Friday, December 28, 2012

জীৱনৰ সুখ

ৰতন টাটা-ৰ অৱসৰ-ৰ কথা ওলাই থাকোতে তেওঁৰ সৈতে ঘটা এটি সৰু তথা আমোদজনক ঘটনা মনত পৰিল | বহুদিন আগতে এখন বাতৰি কাকত-ত পঢ়িছিলো কাহিনীতো | কাহিনীতো কিমানদুৰ সত্য মই নাজানো তথাপি কাহিনীটো মনত পৰাত আপোনালোককো কওঁ |

আমি সকলোৱে জানো ৰতন টাটা বহুত কৰ্মদ্যোমী ব্যক্তি হয় আৰু নিজে যেনেকুৱা আনকো কৰ্মদ্যোমী হৈ থকাটো বিচাৰে | এদিনাখন তেখেতে সাগৰীয় বীচ-ত অৱসৰ বিনোদন কৰি আছিল | তেনেতে তেওঁ এটা সফল যুৱকক সাগৰৰ পাৰত আৰামকৈ শুই থকা দেখিলে | সাজ পোচাকত ল’ৰাজনক টকা পইচা থকা যেন নালাগে | তেখেতে ল’ৰা জনৰ ওচৰ চাপি গ’ল আৰু ল’ৰাজনক সুধিলে

; হেৰা, তুমি কিয় এনেকৈ শুই আছা ??

: ‘মোৰ কোনো কাম নাই |’ ল’ৰাজনে নিৰ্বিকাৰ ভাবে উত্তৰ দিলে |

ৰতন টাটা-ৰ ল’ৰা জনক তেনেকৈ থকাত বেয়া লাগিল আৰু যুৱক জনক এটা কাম দিম বুলি ভাবি তেওঁৰ অফিচলৈ পিছদিনা মাতিলে |

:" আপোনাৰ অফিচত গ’লে কি হ’ব ?"- ল’ৰাজনে তেওঁক সুধিলে

তেখেতে আচৰিত হৈ ল’ৰাজনৰ মুখলৈ চাই ক’লে-

:"তুমি যদি বিচৰা মই তোমাক এটি চাকৰি জোগাৰ কৰি দিব পাৰো |"

: "চাকৰি কৰিলে কি হ’ব ??"- আকৌ প্ৰশ্ন কৰিলে |

ৰতন টাটা-ৰ এইবাৰ খং উঠিল

: "আৰে চাকৰি কৰিলে দৰমহা পাবা, এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিবা | লাহে লাহে নিজৰ হাতত সঞ্চয় বাঢ়িব, সেই টকাৰে নিজৰ ঘৰ-মাটি-গাড়ী হ’ব |"

: " তাৰ পিছত |" ল’ৰাজনে সুধিলে |

: " তাৰ পিছত আৰু কি হ’ব | এদিন হয়তো অৱসৰ ল’বা আৰু মোৰ এনেকৈ সাগৰৰ পাৰত অৱসৰ বিনোদন কৰিব পাৰিবা |"

ল’ৰাজনে এইবাৰ খুউব ভদ্ৰ আৰু বিনয়ী ভাৱেৰে ক’লে-

: " মাফ কৰিব মহাশয় | মই আপোনাৰ কথা ৰাখিব নোৱাৰিম | আপুনি মোক যিটো পথৰ সন্ধান দিছে সেই পথৰ শেষত মই যিকন সুখৰ ৰেঙনি দেখা পাইছো সেই সুখ খিনি দেখোন মই এতিয়াই উপভোগ কৰি আছো | মিছাতে ইমান দীঘলীয়া পথটোনো কিয় বাচি ল’ব লাগে একে খিনি সুখৰ বাবে |

Thursday, December 20, 2012

গুজৰাট ইলেক্সন

নৰেন্দ্ৰ মোডী-ৰ ‘বিজয় ভাষণ’ শুনিলো | কিয় শুনিলো সেইটো ক’ব নোৱাৰো কিন্তু গোটেই ভাষনটো শুনাৰ পিছত এটা কথা মনলৈ আহিল যে ৰাজনৈতিক নেতা এনেকুৱা হ’ব লাগে | সমগ্ৰ ভাষনটোত নিজৰ দলৰ কথা বা নিজৰ কৰি অহা কামৰ কথা খুউব কমেই ক’লে | যিকোনো বিৰোধী দলৰ মানুহেই হয়তো তেখেতৰ ভাষনটো শুনি থাকিব পাৰিলে হয় | নিজকে জনতাৰ হকে উত্সৰ্গিত মানুহ হিচাপে ঘোষণা কৰা মোডীয়ে এটা কথা ক’লে - " যি সকল সমালোচকে তেওঁৰ ঘৰলৈ শিলগুটি দলিয়াই, সেই শিলেৰে তেওঁ চিৰি বনাইছিল আৰু সেই চিৰিয়েদি বগাই বগাই আজি হেট্ৰিক কৰিলে |" হিন্দীতে দিয়া সমগ্ৰ ভাষনটো যেন তেখেতে অকল গুজৰাটী জনতাৰ হকে সমগ্ৰ ভাৰত বাসী-ৰ বাবে দিয়া যেন অনুভৱ হ’ল |তেখেতে আৰু ক’লে যে- " টিভি-ৰ ৰাজনৈতিক বিশ্লেষক সকলে যেন নিজৰ বিচাৰ বুদ্ধি অকনমান সলনি পুনৰ চিন্তা কৰে আচলতে গুজৰাটী ৰাইজে সমগ্ৰ দেশৰ আগত কি নিদৰ্শন দাঙি ধৰিলে | যি সময়ত সমগ্ৰ দেশতে গণতন্ত্ৰ-ৰ প্ৰতি যি অনীহা ওপজিছে সেই সময়ত গুজৰাটী জনতাই আভিলেখ সংখ্যক ভোটদানেৰে গণতন্ত্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে | তাৰোপৰি ৰাইজ ওলাই আহিছে কোনো প্ৰতিস্থান বিৰোধী ধৌ বা আবেগত নহয় আহিছে একেখন চৰকাৰকে পুনৰ শাসনত বহাবলৈহে | গতিকে এনেকুৱা আদৰ্শক সকলোৱে সন্মান জনোৱা উচিত অকল টিভিৰ ওলাই বিশ্লেষন কৰিলেই নহ’ব |" তেখেতৰ ভাষণ-ত গুজৰাটী যুৱ-সমাজক ইন্টাৰনেটৰ যোগেদি সমগ্ৰ দেশতে যেন গুজৰাটৰ উন্নয়ন আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ যোগেদি পোৱা সুফল সমূহৰ বিষয়ে সজাগতা আনে যাতে এইদৰে সমগ্ৰ দেশৰ জনতাৰ মংগল হয় | এনেকুৱা আহ্বানেৰে মোডীয়ে আওপকীয়াকৈ নিজকে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে প্ৰক্ষেপ কৰা যেন লাগিল আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ নেতা হিচাপে নিজৰ প্ৰথম বিজয় ভাষানটো হিন্দী ভাষাত দি ইয়াৰেই সংকেত দিয়া যেন লাগিছিল | এগৰাকী সৰু চাহ দোকানীৰ ল’ৰা নৰেন্দ্ৰ মোডীৰ এই ভাষনটো প্ৰায় সকলোবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলে লাইভ টেলিকাষ্ট কৰিছিল |

পূৱলৈ চোৱা নীতি আৰু কিছু চিন্তা

কেইদিনমান আগতে মংগলদৈত হোৱা এটি সৰু অভিজ্ঞতাৰ কথা ক’ব খুজিছো | মংগলদৈ-ৰ এল. এন বি ৰোড-ৰ দোকান এখনত সোমালো বিস্কুট কিনিবলৈ | অন্য এজন গ্ৰাহকেও বিস্কুট কিনি আছিল | মানুহজনক এটি পলিথিন-ৰ বেগত দোকানীজনে বস্তুখিনি ভৰাই দিলে আৰু মানুহজনে পলিথিন-ৰ বেগটো অলপ জোকাৰি ক’লে- ‘ছিঙিব নেকি ??’ দোকানীজনে টপৰাই ক’লে- ‘ নিছিঙে | চাইনা-ৰ মাল হয় | পলিথিনটো আমাৰ ইয়াত বন্ধই কৰিছে ’ | মোৰ কথাটো শুনি হাঁহি উঠি গ’ল | কি আচৰিত নিজৰ দেশত পলিথিন বন্ধ কৰিলে কি হ’ব আনৰ দেশৰ পৰা আহি আছে | মই লাহেকৈ মানুহজনলৈ চাই ক’লো - " ইয়াতহে পলিথিন বন্ধ, চাইনা-ত বন্ধ নহয়টো | গতিকে চাইনা-ৰ মাল ব্যৱহাৰ কৰক |’

এতিয়া প্ৰশ্ন হৈছে যদিহে দোকানীজন-ৰ কথাটো সত্য হয় তেতিয়াহ’লে আমাৰ দেশে পলিথিন-ৰ ব্যৱহাৰ বন্ধ কৰাৰ যুক্তি ক’ত ?? কিন্তু মোৰ মনত এইটো প্ৰশ্নৰ উদয় হৈছে প্ৰকৃততে বৈধ বা অবৈধ ভাৱে পলিথিন-ৰ বেগ আমদানী হয়নে ?? নে দোকানীজনে ভুল তথ্য-ৰ যোগান ধৰিছে |

আজি কেইদিন মান আগতে এছিয়ান-কাৰ ৰেলী-ৰ আয়োজন কৰা হৈছিল | আমাৰ দেশৰ পূৱলৈ চোৱা নীতিৰ অংশ হিচাপে এই ৰেলী-ৰ আয়োজন কৰা হৈছে যাতে দক্ষিণ-পূৱ এচিয়া-ৰ দেশ সমুহৰ মাজত এটা শান্তি-মৈত্ৰী-সহযোগিতা-ৰ সৃষ্টি হয় | সেই বাবেই আকৌ ষ্টীল ৱেল পথৰো প্ৰাসংগিকতা আহি পৰিছে | দক্ষিণ-পূৱ এচিয়া-ৰ বৃহত্‍ শক্তি সমুহৰ ভিতৰত ভাৰতবৰ্ষ প্ৰধান আৰু পৃথিৱীৰ অন্যান্য দেশ সমুহে সদায়েই বাণিজ্যিক ক্ষেত্ৰত ভাৰত-ক এক লাভৱান আৰু বৃহত্‍ বজাৰ হিচাপে গ্ৰহণ কৰি আহিছে | পূৱলৈ চোৱা নীতি-ৰ গুৰুত্ব পোৱাৰ লগে লগেই উত্তৰ-পুৱ ভাৰতবৰ্ষ-ই বহি বিশ্বৰ ওপৰত হঠাতে গুৰুত্ব লাভ কৰে | উঃ পূঃ ভাৰত হৈছে ভাৰতবৰ্ষ-ৰ বাবে পূৱৰ দুৱাৰ মুখ | ইমানদিনে কেন্দ্ৰীয় চৰকাৰে যি প্ৰাচ্য দেশ সমূহ-ৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপনৰ নীতিৰ বাবে এই উঃ পূঃ ভাৰতক সদায়েই এলাগী চাই আছিল | কিন্তু ইষ্ট লূক পলিচিয়ে আমাৰ ঠাই খনৰ ভাগ্য মুকলি কৰিছে যদিও কিছুমান বেয়া দিশৰো বাট মুকলি কৰিছে | কাৰন ইয়াৰ ফলত বিভিন্ন অসামাজিক কাম কাজ আৰু চোৰাং ব্যৱসায়ী সকলৰ তত্পৰতাও বৄদ্ধি পাব | গতিকে হয়তো পলিথিন-ৰ দৰে অন্যান্য ফৰেইন মালেৰে ভৰি পৰিব | দ্ৰাগছ, মাৰনাস্ত্ৰ বা চোৰাং চিকাৰী-ৰ উপদ্ৰৱ হৈছে এই পূৱলৈ চোৱা নীতিৰ বেয়া দিশ |

Monday, December 17, 2012

মাজনিশাৰ কবিতা-৪

সঘনাই সলনি হয় আকাশৰ বৰণ,


মেঘৰ সৈতে যুঁজি যুঁজি

জোনজনী এতিয়া ভাগৰি পৰিছে;

ভাগৰুৱা দেহত কুৱঁলী-ৰ অতপালি......


কিন্তু,

চেচাঁ হৈ পৰা সপোনটিক সাৱতি

তাই এতিয়াও আশাবাদী


এদিন আকাশ মুকলি হ’ব

মেঘবোৰো আতঁৰিব,

সন্ধিয়াতে তাই উজ্জ্বলি উঠিব আকাশত

প্ৰিয় সন্ধ্যাতৰা লগত থাকিব |

Sunday, December 16, 2012

মাজনিশাৰ কবিতা-৩

হয়তো আজিৰ পৰাই ডায়েৰী লিখিব লাগিব

স্মৃতিবোৰ সজীৱ কৰি ৰাখিম আলফুলে


আমনি কৰিবলৈ তুমি বা ক’ত থাকিবা-

‘যোৱা বছৰ ঠিক আজিৰ দিনটোত আমি কি কৰিছিলো’

এখন এখনকৈ লুটিয়াও চাওঁ

তোমাৰ ডায়েৰীত মোৰ দিনলিপি


হয়তো আজিৰ পৰাই তুমি লিখিব নালাগিব

মোৰ দিনলিপি তোমাৰ ডায়েৰীত

Saturday, December 15, 2012

মাজনিশাৰ কবিতা-২

নিশা যিমানেই গভীৰ হয়

দুখবোৰ সিমানেই গভীৰ হয়


চেপা আবেগ এটাই হেচি ধৰেহি মোক

আঘোনমহীয়া শীতৰ দৰেই,

দুয়োটাই অবাধ্য

যেন তোমাৰ দীঘল চুলিটাৰী


টুপুৰ টুপুৰ নিয়ৰৰ শব্দ

যেন নুপুৰৰ ধ্বনি,

মাজনিশাৰ কবিতা-১

দুখবোৰ যদি নাথাকেই ক’ত পাম সুখৰ অনুভুতি
অপেক্ষাই হে ৰহণ সানে মিলনৰ সন্ধিয়াটি..


মই সেই সুখকেই বিচাৰো
হেজাৰ দুখ মোহাৰি আহে যি সুখ,


ৰৈ আছো হেপাঁহেৰে সেই সন্ধিয়াটিলৈয়ে
যুগান্তৰৰ অপেক্ষাৰ শেষত আহিব যিটো সন্ধিয়া,


যিদিনাখন নামি আহিব পশ্চিমাকাশৰ পৰা
মোৰ অকলশৰীয়া জীৱনৰ একমাত্ৰ সংগী


সন্ধ্যাতৰা
সন্ধ্যাতৰা