Friday, October 19, 2012

জ’ন আব্ৰাহামক ভালপোৱা ছোৱালী জনী


জনক ভালপোৱা ছোৱালীজনী অ’
নকবা তুমি জ’ন আব্ৰাহামক ভালপাওঁ বুলি,
দুখ লাগে মোৰ.....

চাৰি আলিত প্ৰায়েই দেখাপাওঁ তাক
দীঘল চুলি, ছফুট ওখ, হটঙা...., ঘৰ্মাক্ত উদং গা
চেঙেলীয়া ল’ৰাৰ বাইকৰ ধূলি খাই
পাহৰি যায় প্ৰায়ে সি বিপাশাৰ কথা,
দুখত ছটফটাই ছিঞৰি থাকে
বিপাশা... বিপাশা...
বিপাশা যে তাৰ বুকুৰ আপোন, তাৰ সৰ্বস্ব
তাইৰ বাবেই সি আজি দেউলীয়া, আধাপাগল... |

জ’নক ভালপোৱা ছোৱালী জনী অ’

তুমি যেতিয়া বৰষুণৰ কথা কোৱা,
মনত পৰে মোৰ শৈশৱৰ উৰুখা পঁজাটিৰ কথা
মা-দেউতাৰ তেতিয়া আপ্ৰান চেষ্টা,
শেষ টোপাল পানীও মজিয়াৰ পৰা সিঁচা
আৰু মোৰ যে ফুৰ্তি....
দেউতাক খাটনি ধৰো, আইকো..
কাগজৰ নাওঁ এখন বনাই দিয়ানা |

জ’নক ভালপোৱা ছোৱালী জনী অ’
আৰু নকবা দুৰৈৰ পাহাৰ খনৰ কথা,
তাত মোৰ সপোনবোৰ থাকে |
প্ৰায়ে মোক পাহাৰখনে মাতে, সপোন বোৰক
ওচৰৰ পৰা চোৱাৰ হেপাঁহ জাগে,
কিন্তু মোৰ ভাল নালাগে, তুমি
মোৰ সপোনৰ পাহাৰখনৰ কথা ক’লে;

আৰু বতাহ, ফাগুনৰে হওঁক বা শৰতৰেই হওঁক,
মোৰ বাবে ধুমুহা;
এখন উমাল বুকু, দুটা ভয়াৰ্ত চকু ;
তাতেই বিচাৰি পাঁও সমস্ত নিৰাপত্তা, তেতিয়াওঁ...,
এতিয়াওঁ...


জোনাক মাথোন মোৰ বাবে কিছুমান বিশৃংখল ছিঞৰ-বাখৰ,
গধুৰ জোতাৰ পদশব্দ,
ধপ ধপ ধপ.....
দুটা ধেলা পৰা চকু, আৰু এটা গোন্ধ; তেতিয়াওঁ..
এতিয়াওঁ...

জ’ন আব্ৰাহামক ভালপোৱা ছোৱালী জনী
নকবা, ন’কবা আৰু তুমি মোক
বতাহ, বৰষুণ, জোনাক ইত্যাদি ইত্যাদি..

(ৰচনাকাল- ২০০৬ বৰ্ষৰ এটি নিশা)