Sunday, July 6, 2014

শিশু সৰবৰাহ

মানৱ সৰবৰাহ বা শিশু সৰবৰাহ সমগ্ৰ বিশ্বত একেলগে গা কৰি উঠা গোলকীয় সমস্যা সমুহৰ ভিতৰত এটা প্ৰধান সমস্যা, যিটো সমস্যাই স্থানীয় পটভূমি-ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটক সামৰি এক বিশাল ব্যৱসায়িক জাল গঢ়ি উঠা দেখা গৈছে | বিশেষকৈ অনুন্নত দেশ সমুহ য’ত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ প্ৰাধান্য অধিক সেই দেশ সমুহত এই সমস্যাটো অধিক গা কৰি উঠা পৰিলক্ষিত হৈছে | মানৱ সমাজক চৰম বিভিষীকা আৰু লজ্জানত কৰা মানৱ সৰবৰাহৰ দৰে এই সামাজিক ব্যাধিৰ বাবে আজি বহু যুৱক-যুৱতী, শিশু তথা পৰিয়ালৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে | য’ত মানুহ-ক পন্য সামগ্ৰীৰ ধাৰনাৰে ব্যৱহাৰ কৰি মানুহক কিনা বেচা কৰা হয় অথবা কিছুমান অনৈতিক কাৰ্য-ৰ জৰিয়তে তৃতীয় পক্ষ-ৰ মুনাফা লাভ কৰে |

মানৱ সৰবৰাহ তথা শিশু সৰবৰাহ-ৰ ধাৰণাঃ 

সৰবৰাহ বা মানৱ সৰবৰাহ তথা শিশু সৰবৰাহ সম্পৰ্কত নব্বৈ দশকৰ পৰা বিভিন্ন প্ৰেক্ষাপটত পৰিলক্ষিত হৈ আহিছে আৰু ইয়াৰ এটি সঠিক তথা সৰ্বসন্মত ধাৰণা বা সংজ্ঞা পোৱা নাছিল | ‘সৰবৰাহ’ সম্পৰ্কত কেইটামান বহুলভাৱে প্ৰচলিত ধাৰণা তলত আলোচনা কৰা হ’ল | 

ৰাষ্ট্ৰসংঘৰ মতে সৰবৰাহঃ

মানৱ সৰবৰাহ বা শিশু সৰবৰাহ কাৰ্য বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন পদ্ধতিৰে বিভিন্ন ৰূপত হৈ আহিছিল যদিও ইয়াক ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰথম বাৰৰ বাবে এক গোলকীয় সমস্যা হিচাপে কৰিছিল UN convention Against Transnational Crime -2000 শীৰ্ষক কৰ্মশালাত | এই কৰ্মশালাতে এই কাৰ্য-ক আইনী প্ৰক্ৰিয়াৰে সমাধান কৰিবলৈ UN Protocol প্ৰস্তুত কৰিছিল আৰু সমগ্ৰ বিশ্বতে ইয়াৰ বিৰূদ্ধে এক জাগৰণ আনিবলৈ প্ৰয়াস কৰিছিল | এই আলোচনাতে ‘সৰবৰাহ’ কাৰ্যক বিশ্বব্যাপী সামঞ্জস্যতা অনাৰ প্ৰয়াসেৰে এটা সংজ্ঞাৱদ্ধ কৰিছিল | এই প্ৰট’কল-ৰ ৩ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি ‘মানৱ সৰবৰাহ’ হৈছে কোনো ব্যক্তি বা ব্যক্তি গোটে এক বা একাধিক গোটক বিভিন্ন সময়ত ঠগ, প্ৰৱঞ্চনা, মৃত্যু ভয়, বা ক্ষমতা অথবা বৃত্তিগত ভয় দেখুৱাই কোনো বৃত্তিত নিয়োজিত কৰিলে, এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ প্ৰব্ৰজিত কৰা, কোনো ঠাইলৈ নিৰ্বাসিত বা স্থানান্তৰ কৰা, অথবা অন্য ঠাইৰ পৰা মানুহক ধৰি আনি কোনো ‘শোষণ’ কৰোৱা কাৰ্যকে মানৱ সৰবৰাহ কাৰ্য বুলি ধৰা হ’ব | এই সংজ্ঞাটো প্ৰধানকৈ তিনিটা চৰ্ত আৱদ্ধ কৰা হৈছিল-

ক) ‘শোষণ’ শব্দটোৰে যৌন উত্পীড়ন, বাধ্যতামুলক সেৱা বা বলপুৰ্বক সেৱা কাৰ্য, দাসত্ব, বন্ধা শ্ৰম, মানৱ অংগৰ স্থানান্তৰকৰণ, টকাৰ বিনিময়ত যৌনাচাৰ, ভিক্ষা বৃত্তি ইত্যাদি সামৰি লোৱা হৈছে |

খ) যদিহে ভুক্তভোগীয়ে বা শোষিত ব্যক্তিয়ে এনে কাৰ্য-ৰ প্ৰতি সন্মতি থকা বা নিজৰ ইচ্ছা-মতে শোষণ কাৰ্য সমুহ কৰা বুলি কয় তেতিয়া ইয়াক ‘সৰবৰাহ’ হিচাপে ধৰা নহব |

গ) ভুক্তভোগী বা শোষিত জন শিশু হয় তেতিয়াহ’লে তেখেতৰ সন্মতি থাকিলেও এই কাৰ্যক ‘সৰবৰাহ’ হিচাপে ধৰা হ’ব | শিশু মানে ওঠৰ বা ওঠৰ বছৰ বয়সৰ তলৰ ব্যক্তিক ধৰা হ’ব |

প্ৰট’কল খনৰ সংজ্ঞা মানৱ সৰবৰাহ বা শিশু সৰবৰাহ কাৰ্য হৈছে এক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াটোত তিনিটা কাৰক বা অংশ-ৰ সমষ্টি | 

প্ৰথম- ই হৈছে এটা কাৰ্য ( an Action) য’ত বলপূৰ্বক নিয়োগ, ব্যক্তিৰ বেচা-কিনা, বাধ্যকতা মূলক কৰ্ম, দাস, কোনো ব্যক্তিক অন্য ঠাইৰ আমদানি বা ৰপ্তানি ইত্যাদি কাৰ্য জড়িত থাকে |

দ্বিতীয়তে- কিছুমান মাধ্যম বা উপায় থাকে ( By Means of) য’ত চলনা বা প্ৰৱঞ্চনা, ভীতি প্ৰদৰ্শন, দৈহিক শক্তি,ক্ষমতা প্ৰয়োগ বা বৃত্তিগত প্ৰভাৱ জড়িত থাকে |

তৃতীয়তে- ‘শোষণ’ কৰাৰ উদ্দেশ্য |

প্ৰট’কল খনত এই কথাটো স্পষ্ট কৰি দিছে যে ওপৰোক্ত তিনিওটা চৰ্ত আৰু প্ৰক্ৰিয়া কেৱল মাথোন প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব; শিশু তথা ওঠৰ বয়সৰ ব্যক্তিৰ বাবে এই চৰ্ত বা প্ৰক্ৰিয়া সমুহ বিবেচনা কৰা নহয় | অৰ্থাত শিশুৰ ক্ষেত্ৰত এই ধৰনৰ যিকোনো কাৰ্য বা প্ৰক্ৰিয়া জড়িত হোৱা প্ৰমানিত হ’লেই ইয়াক ‘শিশু সৰবৰাহ’ বুজা হ’ব |

চাৰ্ক সন্মিলনৰ সৰবৰাহৰ ধাৰণাঃ

দক্ষিন এচীয়া মাণ্ডলিক সহযোগী ৰাষ্ট্ৰ সংগঠন-ৰ ২০০২ চনৰ সন্মিলন-ত ‘সৰবৰাহ’-ৰ সম্পৰ্কত হোৱা পৰ্যালোচনা-ত মানৱ সৰবৰাহ-ক এই ধৰণে ব্যাখ্যা কৰিছে-

“ মহিলা বা শিশুক কোনো ব্যক্তি বা ব্যক্তি গো্টে তেওঁলোকৰ সন্মতি অবিহনে যদি স্থানান্তৰ কৰে, বেচা-কিনা কৰে, বা নিজৰ ঠাইতে টকাৰ বিনিময়ত বলপূৰ্বক কামত নিয়োগ কৰে, অন্য দেশলৈ টকা বা অন্যান্য চৰ্তৰ বাবে স্থানান্তৰ বা হস্তান্তৰ কৰে অথবা ‘সৰবৰহিত’ কৰা কাৰ্য | ‘সৰবৰহিত’ শব্দটোৰে ইয়াত মহিলা আৰু শিশুক ভীতি প্ৰদৰ্শন, বলপ্ৰয়োগ বা প্ৰৱঞ্চণাৰে অপহৰন, বাল্য বিবাহ তথা বিয়া কৰাই দেহ ব্যৱসায়ত লিপ্ত কৰা কাৰ্য অন্তৰ্ভুক্ত কৰা হৈছে |”

ভাৰতীয় পটভূমিত ‘সৰবৰাহ’

সৰবৰাহ সম্পৰ্কত ভাৰতীয় সংবিধান-ৰ ২৩ নং অনুচ্ছেদ-ত উল্লেখ কৰি কৈছে যে, মানৱ সৰবৰাহ, ভিক্ষাবৃত্তিত বলপূৰ্বক নিয়োগ বা অন্য কোনো ধৰণৰ বলপূৰ্বক কৰ্ম-ত নিয়োগ কৰা সাংবিধানিক ভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে | সংবিধানত যদিও ‘মানৱ সৰবৰাহ’-ক বিশেষভাৱে আলোচনা কৰা নাই যদিও এই ‘সৰবৰাহ’-ৰ জৰিয়তে হোৱা শোষণ সমুহৰ বিষয়ে আলোচনা কৰা হৈছে | সংবিধানত সৰবৰাহ শব্দটো সাধাৰণ অৰ্থ-ত ব্যৱহাৰ কৰিছিল আৰু ইয়াক ‘যৌন’ ব্যৱসায়ৰ পৰিৱৰ্তে ‘বলপূৰ্বক শ্ৰম’ বুজাবলৈ ব্যৱহাৰ কৰিছিল | 

এচিয়া ডেভেলপমেন্ট বেংকৰ ভাৰতত চলোৱা সমীক্ষা অনুসৰি এইটো স্পষ্ট কৰিছে যে সৰবৰাহ এটা প্ৰক্ৰিয়া য’ত এক দীঘলীয়া প্ৰক্ৰিয়াৰে আৰম্ভ হৈ এটা সীমাত শেষ হয় আৰু এই গোটেই প্ৰক্ৰিয়াটো-ত তৃতীয় পক্ষ এটাই পৰিচালিত কৰে আৰু ইয়াৰ জৰিয়তে লাভ আহৰণ কৰি থাকে | উদাহৰনস্বৰূপে, যৌন কৰ্মী বা এই ব্যৱসায়ত জড়িত লোক সকলক সৰবৰাহিত হোৱা বুলি কোৱা সম্ভৱ নহয়, যৌন কৰ্মী হৈছে ‘সৰবৰাহ’ প্ৰক্ৰিয়াৰ শেষ অৱস্থা য’ত প্ৰাৰম্ভিক প্ৰক্ৰিয়াত বাল্য বিবাহ, প্ৰতাৰনা, প্ৰলোভন ইত্যাদি জড়িত থাকে |

ওপৰৰ সংজ্ঞা কেইটাৰ মাজত যদিও কিছুমান পাৰ্থক্য পৰিলক্ষিত হৈ আছে তথাপিও তিনিটা প্ৰধান সামঞ্জস্যতা চাৰিটা হৈছে- গতি-বিধি বা চাল চলন বা স্থানান্তৰ, প্ৰতাৰণা বা প্ৰৱঞ্চনা, জোৰ জবৰদস্তি বা যৌনতাৰ ব্যৱসায় আৰু শোষনমুলক কাম | 

মানৱ সৰবৰাহ আৰু শিশু দুৰ্দশাগ্ৰস্ততা

সৰবৰাহ জনিত বিভিন্ন ঘটনাৱলী আৰু ধৰণ সমুহৰ পৰা এটা কথা স্পষ্ট যে সমাজৰ যিখিনি মানুহ শাৰীৰিক, অৰ্থনৈতিক আৰু মানসিকভাৱে দুৰ্বল ব্যক্তি সকল সহজতে সৰবৰাহৰ কৱলত পৰে | এইবাবে শিশু সকল আটাইতকৈ বেছি আশংকাজনক হয় | শিশু এটা-ৰ দৈহিক, মানসিক বিকাশ কম হোৱা তেওঁলোকক সহজতে লক্ষ্য হিচাপে লয় | ইয়াৰ কাৰন হৈছে-

· শিশু সকল সহজতে প্ৰলোভিত হয়, 

· ভাল বেয়া বিচাৰ কৰিব পৰাকৈ মানসিকভাৱে বিকশিত নহয়,

· ছোৱালী বিলাক বহু লিংগ বৈষম্যৰ বলি হয়

· শিশু বিলাক অতি মৰম আকলুৱা

সৰবৰাহ বা শিশু সৰবৰাহ-ৰ কাৰন সমূহ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপত্ৰত পৰ্যালোচনা কৰিলে ইয়াৰ বহু কেইটা দিশ উন্মোচিত হয় | শিশু সৰবৰাহ সমগ্ৰ বিশ্বতে গা কৰি উঠাৰ বাবে বিশ্বৰ সকলো ঠাইতে থকা কিছুমান সমস্যা বা কাৰকেহে এই প্ৰক্ৰিয়াত আওপকীয়াকৈ ইন্ধন যোগোৱা বুলি মন্তব্য কৰে | বৰ্তমান সমাজত ঘটি থকা এই সমস্যা সমুহ হ’লঃ

· লিংগ বৈষম্য বা লিংগভিত্তিক সংঘৰ্ষ

· শিক্ষা আৰু সজাগতাৰ অভাৱ

· দৰিদ্ৰতা

· ভগ্ন পৰিয়াল ব্যৱস্থা বা যুটীয়া পৰিয়াল ব্যৱস্থাৰ বিলোপ্তি

· ঘৰুৱা অশান্তি

· নিবনুৱা সমস্যা

· বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগ

· সামাজিক অৰাজকতা, নৈৰাজ্যবাদী ভাৱধাৰা তথা বিশ্বায়ণৰ প্ৰভাৱ

· গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ

· সামৰিক বাহিনীৰ অত্যাচাৰ, গৃহ যুদ্ধ

· সামাজিক মূল্যবোধৰ অৱক্ষয়, নৈতিক স্খলন

1 comment: