Thursday, March 20, 2014

চুটিগল্প- “আৱৰণ”

শনিবাৰ | সপ্তাহটোৰ শেষৰ দিনটো | ৰাতিপুৱাই ডাৱৰীয়া বতৰটো দেখি মহীধৰৰ মেজাজ গৰম হৈ গ’ল | জেঠ মাহ | ৰ’দ বুলিলেই হাড়লৈকে পুৰি নিয়া ৰ’দ আৰু বৰষুণ বুলিলে একেবাৰে ‘অখণ্ড ভাগৱত পাঠ’ | মুখৰ ভিতৰতে ভোৰ্‍ভোৰাই বাৰাণ্ডাতে বহি আছে তেওঁ | ভিতৰত ঘৈণীয়েক মালতীয়ে ইটো সিটো কৰি আছে | ৰাতিপুৱা | দিনটোৰ আৰম্ভণি | তেওঁ ওলাই নোযোৱালৈকে মালতীৰ আজৰি নাই | ভাত পানী ৰান্ধি দিয়াৰ পৰা আৰম্ভ কৰি একেবাৰে খনীয়া তামোলৰ টোপোলাটোলৈকে সকলো সাজু কৰি দিয়ে তাই | দিনটোৰ বাবে ওলাই যোৱা মানুহজনৰ বাবে এইখিনি কাম কৰিবলৈ তাই আমনিও নাপায় | শনিবাৰে অলপ বেলেগ হয় | সাপ্তাহিক বজাৰৰ দিন | সপ্তাহটোৰ বাবে একেদিনাই বজাৰ কৰি লয় বাবে লাগতীয়াল বস্তুৰ লিষ্ট এখনো বনাৱ লাগে সেইদিনাখন | ভেন্সাৰ স্কুলৰ মাষ্টৰৰ ঘৈণীয়েক মালতীয়ে যিমান পাৰি টানি টুনি চলিব শিকিছে দুয়োজনে |

: “হেৰা, ভাত আজি সোনকালে দিয়াহে; স্কুল বহাৰ আগতেই বজাৰখিনি কৰিব পাৰিলে ভাল আছিল |”- ঘৈণীয়েকক উদ্দেশ্যি ক’লে মহীধৰে |

মহীধৰ মানে মহী মাষ্টৰৰ পৰিয়াল বুলিবলৈ দুজনহে | বিয়া কৰোৱা তিনি বছৰমানেই হ’ল যদিও তৃতীয় এজনৰ কথা এতিয়াও ভবা নাই | স্কুলখন হোৱালৈ বাট চাই আছে | টিউচন কৰি পোৱা টকা কেইটাৰে দুটা পেটৰেই টনা টনি | গতিকে বাট চাইছে কেইদিনমান | বয়সো বেছি হোৱা নাই; লগৰ বহুতে এতিয়াও বিয়াই পতা নাই | গতিকে চলি আছে এনেকৈয়ে | কেতিয়াবা বেয়া নলগা নহয় অকলশৰীয়া মনুহজনীৰ কথা ভাবি | নিজেতো ৰাতিপুৱাই ওলাই যায়েই, সন্ধিয়াহে উভতি আহে; বেচেৰী মানুহজনীহে দিনৰ দিনৰ দিনটো অকলে থাকিব লাগে ঘৰখনত, কথা এষাৰ ক’বলৈকো কোনো নাই | তথাপি একো নকয়, বুজন ছোৱালী, কথাটো ভাবিয়েই মহীধৰৰ মৰম লাগি গ’ল মানুহজনীলৈ |

: “ভাত দিছো, খাওঁকহি |”- ঘৈণীয়েকে ভিতৰৰ পৰাই মাত দিলে |

ভাত খাই উঠি যাৱলৈ ওলোৱা মাষ্টৰৰ হাতত ঘৈণীয়েকে এখন সৰু গুজি দিলে | লিষ্টখন হাতত লৈ মহীধৰে বস্তুবোৰৰ দামৰ এটা থূলমুল হিচাপ কৰিলে | বাকীৰ দোকানখনতো বহুত বাকী হৈছে | পাৰিলে এই মাহত অলপ দিব লাগিছিল | বপুৰাৰ যিহে চাৱনি বস্তুৰ কথা ক’বলৈকে লাজ লাগি যায় | মহী মাষ্টৰে মনতে ভাবিলে | সেয়েহে যোৱা দুটা সপ্তাহ তাৰ ওচৰলৈ যোৱাই নাছিল | কিন্তু নগ’লে কি হ’ব ? স্কুললৈ যাওঁতে সদায় তাৰ দোকানৰ আগেদিয়েই যাব লাগে |

: “এহ ছাৰ্টটোৰ পিঠিৰ ফালে ফাটিছে দেখোন |”

বাৰাণ্ডাৰ খুটাতে ওলোমাই থোৱা সৰু আৰ্চী খনৰ সন্মুখত মুৰ ফণিয়াই থকা মহীধৰলৈ চাই ঘৈণিয়েকে ক’লে | মহীধৰে ঘৈণিয়েকৰ মুখলৈ ঘুৰি চালে; যেন একোৱেই হোৱা নাই | কথাটো তেওঁ মন নকৰা নহয়, কালি ছাৰ্টটো খোলোতেই পিঠিৰ ফালে ফিচিকি গৈছিল | এবছৰেই হ’ল ছাৰ্টটোৰ; প্ৰতি দেওবাৰে বৰ যতনেৰে তাই ধুই দিয়ে সপ্তাহটোৰ বাবে | কাপোৰটো ভালেই আছিল কিন্তু ঘামেহে আয়ুস টুটাইছে | মহিধৰে তাইৰ ফালে চাই এটি হাঁহি মাৰিলে | এটা দুৰ্বল হাঁহি | দুয়োজনেই জানে নিজৰ অৱস্থাৰ কথা |

: “চাওঁ খুলি দিয়ক, চিলাই দিওঁ”

যাবলৈ ধৰা মাষ্টৰ থমকি ৰ’ল | ফটাখিনি সহজতে ধৰা নপৰে তথাপি ঘৈণীয়েকৰ আবদাৰত ছাৰ্টটো খুলি দিলে | হাতত বেজী-সূতা লৈ মাষ্টৰণী বহি ল’লে, মাষ্টৰো | নিপূণ হাতেৰে জোৰা লগাই গ’ল ফটাখিনি অভিজ্ঞ মালতীয়ে | অভাৱী সংসাৰখনৰ দৰেই | দুয়োজনেই জানে নিজৰ অৱস্থাৰ কথা |

: “অহা মাহত পাৰিলে এটা নতুন চাৰ্ট কিনিব লাগিব !”

ঘৈণীয়েকে কওঁ নকওঁকৈ মহীধৰক কথাটো ক’লে | ঘৈণীয়েক আৰু মহীধৰ দুয়োজনেই জানে অভাৱী সংসাৰ খনত আৰু কিমান বস্তুৰ প্ৰয়োজন |

: “সদ্যহতে আমাক এটা ছাতিৰহে প্ৰয়োজন |”

মহীধৰে গোমোঠা আকাশখনলৈ চাই চাই ক’লে | সঁচাকৈ এতিয়াই যদি বৰষুন দিয়ে মহীধৰৰ আৰু বজাৰ যোৱাই টান হ’ব | নগ’লেই নহয়, গতিকে তিতিবই লাগিব | কথাটো ভাবি মালতীয়ে উচাট মাৰি ভিতৰলৈ সোমাই গ’ল | মহীধৰে ভেবা লাগি চাই থাকিল তাই যোৱাৰ ফালে | অলপ সময়ৰ পিছত উভতি আহি মহীধৰৰ হাতত টকা দুশ গুজি দিলে |

: “যোৱা সপ্তাহতে পোহনীয়া হাঁহ এজনী বেচি দুশ টকা পাইছিলো | পাৰিলে ভাল চাই ছাতি এটা কিনি ল’ব | বাৰিষা আহিলেই নহয়, বৰষুনত ওলোৱা সোমোৱা কৰাই দিগদাৰ হ’ব |”

মহী মাষ্টৰে হা না একো ক’ব নোৱাৰি মুখ মেলি চাই থাকিল | তেওঁ জানে হাঁহ কেইজনীৰ বাবে কিমান কষ্ট কৰিছিল তাই | চুবুৰীয়াৰ পৰা কিমান বাৰ গালি শুনিব লগীয়া হৈছিল তেওঁ জানে | তথাপি অকলশৰীয়া সংসাৰ খনত হাঁহ কেইজনীয়ে লগৰীয়া তাইৰ বাবে, বৰ মৰমৰ |

জেঠ মহীয়া বজাৰ | পথাৰত বিশেষ কামৰ ভিৰ নোহোৱাত বজাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই ভিৰ হয় | মাষ্টৰে যদিও স্কুললৈ যোৱাৰ আগতেই বজাৰ কৰিব খুজিছিল ঘৰৰ পৰা ওলাওঁতেই দেৰী হৈ গ’ল | গতিকে প্ৰথম পিৰিয়ডটো কৰিহে বজাৰলৈ আহিল | স্কুলখনৰ গাতে লাগি আছে সাপ্তাহিক বজাৰখন | মাজতে এখন সৰু মৰানৈ | খৰালি মাহত পানী শুকাই থাকে, বাৰিষা বৰষুনৰ পানীৰেহে ভৰ্তি হয় | স্কুলৰ কাষতে এখন সৰু বাঁহৰ দলং, ইপাৰ সিপাৰ হ’বলৈ | ভিৰ ফালি ফালি মহী মাষ্টৰ বজাৰলৈ সোমাই গ’ল | প্ৰয়োজনীয় বস্তুবোৰ কিনি একেবাৰে শেষত ছাতিৰ দোকানী এজনৰ কাষত থিয় হ’ল | লিৰিকি বিদাৰি চাই চাই মাষ্টৰে এটা ছাতি পছন্দ কৰিলে | মহেন্দ্ৰ দত্তৰ ছাতি |

: “এইটোৱে লওঁক, ধুনীয়া লাগিব | এই ছাতিৰ তলত একদম ৰজা যোৱাৰ দৰে যাৱ পাৰিব | একোৱে ঢুকি নাপায়”- দোকানীজনে কলে |

মাষ্টৰে এবাৰ ছাতিটো খুলি মুৰৰ ওপৰত লৈ চালে | হয় দেই দোকানীজনৰ কথা সঁচা যেন লাগিল তেওঁৰ | এশ আশী টকাত বন্দোৱস্ত কৰি ছাতিটো কিনি ল’লে | মাষ্টৰৰ মনটো ভাল লাগি গ’ল | ছাতিটো হাতত লৈ তেওঁ আকাশখনলৈ চালে | ডাৱৰ এতিয়া নাই, আকাশখন মুকলি হৈছে | ৰ’দটোহে চোকা হৈ আহিছে | কিয় জানো মাষ্টৰৰ আজি ৰ’দটো বৰ অসহনীয় লাগি গ’ল | তেওঁ ছাতিটো মুৰৰ ওপৰত মেলি ধৰিলে | সঁচাকৈ মাষ্টৰৰ মনটো পুলকিত হৈ উঠিল | নিজকে ৰজা যেন অনুভৱ হ’ল মাষ্টৰৰ | এতিয়া তেওঁক একোৱেই ঢুকি নাপায় | তেখেতে পিঠিৰ চিলাইটো এবাৰ হাতেৰে চুই চালে | আটোমটোকাৰীকৈ চিলাই দিছে ঘৈণীয়েকে | তথাপি ওচৰৰ পৰা ধৰিব পাৰি | মাষ্টৰে ছাতিটো পিঠিৰফালে অলপ বেঁকা কৰি ল’লে | মাষ্টৰ এতিয়া নিৰাপদ, সকলোফালৰ পৰা...., ৰ’দ, বৰষুণ, কেঞা গোলাৰ চাৱনি... | মাষ্টৰে বীৰদৰ্পে বজাৰৰ পৰা ওলাই আহিল | ঽঽঽ