Saturday, August 25, 2012

নিশা যিমানেই গভীৰ হয়

নিশা যিমানেই গভীৰ হয়
শব্দবোৰ সিমানেই গধুৰ হয়
গধুৰ শব্দই স্তব্ধ কৰে নিসংগতা
ৰিক্ত হৃদয়ৰ তিক্ত অনুভুতিবোৰ
প্ৰাণ পাই উঠে আকৌ,
বাঢ়ি আহে প্ৰত্যাশা
তোমাৰ বাবে..
জানোচা আকৌ উভতি আহা
চুই চোৱাহি মোৰ দুহাত
আলফুলে সাৱতি ধৰা আবেগত ,
কঁপি উঠে নিলাজ ওঁঠ জুৰি !
ঠিক তেতিয়াই উচপ খাই উঠো
নিজৰেই ঘন উশাহত,


নিশা যিমানেই গভীৰ হয়
শব্দবোৰ সিমানেই গধুৰ হয় |
ডাৱৰ আৰু জোনাকৰ আজি ভীষণ কাজিয়া,
চেগ বুজি নামি আহে বৰষুন বিজুলিৰ সৈতে
জীপাল কৰি তোলে মোৰ শুকান মৌন দুই ওঁঠ,
মোৰ দেহত এতিয়া হেজাৰ বিজুলীৰ তৰংগ
আমোলমোলাই যায় নিৰৱ নিশাটি
তোমাৰ তিতা চুলিৰ চিনাকী সুবাস,
মাতাল হৈ পৰো মই সেই সুবাসত
ঘামৰ বৰষুনত তিতি জুৰুলি জুপুৰি
আজি মোৰ শেতেলি......

ঠিক তেতিয়াই উচপ খাই উঠো
এটা চিনাকি শব্দ,
মই আৰু মোৰ ৰুগ্ন শেতেলি....

( ৰচনাকাল- ২৮-০৯-২০১১, ধেমাজী)




1 comment:

  1. লিপি ফুকনAugust 25, 2012 at 1:28 PM

    বহুত ভাল লাগিলে

    ReplyDelete