Monday, September 30, 2013

ঈশ্বৰ

সামাজিক শৃংখলা তথা সমাজত সাম্ভাব্য বেয়া কৰ্ম বিলাকৰ পৰা মানুহক বিৰত কৰিবলৈকে ধৰ্ম-ৰ সৃষ্টি | ধৰ্মীয় অনুশাসন সমুহক সৰ্বশক্তিমান কৰি ৰাখিবলৈকে ভগৱান বা গড-ৰ দৰে এটা কাল্পনিক ‘চুপাৰ মেন’-ৰ এক বিমূৰ্ত মূৰ্তি-ৰ সৃষ্টি কৰা হৈছে | এই বিমূৰ্ত প্ৰতিমুৰ্তি-ক মানুহৰ মনোজগত বা অন্তৰত থাপন কৰিবলৈকে প্ৰচাৰ কৰা হয় কিছুমান কাহিনী | এই চুপাৰমেন জনৰ সমান্তৰালকৈ আমাৰ মাজত অন্য কিছুমান অসত্‍ চৰিত্ৰও সংযোগ কৰা হৈছে আৰু এই অসত্‍ চৰিত্ৰ সমুহে কৰা কু-কীৰ্তি সমুহৰ বাবে চুপাৰ মেন-ৰ হাতত শাস্তি পাব লগীয়া হৈছে | ধৰ্মীয় গ্ৰন্থ সমুহ আচলতে এনেকুৱা কিছুমান ‘ কেচ ষ্টাডী’-ৰে বৰ্ননা কৰা আছে | এই কেচ ষ্টাডী সমুহ মানুহৰ মুখে মুখে প্ৰচাৰ কৰিয়েই চুপাৰ মেন-ৰ ৰোষ-ৰ পৰা হাত সৰাৰ বাবে তেখেতক ভক্তি কৰিবলৈ উদ্গনি যোগাইছে | ইয়াক আমি অন্ধ বিশ্বাস বা বিশ্বাস যিকোনো এটা ধৰি ল’ব পাৰো | হয়. কিছুমানে কোৱাৰ দৰে ভগৱান সৰ্বত বিদ্যমান | এই কথাটোতে লুকাই আছে Self- Discipline-r ধাৰনা | কোনো ধৰ্মতে বা ভগৱানে আনৰ অপকাৰ কৰিব নকয়, লোভ. মোহ, কাম, ক্ৰোধ-ৰ ছয় ৰিপু-ক দমন কৰাৰ উপায় দিয়ে | অৰ্থাত্‍ ব্যক্তিয়ে এই ছয় ৰিপু দমন কৰিব পাৰিলে ‘মোক্ষ’ লাভ কৰে | ‘মোক্ষ’ বা ‘মুক্তি’- লাভ কৰা মানেইটো ‘স্ব-অনুশাসিত’ হোৱা | স্ব-অনুশাসিত হ’বলৈ হ’লে আমি নিজৰ ওচৰতে জয়ী হ’ব পাৰিব লাগিব | গতিকে ভগৱান-ক বিচাৰি হাবাথুৰি নাখাই ‘আত্ম- অনুশাসিত’ হ’ব-ৰ বাবে নিজৰ মন-মগজু-চিন্তা-বিবেক-ক সঠিক দিশত নিয়ন্ত্ৰণ কৰিবঅলৈ চেষ্টা কৰিব লাগে | এনেদৰেই সামাজিক দায়বদ্ধতা, শৃংখলা নিয়ন্ত্ৰন হ’ব | সমাজত শান্তি আহিব | যাৰবাবে কোনো চুপাৰমেন-ৰ প্ৰয়োজনো নহ’ব |

Wednesday, September 4, 2013

দৈনন্দিন

কেইদিনমান আগৰ কথা | তেজপুৰ চহৰত ন’ এণ্ট্ৰি-ৰ ফলক যিমান আছে সিমান চাগে খোদ গুৱাহাটী মহানগৰীতো নাই | অলিয়ে গলিয়ে কেৱল ন-এন্ট্ৰি-ৰ ফলক | এই ন এন্ট্ৰি-ত বাইক সোমোৱাই এটা আমোদজনক ঘটনা-ৰ সন্মুখীন হৈছিলো | সাধাৰণতে মই মংগলদৈ টাউন-ৰ বাহিৰে বেলেগত বাইক চলালে হেলমেট পৰিধান কৰো ( মানে নিজৰ ঠাই বুলি ভয় নকৰো ) | সেই দিনা খনো বাইক খন লৈ চক বজাৰৰ ফালে গৈছিলো, মোৰেই কঁপাল বেয়া | একো নভৱাকৈয়ে সোমাই দিলো এটা গলি-ত ন- এন্ট্ৰি-ৰ কথা ভৱাই নহ’ল | কাৰোফালে একো মন নকৰি বিণ্ডাজ গৈ বাইকখন পাৰ্কিং কৰিব লৈছোহে ৰাস্তাটোৰ সিটো মূৰৰ পৰা পুলিচ এজনে ( ট্ৰেফিক নহয় দেই) হুইচল বজাই বজাই মোৰ কাষত ঠিয় হ’ল | তেতিয়াহে মন কৰিলো যে মই দেখোন ন-এন্ট্ৰি-ত আছো |

: “আপুনি এটা ডাঙৰ ভুল কৰিলে নহয় | এই গলিতো-ত ন-এন্ট্ৰি আছিল”- পুলিচ জনে নম্ৰ ভাৱে ক’লে |
: “এহ কথাটো মন কৰিব-ই নহ’ল | কি কৰা যায় এতিয়া”- মই ক’লো |
: “ একো নাই | আপুনি ৫০০ টকা ফাইন ভৰিব লাগিব”- পুলিচ জনে ক’লে |
ইফালে ৰাস্তাৰ কাষৰ মানুহ বোৰে মোক চাই চাই ইতিকিং কৰা টাইপ-ত হাঁহি চাৱ ধৰিলে | মনতে যেন ভাবিছে কেনে মজা | গোটেই পৰিৱেশটো হজম কৰিব নোৱাৰা যেন লাগিল | ইতিমধ্যে পুলিচজনে মোৰ বাইকৰ নথি পত্ৰ জব্দ কৰি ল’লে | একো উপায় নেদেখি মই জেপৰ পৰা পাঁচশ টকা এখন উলিয়াই ক’লো- “ ৰচিদ খন কাটক আৰু”
এইবাৰ পুলিচজনে লাহেকৈ ক’লে- “ মোৰ লগত ৰচিদ বুক নাই | আপুনি থানালৈ যাৱ লাগিব |” এই বুলি কৈয়ে পুলিচ জনে বাইক-ৰ পিছত জাপ মাৰি উঠিলেই | মই এইবাৰ তাক ক’লো- “ আপুনি যে মোৰ কাগজ পত্ৰ জব্দ কৰি এনেকৈ থানালৈ লৈ যাৱ বিচাৰিছে ; মই কি ইমান ডাঙৰ দোষ কৰিলো কওঁকচোন |” পুলিচজন থমক খাই গ’ল, তাৰ পিছত মাতটো অকনমান ডাঙৰ কৰি ক’লে- “ কি দোষ কৰিলো মানে ?? সকলোৱে দেখিছে দেখোন ন- এন্ট্ৰি-ত গাড়ী চলাই আহিছে |” কথা শুনি মই বাইকখন-ৰ ষ্টাৰ্ট বন্ধ কৰি লৈ ওচৰত মোৰ ৰং চাৱলৈ ৰৈ থকা মানুহ কেইজনে শুনাকৈ পুলিচ জন-ক ক’লো- “ চাওঁক | মই যদি ইচ্ছা কৰি ন-এন্ট্ৰি-ত বাইক চলালো হয়, আপুনি মোক ধৰিব পাৰিলে হয় নে ?? বা মই আপোনাৰ সন্মুখতে আহি বাইক খন ৰখাই দিলো হয় নেকি বাৰু ?? কথা বিলাক অকনমান ভাৱি চাব লাগে | কিন্তু মোৰ ভুল হৈছে যেতিয়া ফাইনটো মই দিমেই | উঠক এতিয়া” বাইক-ৰ পিছত বহুৱাই পুলিচ জনক থানা অভিমুখে আহি আছো | হয়তো পুলিচজনে ভাবিছিল যে মই তেখেতৰ লগত কিবা এটা মিলা মিছা কৰিম | কিন্তু যেতিয়া আহি আহি প্ৰায় থানা-ৰ সন্মুখ পাওঁ পাওঁ হ’লো তেতিয়া আৰু পুলিচ বপুৰাৰ সহ্য নহ’ল |
-“ হেৰি আপুনিনো বাৰু কিয় ইমান টকা ভৰিব লাগে | আমি দুয়োৰে মাজত মিলা মিছা কৰি লওঁ দিয়ক”- পুলিচ জনে |
মই আৰু হাঁহি ৰাখিব নোৱাৰিলো | ৰাস্তাৰ কাষতে বাইকখন ৰখাই তেওঁ-ৰ মুখলৈ চাই ক’লো- “ এইয়া আহি গ’ল নহয় আপুনি আপোনাৰ লাইন-ত | কিমান লাগিব কওঁক |”
“টকা দুশ লাগিব”- পুলিচ জনে |
“ আৰে ভাই ! টকা দুশ দিব লগাকৈ ইমান দোষ কৰা নাই দিয়ক | পঞ্চাশ টকা লব |” – অৱশেষত এশ টকাত মান্তি হ’ল | জেপৰ পৰা পাঁচশ টকা নোট খন আগবঢ়াই দি ক’লো- “ চাৰিশ টকা ঘুৰাই দিয়ক | মোৰ হাতত খুচুৰা নাই |”
পুলিচজনৰ হাততো খুচুৰা নাছিল | এইবাৰ সি ওলাল খুচুৰা বিচাৰি | মই বাইক-ৰ ওপৰতে বহি থাকিলো | ইখন-ৰ পিছত সিখনকৈ চাৰিখন দোকানত খুচুৰা বিচাৰি পুলিচ ভাইয়াই অৱশেষত মোক চাৰিশ টকা ঘুৰাই দিলে |

Monday, September 2, 2013

দৈনন্দিন

আজিকালি কোনোবা দুৰৈৰ ঠাইলৈ যাত্ৰা কৰিব খুজিলে সপ্তাহটোৰ আটাইতকৈ সুবিধাজনক বাৰ (দিন)টো হৈছে- ৰবি বাৰ | এই দিনটোত বিশেষ জৰুৰী কাৰন নাথাকিলে আপুনি কোনো ধৰনৰ আন্দোলন, পথ বন্ধ, চকা বন্ধ ইত্যাদিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাথাকে | গতিকে ৰাতিপুৱাই উঠি দৌৰা-দৌৰিকে গা-পা ধুই ৰাতিয়েই সাজু কৰি ৰখা বেগখন কান্ধত পেলাই ভাড়াঘৰ-ৰ পৰা ওলাই আহিলো | পোন্ধৰদিন মানৰ মুৰত ঘৰ যাওঁ বুলি | এই কেইদিন আন্দোলন-ৰ যিহে যোৰ ৫২ নং ৰাষ্ট্ৰীয় পথটো প্ৰায় বন্ধ হোৱাৰ দৰেই হৈ আছে; সেইবাবে আজি ৰবি বাৰে ওলাইছো | মিছন চাৰিআলিত শাৰী পাতি ৰৈ থকা বাছ বিলাকৰ একেবাৰে সন্মুখৰ গুৱাহাটী অভিমুখী বাছ এখন-ত উঠি দিলো | বাছ খনত তেতিয়াওঁ আধামান ভৰ্তি হ’বলৈ বাকীয়েই আছে | মানে আৰু আধা ঘন্টা মান ৰখিব লাগিব | ২/৩ বাছ খনৰ তিনি জনীয়া চিট এটাৰ প্ৰথম চিটটোত বহি এবাৰ চাৰিওফালে চালো | সকলোৰে মুখত অধৈৰ্য হোৱাৰ চিন স্পষ্ট, ৰৈ ৰৈ আমনি লাগিছে চাগে বেচেৰাহঁতৰ | মোৰ একেশাৰীতে থকা দুজনীয়া চিটটোত এজন মানুহ বহি আছে, চুলি কটোৱাৰ ষ্টাইল-ত ডিফেন্স বা পুলিচ বিভাগত কাম কৰা যেন লাগে | এনেতে পিছ-ফালৰ পৰা একে সমান বয়সৰ মানুহ এজন আহি তেখেতৰ কাষতে বহিল |
কিছুসময় পিছত আগন্তুক জনে চিঞৰি প্ৰথম জনক ক’লে- ‘ হেৰা ! তোমাক মই চিনি পাইছো নহয় | আজিৰ পৰা দুমাহমান আগতে মোৰ পৰা ৫০০.০০ টকা খাইছিলি পল্টন বাজাৰ থানাৰ সন্মুখত | আজি এতিয়া ক’ত যাবি |’ কথাষাৰে বাছখনৰ আধা সংখ্যক মানুহৰে দৃষ্টি কাঢ়ি লৈ গ’ল | লাজে খঙে ৰঙা পৰা মানুহজন ( প্ৰথমজনে) প্ৰায় সমান জোৰেৰে চিঞৰি উঠিল- ‘ক’ত, কেতিয়া টকা ল’লো আপোনাৰ পৰা | কথা ভালকৈ ক’ব কিন্তু’ এইবাৰ আৰু কোনে প্ৰায় দুইজনৰ দুৰ্বাদল কাজিয়াই ৰৈ থকা বাছ খন ৰজন জনাই গ’ল | উপস্থিত অন্যান্যৰ লগতে মইয়ো কাজিয়া খনত আমোদ পাই মন দি শুনিব ধৰিলো | ইতিমধ্যে বাছ খনো চলিব ধৰিলে |
অৱশেষত মানুহদুজনৰ তৰ্কা-তৰ্কি-ৰ পৰা গোটেই ঘটনাটো আঁতি গুৰি ওলাই পৰিল | প্ৰথম মানুহজন এজন পুলিচ কনিষ্টবল, পল্টনবজাৰ থানাত হেনো থাকে | দুমাহমান আগতে দ্বিতীয় গৰাকী ব্যক্তিয়ে আন এজন বন্ধুৰ সৈতে পল্টনবজাৰ থানাত কিবা কামত গৈছিল আৰু তাতেই কিবা কাম এটি কৰি দিবৰ বাবে প্ৰথম মানুহজনক ৫০০.০০ টকা দিছিল | কিন্তু এই ধুৰন্ধৰ পুলিচ ভায়াই টকা পাইয়েই আগৰ পৰা নোহোৱা হ’ল কাম কৰি দিয়া দুৰৈৰ কথা ছাঁটোকে দেখা নিদিলে | কিন্তু পুলিচ জনৰ কপাল বেয়া চাগে | এই দ্বিতীয় গৰাকী মানুহে চি.বি.আই-ত কৰে কিবা বিশেষ কাৰনত নিলম্বিত হৈ আছে | গতিকে মেজাজ গৰম, য’তে লগ পাই তাতে এসেকা দিয়াৰ মন | সাত ঘাটৰ সৈয়াকণি পুলিচ জনো কম নহয় কোনো পধ্যে সৈ নাকাঢ়ে যে সি টকা লৈছে | অৱশেষত চি.বি.আই-ৰ মানুহজনে আনজন বন্ধুক ফোন লগালে, বন্ধু আছে চিৰাজুলী-ত | গতিকে দুইজনৰ মাজত সিন্ধান্ত হ’ল যে যদিহে চিৰাজুলী-ত থকা আনজন ব্যক্তিয়ে পুলিচজনক চিনি পাই তেতিয়া ৫০০.০০ টকা ঘুৰাই দিব আৰু যদি ‘নহয়’ বুলি কয় তেতিয়াহ’লে এইজন মানুহে পুলিচজনক এহেজাৰ টকা দিব | পাঁচশ টকা তেখেতক ৰাজহুৱাভাৱে অপমান কৰা বাবে | লাহে লাহে বাছখন আহি ঢেকিয়াজুলী পালে | পুলিচ বপুৰাৰ চাগে ভয়টো বাঢ়ি আহিছিল | ঢেকিয়াজুলী থানাৰ সন্মুখত তেখেত বাছৰ পৰা জাপ মাৰি নামি গ’ল |
চি.বি.আই-ৰ মানুহজনে তেতিয়া বীৰদৰ্পে ক’লে- ‘মইয়ো ইমান ভাল মানুহ নহয়, এনেয়ো নো নিলম্বিত হৈ থাকোনে; কিন্তু ইয়াৰ দৰে ভয়াতুৰ নহয় | দেখিলে পাঁচশ টকাই হজম কৰিব নোৱাৰি কেনেকৈ পলাল | ইয়াকে বোলে চোৰকো মোৰে পায় |’