেই নে ? হয়তো প্ৰতিজন অসমত থকা অসমীয়াৰে একেতাই প্ৰশ্ন ? সেই একেই শূন্যতা !! আৰু সেই শূন্যতাইয়ে আজি মোক লৈ আনিছে তোমাৰ সমাধিলৈ, একালৰ ডেকাশক্তিৰ প্ৰেৰণাৰ উত্স “ কমৰেড”, প্ৰতিজন অসমীয়াৰ গুৰু “কলা গুৰু” বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিলৈ | কিন্তু কি আচৰিত , ইয়াতো দেখোন সেই একেই শূন্যতা.. মহাবাহুৰ লুইতৰ পাৰত আজি একালৰ সিংহ পুৰুষ, চিৰ তৰুণ, কমৰেড বিষ্ণু ককাইদেউ শুই আছে.. অকলে নিৰৱে.. | মই জানো তুমি সকলো চাই আছা, তোমাৰ সপোনৰ বৰ অসমত কি ঘটি আছে.. তোমাৰ আদৰৰ কৃষ্টিৰ পথাৰ খনত কিমান পৰিৱৰ্তন হ’ল আৰু কিমানজন আহি নপতা ফুকন হ’ল | তুমি চাই আছা.. তুমি আজি নিমাত, নে লুইতৰ দৰেই ভাগৰুৱা.. বধিৰ হৈ গৈছা এই সকলো দেখি দেখি....

বিষ্ণু ককাইদেউ, তোমাৰ সমাধিত বহি বহি আজি তোমালৈ চিঠি লিখিছো... কাৰন তোমাৰ বাবে গান গাবলৈ নাই যে ভূপেনদা.., “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি হ’ল” বুলি চিঞৰিবলৈ নাই আজি বীৰেন্দ্ৰ্কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু তোমাৰ বাবে কবিতা লিখিবলৈ অসমৰ্থ হীৰু দা..., নাই আজি তোমাৰ সেই প্ৰিয় গাওঁ সমুহ, য’ত তুমি সাম্যবাদৰ আখৰা কৰিছিলা | যি কৃষ্টিক আহিলা কৰিয়েই তুমি গাৱে গাৱে সাম্যবাদৰ বাণী বিলাইছিলা অসম আৰু অসমীয়া জাতিটোক একত্ৰিত কৰিব খুজিছিলা, সেই কৃষ্টিয়েই আজি অসম আৰু অসমীয়া জাতিটোক ভাগ ভাগ কৰিলে- বৰ অসমৰ ধাৰণা আজি ৰসাতলে গ’ল | আমি বড়ো, আমি আহোম, আমি ৰাভা, আমি কোঁচ, আমি মিছিং... তাৰ পিছত হে আমি অসমীয়া, বৃহত্তৰ অসমীয়া বহু দূৰৈৰ কথা এতিয়া |

এইবোৰ কথাই চাগে তোমাক আজি নিমাত কৰিলে.. এই সংকটৰ সময়ত কোনে বাৰু গুৰি ধৰিব ডুবিব ধৰা মাজপানীৰ জাহাজখন !! ইয়াৰ বাবে তুমিয়েই জানো উপযুক্ত নহয়... বিষ্ণু ককাইদেউ তুমি উঠা.. তুমি জগাই তোলা আকৌ সেই অসমীয়া সত্ত্বাক, তুমি উঠা.. তুমি আহা, বিষ্ণু ককাইদেউ...

তোমাৰ এজন অনুৰাগী..

নীলা খামৰ চিঠিঃ














                                      
কবিতা যদি বুকুৰ ভাষা হয়
তুমি মোৰ নিলিখা কবিতা
গান যদি মনৰ কথা হয়
তুমি মোৰ দুই ওঁঠতে থাকিবা”

তোমালৈ
মৰমেৰে..
চিঠিখন হাতত পৰিলে চাগৈ দুৰু দুৰু কঁপিব পাৰে তোমাৰ আলসুৱা হিয়া | আশাকৰো তুমি ভয়তে নপঢ়াকৈ পেলাই নিদিয়া মোৰ প্ৰাতঃ যৌৱনৰ আদৰৰ পাতখিলা | তোমাক; অ’ আচলতে তোমাৰ নামটোৱে নাজানো মই, কি নাম দি মাতিম বাৰু তোমাক !! চম্পা, চামেলী, গৌৰী, নয়না নে মাৰ্জিতা ?? মাৰ্জিতা বুলিয়েই মাতিম দিয়া | নামটোৰেও তোমাক খুউব শুৱাব | তোমাৰো নিশ্চয় ভাল লাগিছে এই নামটো ? ( নামটোৱেই মানুহৰ পৰিচয়ৰ যথেষ্ট নহয় বাৰু)

মাৰ্জিতা, তোমাক প্ৰথম ক’ত দেখিছিলো জানা, আহিনৰ এটি নিয়ৰসিক্ত ৰাতিপুৱা | তুমি নৈ ঘাটৰ পৰা আহি আছিলা সমনীয়াৰ সৈতে, ককাঁলৰ ভৰা কলহটোৰে তোমাক বহুত ধুনীয়া লাগিছিল | আঠুলৈকে তিতা মেখেলাৰ সৰপ সৰপ শব্দই তোমালোকৰ যৌৱনোদ্বিপ্ত উচ্ছল হাঁহিৰ খিল খিলনিকো চেৰ পেলাইছিল | লাহে লাহে এজনী এজনীকৈ তোমাক সকলোৱে এৰিছিল, গাঁৱৰ শেষ সীমালৈকে কেৱল তুমি আৰু মই | তুমি দেখুৱাই দিয়া আঘোনা দাইটিৰ ঘৰলৈ মই সোমাই গৈছিলো আৰু লগত লৈ গৈছিলো এটি মিঁচিকীয়া হাঁহি আগতে কাহানীও নোপোৱা এটি হাঁহি | তিনিদিনৰ বাবে অহা অচিনাকী গাৱলৈ তোমাৰ বাবে দুদিন বেছিকৈ আছিলো | লাহে লাহে অচিনাকী গাওঁখনৰ বিষয়ে, তোমাৰ অ’ নহয় তোমালোকৰ ঘৰ খনৰ বিষয়ে বহুখিনিয়েই গম পাইছিলো | কিন্তু মোৰ যাৰ বিষয়ে জানিবলৈ মনটো হাঁহাকাৰ, যাৰ হাঁহিয়ে মোক লৈ যাই সপোনৰ দেশলৈ তেওঁৰ বিষয়ে অলপো গম পোৱা নাছিলো |

গাওঁখনৰ মাজেৰে একাঁ বেকাকৈ গৈ থকা পথটোত ৰাতিপুৱা গধুলী পৰ দিও যানোচা আকৌ এবাৰ মুখামুখী হওঁ তোমাৰ সেই মিঁচিকিয়া হাঁহিৰ | মুখৰ হাঁহিৰ পৰাই বহুতো কথা জানিব পাৰি | ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ভাষাত- কিছুমান হাঁহিত কলিজাৰ ৰং সনা থাকে | তোমাৰ হাঁহিটো কিজানি বিচাৰি পাঁও তোমাৰ কলিজাৰ ৰং |

চতুৰ্থ দিনাখন মই আকৌ গৈছিলো নৈ ঘাটলৈ, আহিনৰ আবেলিৰ মাদকতাই বেলেগ | শিমলু গছৰ ফাঁকেৰে বেলিটোৱে তেতিয়া বিদায়ৰ ক্ষণ গনিছিল | তাতে এই কেইদিনত গাৱঁৰ ৰমেন, ধৰণী, গোৱিন্দ্ৰ, মধুকাই আদি বহুতৰে লগতে চিনাকি হৈছিলো | সিঁহতৰ লগতে খেলিছিলো, দৌৰিছিলো, ফুৰ্তি কৰিছিলো | খেলাৰ মাজতে তোমাক দেখিছিলো প্ৰথম দিনাখনৰ দৰেই তুমি আহিছা, হেলনীয়া বেলিৰ ৰঙচুৱা আভাই তোমাৰ মুখত সেন্দুৰহে যেন চটিয়াই দিছিল | থৰ হৈ থকা অৱস্থাতেই ৰমেনে গাত ঢকিয়াই কৈছিল- “মন খাইছে যদি ক’ মোৰ লগত একেলগে পঢ়ে” | ৰমেনৰ কথাই মনে মনে সকাহ দিছিল যদিও তাৰ চুলিকোচাত হাতফুৰাই আতঁৰি আহিছিলো | মনটোৱে তেতিয়া কৈ আছিল-“ কিবা এটা কৰা” |

ৰাতি বিচনাত পৰি চটফটাই আছিলো কাইলৈতো যাবই লাগিব | শেষত ঠিৰাং কৰিছিলো, তোমাক সকলো কম, এখন এখনকৈ খুলি দিম মোৰ মনৰ দুৱাৰ | অতনুদাৰ ভাষাত-

“ তন্ময়ী তুমি মোৰ কবিতাৰ স্ত্ৰী
মোৰ সকলো স্বপ্ন আৰু স্বপ্নভংগৰ চাবিকাঠী

এতিয়া তোমাৰ
তোমাৰ যাতায়ত আৰু সান্ধ্যভ্ৰমণৰ বাবে মুকলি মোৰ
বুকুৰ পদুলি |”

শেষত.......

মই যেতিয়া ওভতনি বাছত উঠিম তেতিয়াই তোমাৰ হাতত পৰিব এই চিঠিখন | নাজানো চিঠিৰ প্ৰতিক্ৰিয়াই বা কি হয় | তোমাৰো নিশ্চয় মন যাব মোৰ বিষয়ে জানিবলৈ মোৰ যেনেকৈ গৈছিল ( যদিহে তুমি মোক ভালপোৱা !!) তেতিয়া তুমিও মোলৈ লিখিব পাৰা | ভালদৰে বিচাৰিলেই পাই যাৱা মোৰ ঠিকনা-

“ ......ঠিকনাবিহীন মোৰ ঠিকনা
হয়তোবা নিগাজী হব, এতিয়াৰ পৰাই
ভদীয়া পানী মেটেকাৰ দৰে মোৰ হৃদয়ৰ ঠিকনা.....”
আশাৰে....

(বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই "নীলাখামৰ চিঠি" প্ৰতিযোগিতাত ভাগ লৈ এই চিঠি খন লিখিছিলো, আজি পুৰনি বহি খন খুচৰি চাওঁতে এই খন পালো)

নৱবর্ষৰ উল্লাস নে জীৱনৰ সংগ্রাম


নৱবর্ষৰ উল্লাস নে জীৱনৰ সংগ্রাম
জীয়াই থাকিবলৈ জীৱনে কৰা হাহাকাৰ,

পেট্টলৰ মূল্যবৃদ্ধি
নৱবর্ষৰ উপহাৰ
ঠেটুৱৈ লগা জাৰত
খাতি খোৱা চহাই কৰা সংগ্রাম-
তেজ দিম কিন্তু পানী নিদিওঁ

তেজ ???
ত আছে বাৰু সেই তেজ ?
চিৰালফটা উকা পথাৰ খনত, নে
চমৰাজানৰ মথাউৰি পাৰত ।
বেছিমাৰীত এতিয়া সেই তেজ গোট মাৰিছে
তেজৰ চেকুঁৰা মোহাৰি ৰাজপথত পাতিছে নৱবর্ষৰ উৎসৱ ।

ওঠৰশ চৌৰান্নবৈ ( ১৮৯৪), ঊন্নৈশ উন্নাশী ( ১৯৭৯) অথবা তেজে ধোৱা তিৰাশী;
পার্থক্যই বা কত দুই হাজাৰ এঘাৰ,

তেজাল ডেকাৰ তুমুৰুলি দেহ গছকি
গামোছা পিন্ধিছে শান্তি বিচাৰি ।
উন্নতিৰ জখলাত বগাবলৈ গঢ়িছে
দূর্নীতিৰ বিশাল পাহাৰ ।
পাহাৰ ভাঙিবলৈহে লাগে আমাক তেজ
তেজৰ ফাকু খেলিবলৈ নালাগে ডেকা তেজ ।

দেশ থাকিলেহে, মাটি থাকিব
মাটি থাকিলে, ভেটি থাকিব
ভেটি ৰাখিবলৈ, তেজ লাগিব
তেজৰ ফাকু খেলিলেহে অধিকাৰ থাকিব
মাটি, ভেটি আৰু আপোন তেজৰ অধিকাৰ ।।

( ৰচনাকাল- ৩১ ডিচেম্বৰ, ২০১১)

বহাগ বিহু আৰু বিহু গীত সৰ্ম্পকে কিছু চিন্তা


বিহু হৈছে বসন্ত উত্সৱ আৰু প্ৰধানত কৃষিৰ লগত সংম্পৃক্ত/ চহা জীৱনৰ দৈনন্দিন কাৰ্যক প্ৰতিফলিত কৰি উদযাপিত ৰঙালী বিহুটিয়ে অসমীয়া জনজীৱনৰ এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰে/ অতীতৰ গছতলৰ বিহুৱে প্ৰথম অৱস্থাত চহা অসমীয়াৰ মাজত যিমান সমাদৰ লাভ কৰিছিল সেই সমাদৰ কিন্তু তথাকথিত আঢ্যৱন্ত শ্ৰেণীৰ মাজত বহু পিছলৈহে লাভ কৰিবলৈ সক্ষম হৈছিল/ অতীজৰ গছতলৰবিহু যাক আমি চহা  মানুহৰ সংস্কৄতি বুলিব পাৰো, আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত ৰজাঘৰৰ লগতে মানুহৰ চোতালত ঠাই পাইছিল/ বিহুৰ ব্যৱহাৰিকঐতিহ্য বিচাৰ কৰিলে এইকথা পৰিলক্ষিত হয় যে, ই অতীতৰ চহা অসমীয়াৰ মাজৰ পৰা ওলাই আহি এক বিশেষ স্থানত অৱস্থান কৰিছে/ যি স্থানত অতীতৰ বিহুৰ আনন্দ বা সৌন্দৰ্যৰ পৰিৱৰ্তে ঠাই লৈছে কিছুমান নিয়ম-নীতি আৰু প্ৰতিযোগিতাই/ যাৰবাবে বিহুৱে FOLK বা POPULAR CULTURE’-ৰ পৰিৰ্ৱতে এটা  ELITE CULTURE ৰ শাৰীত স্থান পাইছে/ বিহুৰ এই ক্ৰমৱৰ্ধমান উত্থান আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য কৰি উত্তৰ আধুনিক যুগৰ নৱ প্ৰজন্মই বিহুৰ প্ৰতি স্বাভাৱিক আবেগিক টানৰ দ্বাৰা প্ৰভাৱিত হোৱাতকৈ ইয়াৰ অন্তৰালত নিহিত গ্লেমাৰ’-ৰ প্ৰতিহে আকৰ্ষিত হোৱা যেন অনুভৱ হয়/

অসম বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ আবাসস্থলী তথা ভিন্ন সংস্কৃতিৰ মিলনভূমি/ এই সকলোবিলাককে একেলগে অসমীয়া সংস্কৃতিৰ আঁওতাত ধৰা হয়/ ইয়াৰ ভিতৰত বহু সাংস্কৃতিক উপাদানে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত জনপ্ৰিয়তা লাভ কৰি অন্যান্য উপাদানবিলাকৰ ওপৰত আধিপত্য বিস্তাৰ কৰি সেইবিলাকৰ প্ৰচাৰ আৰু প্ৰসাৰত প্ৰাচীৰ হৈ পৰিছিল,যাৰফলত বহু থলুৱা কৃষ্টিয়েই লোপ পাই গৈছে/ কিন্তু পৰিৱৰ্তিত সময়ত আজি সেই  জনগোষ্ঠীয় সংস্কৃতি সমুহৰ কিছুমানে বহুলভাৱে জনপ্ৰিয়তা লাভ কৰিব ধৰিছে, যিটোৱে অদূৰ ভৱিষ্যতে বিহুক অসমৰ জাতীয় ঊত্সৱ হিচাপে প্ৰত্যাহ্বানৰ সন্মুখীন কৰাব পাৰে/ কাৰন এইখন অসমতে যদি অসমীয়া জাতিৰ সংঙ্গা সৰ্ম্পকে বিৰ্তক হব পাৰে, তেন্তে বিহু অসমৰ জাতীয় উত্সৱ সৰ্ম্পকেও যে বিৰ্তক নহ, একেবাৰে নুই কৰিব নোৱাৰি !

Tuesday, August 21, 2012

ফটো


শুভৰাত্রি

নিশাৰ নৈশব্দতাই হাত বাউলি মাতে আপোনজনৰ কাষলৈ...
স্বপ্নাতুৰ হৃদয়ে বিচাৰে অনুৰাগ আপোনজনৰ...
ভাগৰুৱা দুচকুৱে বাট দেখুৱাই মোক সপোনৰ দেশলৈ,
সহবাস কৰিবলৈ ৰৈ থাকে আপোনজন সেই সপোনৰ দেশত ।

শুভৰাত্রি আজিৰ এই দিঠক,
বেলিটোৰ স’তে আহিবা কাইলে
জাকৰুৱা ঘনচিৰিকাই গাবহি প্রভাতী গান ;
অনুৰাগৰ অলসতাত ভাগৰুৱা দুচকু মেলি
আগবাঢ়ি যাম আকৌ হাতে হাত ধৰি

সপোনৰ দেশলৈ...
আপোন জনৰ কাষলৈ ।।

শান্তি

বহুদিন বন্দুকৰ শব্দ শুনা নাই,
শান্তিৰে শুইছে চৰাইজাক....
বন্দুকৰ শব্দত সাৰপোৱা ৰাতিটোৱে
সাৰ পাই আজি সেই চৰাইজাকৰ মাতত

সপোণ বিভ্ৰাত




















এক

ঢিমিক ঢামাক মমৰ পোহৰত
তোমাৰ প্ৰতিচ্ছবি দেখি
কিয় জানো অনুভৱ কৰিছো..
মমৰ শিখাটিৰ দৰেই জ্বলি জ্বলি জ্বলি
আজি শেষ হৈ যাব মোৰ দোভাগ ৰাতিৰ সপোনটি.....

দুই

সপোনটো শেষ হৈয়ো শেষ হব খোজা নাই
থিক মমৰ শিখাটিৰ দৰেই...
কঁপি কঁপি কঁপি যুঁজি আছে বতাহ জাকৰ সৈতে,
এই যেন নুমাই যাব শিখাটি, লগে লগে সপোনটিও...
সপোনৰ লগতে তোমাৰ প্ৰতিচ্ছবিও..
কিয় এনে হৈছে বাৰু !!!!!!!

তিনি

কিয় এনেকুৱা হৈছে...
ভাবি ভাবি ভাবি..
বিচনাত ইকাটি সিকাটি.....
কিয় হয় এনেকুৱা !!!!

চাৰি

ধেত তেৰি...
কাৰেন্ট আহিল তাৰমানে...
মুৰৰ ওপৰত ঘুৰি থকা ফেনখনে কলে...
"বাপু, মোৰ আগত তোমাৰ সেই মমৰ শিখা, কোন কুটা..
ভালে ভালে বন্ধ কৰা তোমাৰ কবিতা,
এঘন্টাৰ কাৰনেহে আহিছো,
শুই থাকা.. শুই থাকা...."

হীৰু দাৰ প্ৰতি শেষ শ্ৰ্দ্ধা.....

কোনে কয় এই কবিৰ একো নাই,
এই কবিৰ হেজাৰ টান,
চুই যায় আজি দুখৰ বোজাৰে কোঙা কৰা,
প্ৰতিজন হৃদয়ৰ পুজাৰীক..
সকলো পুজাৰীৰ উৰ্ধ্বত যাৰ স্থান
মৰুৰ মাজত তেওঁ মৰুদ্যান

কোনে কয় এই কবিৰ একো নাই.....
ফটা কামিজৰো থাকে হেজাৰ দাম
যদিহে ঢাকিব পাৰে
প্ৰেম আৰু বিৰহে দহা কলিজাৰ দাগ

সহস্ৰ দাগ মচি মচি
কবি আজি ক্লান্ত, নিশব্দ, নিস্তধ্ব....
কবি আজি শুইছে.
, বৰষুণ, ভোক আৰু কৃষ্ণচুড়া
সকলো পাহৰিছে...

সহস্ৰ সেমেকা হৃদয়ে সমস্বৰে কৈছে-
কবি অবিহনে আমাৰ একো নাই,
কবি অবিহনে আমাৰ একো নাই

ভূপেন দালৈ...


তুমি গুছি যোৱাৰ বাতৰিত
সেমেকি উঠিল নিজৰাপাৰৰ উত্তাল সন্ধ্যা......
খৰমৰাই উঠিছে তলসৰা শুকান পাত।।
থমকি ৰ'ল লুইতৰ বুকু,
শব্দহীন আজি বতাহ, নিশব্দ কলীয়া ভোমোৰা...
নিসংগ জাৰনি, নিসংগ কহুৱা আৰু চিলঙৰে গধূলি...

হালিছে বিৰিণাৰ আগ, চকুলোৰ ভৰত...।।
আগিয়য়াঠুৰিৰ আঁৰ হৈ,
নিৰৱে চকুলো টুকিলে বেলিটোৱে...
আৰু যে কেতিয়াও নাহে সেই যাযাবৰ
লুইতৰ পাৰলৈ......

কাঁহ পৰি জীণ গ'
চাৰিওফালে মাথোন নিৰৱতা,

তুমি গুছি যোৱাৰ বাতৰিত...

সকলোতে এতিয়া বিষাদৰ বতাহ বলিছে
জৰ্ জৰ্ কৈ সৰিছে চকুলোবোৰ, নিয়ৰ হৈ...।।
কান্দোন হই ওলাইছে বতাহৰ শব্দ,
তৰাই তৰাই নাপাতে কথা
নিৰৱ আকৰী চামেলি জনীও।।
তুমি যে গুছি গ'লা...

বৰষুণ


                                                                   
                                                              
















ধৰ্ষিতা পৃথিৱী, 
মানুহ হ’ল অমানুহ 
কলুষিত মন, নিৰুপায় হিয়া...


আকাশ, তুমি
ধুই দিয়া, সকলো....
তোমাৰ চকুলোৰে
বিষাদৰ............

সপোন

শীতৰ এই সেমেকা সন্ধিয়া
সেমেকিছিল মন সন্ধিয়াটোৰ দৰেই
শৰত আৰু শেৱালী অবিহনে
মন মোৰ যে দুখীয়া,

বৰষুণৰ লগতেই আকৌ আহিল শীত
উৰুঙা মনে প্ৰাণ পালে জুহালত,
নাকত লাগিলেহি পুৰা আলুৰ সুবাহ
শৰতৰ শেৱালীৰ দৰেই.....

অকলশৰীয়া পথাৰ খন
আকৌ চঞ্চল হ’ল,
সুগন্ধি ৰবাবেৰে আমোলমোলাই গ’ল
কাতিৰ শেষৰ ধুলিয়ৰি বতাহ

ৰংমন ককাইৰ দেহত এতিয়া
হেজাৰ হাতীৰ বল,
পুৰঠ কলাফুলত বিৰিঙে
কেঁচা নৰাৰ আছুৰ,
তথাপি নৰয় থমকি ৰূপোৱালী কাচি...

দাই যোৱা ককাই, দাই যোৱা.....
মাঘৰ শেষতে আহিব লখিমী,
পোহৰাৱ তোমাৰ উকা চোতাল
পথাৰ খনৰ দৰেই.....


লখিমী আহিব, মন জুৰাব’, শীতো আতৰিব
বহাগৰ শেষত আকৌ বৰষুন !
সপোন সিচিবি লখিমীৰ সৈতে
পথাৰখন যে তোৰ বুকুৰ আপোন |

( ৰচনাকাল-১২-১১-২০১১, ধেমাজী)

দিচাং মই দেখা নাই

দিচাং মই দেখা নাই

দিচাং মুখলৈও মই যোৱা নাই

আপঙৰ ৰাগীত মতলীয়া

ডেকাটিৰ ঐনিতমো মই শুনা নাই.........

তথাপি মোৰ বুকুতো নিৰৱে বয়...

জোনাকী দিচাঙৰ সেমেকা বতাহ

অনুভৱ কৰো দিচাংমুখৰ সেই ডেকাটিৰ দুখৰ সফুঁৰা

শুনিবলৈ পাওঁ কেতিয়াবা সেই উচুপনি,

দুখন অপূণ হিয়া

পানৈ আৰু জংকী......

কি যে বেদনা !

মই যে নামনিৰ দিচাং নেদেখা প্রেমিক ল'ৰা

দিচাং নৈ মই চাব যাম

জোনাকত বহি আপঙ খাম

জংকী জনীকো বিচাৰি চাম......

দিচাংমুখলৈ এদিন মই সচাঁই যাম.........।

Saturday, August 18, 2012

"অকবিতা"

শামুক এটা আগবাঢ়ি আহিছিল
শামুকীয়া গতিৰে
মোৰ ফালে |

ঠিক যত ঘাঁহনি ডৰা শেষ হৈছিল
তাৰ পৰাই আৰম্ভণী
মোৰ দীঘল পদূলী,

পদূলি মূৰত
সৰা শেৱালী
সুগন্ধি শেৱালীৰ সুবাস লৈ
তাই এখন্তেক জিৰাইছিল,

খোলাটোৰ বাহিৰলৈ মূৰ উলিয়াই
জুমি চাইছিল পদূলিলৈ
আৰু কিমান দুৰ ?
মোৰ পৰা তাইলৈ,

তাই সোমাই আহিছিল
শামুকীয়া গতিৰে
মোৰ পদুলিৰে
মোৰ কাষলৈ,

এইবাৰ তাই ৰৈছিল
এটা বৰ্গক্ষেত্ৰৰ
সোমাঁজত;
চাৰিটা চুকত, চাৰিডাল দণ্ড
আকাশলৈ উলম্ব,

তাৰে এডাল দণ্ডত চুচৰি চুচৰি
তাই উঠি আহিছিল
মোৰ ফালে,

এবাৰ পিছলে,
আকৌ উঠে
এনে বহু উঠা-নমাৰ শেষত
তাই আহি মোৰ বুকু পালেহি !

দুইখন বুকুৰ
উশাহ ঘন....
বৈ আহে তললৈ
উশাহ ঘন বুকুৰ পৰা ঘাম
শামুকীয়া গতিৰে...

বহু খলা-বমা
ঘামেৰে উপচে
এসময়ত বুকু নিতাল মাৰে;

সিথিল দুই বুকুৰ ফাঁকেৰে
এছাটি বতাহ বলে.....

শামুক এটা আহি আছিল
শামুকীয়া গতিৰে ||