Thursday, May 18, 2023

তেজপুৰ ইউনিভাৰচিটিৰ কেইটামান স্নেপশ্চট

আসঃ..................
সেই দিনবোৰ যদি আকৌ উভতি আহিল হয়
এনে এটা মুহূর্ত নাছিল য'ত তুমি নাছিলা ।
এতিয়াও থাকা তুমি মোৰ বুকুৰ মাজত,
কিন্তু তথাপি কিয় বুকুখনে হাহাকাৰ কৰি উঠে,

মই যেতিয়া মোৰ হাত খনলৈ চাওঁ....
তুমিহীনতাৰ বেদনাই উদাস কৰে সন্ধিয়াবোৰ,
তোমাৰ হাত খন যে নাথাকে মোৰ হাতৰ মুঠিত।
আইনাৰ সন্মুখত যেতিয়া থিয় দিওঁ, মনত পৰে তেতিয়া
তুমি যে কোৱা- “ মই তোমাৰ চুলি কেইদাল ফনিয়াই দিম দেই সৰু ল'ৰাৰ দৰে”


গাড়ীত বহিলে খিৰীকি কাষতে বহু আজিকালি...
তুমি আহিলে আকৌ খিৰীকি খন এৰি দিম দেই...
তেতিয়া মই খিৰীকিৰে আকাশ চোৱাৰ প্রয়োজন নাই,
প্রিয় আকাশ মোৰ সহযাত্রী হ'ব ।


‘এমেনিটি’-ৰ ঘূৰণীয়া টেবুল খন এতিয়া খালি, আমাৰ বাহিৰেনো আৰু কোন বহিব...
আমি যে ভাবিছিলো-
“মানুহে কি ক’ব,অকলে ঘুৰি ফুৰিলে...
ইয়াতেই ভাল লাগে সকলোৰে লগত কথা পাতিব পাৰি...”


তেজপুৰ টাউনৰ সন্ধিয়া...
চ'ক বজাৰ, ৰাজ চাইনীজ-ৰ সেই শিৱসাগৰৰ ল'ৰাটো......
মেচ-ৰ বজাৰ, আৰু যে লাফিং বুদ্ধৰ হাঁহিটো,
সকলো দেখোন এতিয়াও সজীৱ হৈয়ে আছে...


কৰবাত কহুৱা ফুল দেখিলেই তোমালৈ মনত পৰে
ইউনিভাৰচিটিত কহুৱা ফুলা বতৰত আমি যে ঘুৰিছিলো,
মনত পৰেনে তোমাৰ
শিমলু ফুলৰ ৰঙা ৰংবোৰ, কমোৱা তুলা বিলাক যে আমি জপিয়াই জপিয়াই ধৰিছিলো,


লাইব্রেৰী চাৰি আলিটোত......
মোৰ খিৰীকি খনৰ কাষত এতিয়া কৃষ্ণচূড়া নুফুলে...
তোমাক চিঠিত লিখিবলৈ,
এতিয়া কৃষ্ণচূড়া ফুলা দেখিলেই মনত পৰে তোমালই,
শূ্ন্য পথটোৰে তুমি খোজ কাঢ়ি আহিবা...
এই যেন মই যাম লুংলুঙীয়া বাটতোৰে, এমেনিতিৰ সন্মুখত আমি লগ হ'ম,
কফি খাম, তুমি টোপোলা বান্ধি অনা কাজু বাদাম খাম ।


মই যেতিয়া বৰষুণত তিতো, মনত পৰে সেই দিনটোলৈ,
কেম্পাছৰ বাহিৰত ফুৰিব যাওঁতে যে আমি তিতি জুৰুলি জুপুৰী হৈছিলো,
সেইদিনা খন মোৰ বৰ দুখ লাগিছিল,
মইহে তোমাক জোৰ কৰিছিলো ফুৰিবলৈ


ৰ’দত খোজ কাঢ়িলে, মই তোমাক বহুত আমনি কৰিছিলো,
তুমি যিমানেই মোৰ ছাঁটো গছকিৱ নুখুজিছিলা,
মই সিমানেই তোমাৰ আগত থিয় দিছিলো,
খুউব ভাল লাগিছিল তেতিয়া, তোমাৰ ৰঙা পৰা মুখ খন দেখি...
এতিয়া বহুত দুখ লাগে মোৰ, অকলশৰীয়া ছাঁ টো দেখিলে...
তুমি যে কাষত নাই...


এতিয়া...
তুমিহীনতাৰ বেদনাই আমনি কৰি থাকে মোক,
সকলো কথাই মনত ভাঁহি আহে
তুমি কোৱা নাইবা মই ভবা সকলো;
চকু মুদিলেই অনুভৱ কৰো, তোমাৰ মুখৰ তপত উশাহ...
তুমি যেন ফুঁৱাই আছা,
তুমি যেন ফুঁৱাই আছা,






(তেজপুৰ ইউনিভাৰচিটিৰ কেইটামান স্নেপশ্চট)

Sunday, July 12, 2015

মোৰ পৃথিৱী

বিশ্বৰ পৰা গলি গলি
বৃত্ত হৈছে মোৰ আপোন পৃথিৱী;
শূন্য হ’ব দিয়া নাই এতিয়াও..
শূণ্যৰ পৰা আৰম্ভ কৰা জীৱনে এদিন
গঢ়িছিল হৃদয়ৰ বিশাল পৰিধী........

সংকুচিত পৰিধীয়ে আজিও
গঢ়িছে এখন পৃথিৱী

শূণ্যৰ নহয় বৃত্তৰ পৃথিৱী.........

Saturday, October 25, 2014

কৈলাশ সত্যাৰ্থী, শান্তিৰ ন’বেল আৰু ভ্ৰাম্যমান থিয়েটাৰৰ সেই কণমানি কেইজনী……..

শান্তিৰ নবেল বঁটা পোৱাৰ পিছত কৈলাশ সত্যাৰ্থী-ৰ প্ৰথম প্ৰতিক্ৰিয়াত এটা কথা কৈছিল যে ভাৰতবৰ্ষৰ বৰ্তমানে শিশু অধিকাৰৰ হকে কাম কৰি থকা প্ৰতিজনৰে কৰ্মই বিশ্বত এক স্বীকৃতি লাভ কৰিলে | কথাটো একেবাৰেই সঁচা সত্যাৰ্থীৰ দৰে এনে বহু নিৰৱ কৰ্মী আছে যাৰ কৰ্ম-ই ভাৰতবৰ্ষ-ৰ দৰে জনবহুল সমাজ এখনত সাঁচ বহুৱাব পৰা নাই | কাৰন আমাৰ সমাজত সততেই চকুত নপৰা আৰু সংবাদ প্ৰতিষ্ঠান সমুহে কোনো মচলা বিচাৰি নোপোৱা নিস্পাপ শিশু সকলৰ হকে কাম কৰে এওঁলোকে | যাৰবাবে আমি হয়তো বহুতেই নৱেল বঁটাৰ নিৰ্বাচিত হোৱাৰ পিছত এটা প্ৰশ্ন বোধক আহিছিল- কোন এই কৈলাশ সত্যাৰ্থী | শিশুৰ অধিকাৰৰ হকে কাম কৰা এই মহান ব্যক্তি গৰাকীৰ এয়া এক উচিত স্বীকৃতি | কিন্তু..... ইয়াৰ পিছত কি হ’ব ? আমাৰ দেশ, সমাজ বা ৰাজ্য খনে বাৰু এই শিশুৰ অধিকাৰ সম্পৰ্কত কিমান সচেতন ? জ্ঞাত-অজ্ঞাতেই আমি প্ৰতিজনেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৰিহনা যোগাই আহিছো শিশুৰ অধিকাৰ ভংগ কৰা কিছুমান কাম | এই বিষয়তো আজিৰ সমাজখনে ভাৱিবৰ হ’ল |

শিশু সকলৰো কিছুমান অধিকাৰ আছে; কিন্তু অধিকাৰ সমুহ তেওঁলোকে নিজে সাব্যস্ত কৰিব নোৱাৰে তেওঁলোকক এই অধিকাৰ সমুহ পাৱলৈ আমি ডাঙৰ সকলেই সহায় তথা সুবিধা কৰি দিব লাগে | তাৰবাবে আমি ডাঙৰ সকলেই ইয়াৰ বাবে সদা সচেতন হৈ থকা প্ৰয়োজন | United Nations Conventions on Child Right (UNCCR) নিৰ্ধাৰিত কৰা শিশুৰ অধিকাৰ সমুহক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰা হয়-

ক) জীয়াই থকাৰ অধিকাৰ (Right to Survival)

খ) বিকাশৰ অধিকাৰ (Right to Development)

গ) সুৰক্ষাৰ অধিকাৰ (Right to Protection)

ঘ) অংশগ্ৰহণৰ অধিকাৰ (Right to Participation)

বহলভাৱে ভাগ কৰি লোৱা এই অধিকাৰ সমুহৰ ভিতৰতে সামৰি লোৱা হৈছে শিশু এটাৰ স্বাস্থ্য, শিক্ষা, দৈহিক বিকাশ হ’ব পৰা সকলো দিশ | এই দিশ সমুহৰ উপয়ুক্ত পৰিৱেশ, পৰিস্থিতি আৰু সুবিধা সমুহ প্ৰদান কৰাটো পিতৃ-মাতৃ, পৰিয়াল, সমাজ, ৰাইজ তথা চৰকাৰৰ প্ৰধান কৰ্তব্য | এই অধিকাৰ সমুহ সুনিশ্চিত কৰিবলৈকে চৰকাৰ তথা ভাৰতীয় সংবিধানে বিভিন্ন কাৰ্যপন্থা তথা আইন প্ৰনয়ণ কৰিছে | শিক্ষাৰ অধিকাৰ আইন, শিশু শ্ৰমিক বিৰোধী আইন, মা-মনি, মাজনী-ৰ বিভিন্ন স্বাস্থ্য বিষয়ক আঁচনি-ৰ মূল লক্ষ্য-ই হৈছে- শিশু অধিকাৰ সমুহ সুনিশ্চিত কৰা | এই ক্ষেত্ৰত চৰকাৰে বহুখিনি কৰিছে বুলি ভাবো | কিন্তু আমাৰ সমাজখনে বাৰু এই বিষয়ত কিমান অৱদান আগবঢ়াইছে ?? এই আঁচনি সমুহৰ সফল ৰূপায়ণৰ বাবে ৰাইজৰ সহযোগিতাও যথেষ্ট পৰিমানে প্ৰয়োজনীয় |

এতিয়া উত্সৱৰ সময় ? দুৰ্গা পূজা পাৰ হ’ল; দীপাৱলী আহিল; আহিব ৰাস মহোত্সৱ | সমান্তৰালভাৱে চলিব ধৰিছে ভ্ৰাম্যমান থিয়েটাৰ আৰু সাংস্কৃতিক অনুষ্ঠান সমুহ | এই থিয়েটাৰ আৰু সাংস্কৃতিক অনুষ্ঠান সমুহত জড়িত থকা সেই শিশু শিল্পী (Professional Child Artist খিনিৰ কথা হে কোৱা হৈছে) ৰ অভিভাৱক সকললৈ এটি মুকলি প্ৰশ্ন- তেওঁলোকৰ ফুল কুমলীয়া শিশুটোৱে বাৰু নিজৰ ইচ্ছামতেই ৰাতি দুপৰলৈ থিয়েটাৰ বা মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থাকে নে ? তেওঁলোকে থিয়েটাৰত নাটক কৰিবলৈ নিজৰ ইচ্ছামতেই গোটেই বছৰটোৰ বাবে চুক্তিৱদ্ধ হয় নে ? তেওঁলোকে গোটেই বছৰটো নাটক কৰি ঘুৰি ফুৰোতে ‘শিশু’ হিচাপে পাৱলগীয়া অধিকাৰ সমুহ উপভোগ কৰে নে ? আমি বাৰু সকলোৱে নিজৰ আমোদৰ বাবে সেই শিশু সকলক ব্যৱহাৰ কৰি আছো নেকি? এই প্ৰশ্নকেইটা যদি আমি নিজকে কৰো তেতিয়াহ’লে আমাৰ ওচৰত কিবা উত্তৰ আছে জানো |

এই খিনিতে কৈলাশ সত্যাৰ্থী দেৱে যিটো বিষয়ৰ বাবে শান্তিৰ নৱেল বঁটা লাভ সেই বিষয় “শিশু সৰবৰাহ”- সম্পৰ্কে UN convention Against Transnational Crime -2000 শীৰ্ষক কৰ্মশালাত প্ৰস্তুত কৰা UN Protocol-ত আগবঢ়োৱা সংজ্ঞাটো উল্লেখ কৰিলো | এই প্ৰট’কল-ৰ ৩ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি ‘মানৱ সৰবৰাহ’ হৈছে কোনো ব্যক্তি বা ব্যক্তিগোটে এক বা একাধিক গোটক বিভিন্ন সময়ত ঠগ, প্ৰৱঞ্চনা, মৃত্যুভয়, বা ক্ষমতা অথবা বৃত্তিগত ভয় দেখুৱাই কোনো বৃত্তিত নিয়োজিত কৰিলে, এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ প্ৰব্ৰজিত কৰা, কোনো ঠাইলৈ নিৰ্বাসিত বা স্থানান্তৰ কৰা, অথবা অন্য ঠাইৰ পৰা মানুহক ধৰি আনি কোনো ‘শোষণ’ কৰোৱা কাৰ্যকে সৰবৰাহ কাৰ্য বুলি ধৰা হ’ব | এই সংজ্ঞাটো প্ৰধানকৈ তিনিটা চৰ্ত আৱদ্ধ কৰা হৈছিল-

ক) ‘শোষণ’ শব্দটোৰে যৌন উত্পীড়ন, বাধ্যতামুলক সেৱা বা বলপুৰ্বক সেৱা কাৰ্য, দাসত্ব, বন্ধা শ্ৰম, মানৱ অংগৰ স্থানান্তৰকৰণ, টকাৰ বিনিময়ত যৌনাচাৰ, ভিক্ষা বৃত্তি ইত্যাদি সামৰি লোৱা হৈছে |

খ) যদিহে ভুক্তভোগীয়ে বা শোষিত ব্যক্তিয়ে এনে কাৰ্য-ৰ প্ৰতি সন্মতি থকা বা নিজৰ ইচ্ছা-মতে শোষণ কাৰ্য সমুহ কৰা বুলি কয় তেতিয়া ইয়াক ‘সৰবৰাহ’ হিচাপে ধৰা নহব |

গ) ভুক্তভোগী বা শোষিত জন শিশু হয় তেতিয়াহ’লে তেখেতৰ সন্মতি থাকিলেও এই কাৰ্যক ‘সৰবৰাহ’ হিচাপে ধৰা হ’ব | শিশু মানে ওঠৰ বা ওঠৰ বছৰ বয়সৰ তলৰ ব্যক্তিক ধৰা হ’ব |

এতিয়া আমাক আমোদ প্ৰদান কৰি থকা ভ্ৰাম্যমান নাটকৰ সেই শিশু সকলক আমি কি হিচাপে ধৰিম | ৰ’দ, বৰষুণ, ঠাণ্ডা, কুৱঁলিৰ মাজেৰে অসমৰ ইমুৰৰ পৰা সিমূৰলৈ সেই শিশু কেইটাই বাৰু নিজৰ ইচ্ছাতেই ভ্ৰমন কৰি আছে নে? কোনোবাই হয়তো ক’বপাৰে তাৰবাবে টকা দিয়া হৈছে !

তাৰমানে আমি মুকলিকে ‘শিশু শ্ৰমিক’ক উত্সাহ যোগাই আছো | কৈলাশ সত্যাৰ্থীৰ প্ৰচেষ্টা বাৰু কিমান সাৰ্থক হৈছে আমাৰ দেশত !!!