Thursday, December 29, 2011

মদিৰা, কবিতা ইত্যাদি ইত্যাদি,


এপিয়লা মদিৰা,কঁপি থকা ওঁঠ আৰু মোৰ কবিতা,
তথাপিও দেখোন মই অকলশৰীয়া......
হে মোৰ মাজনিশাৰ মতলীয়া মন পখিলা,
কি যে কোৱা...! কি যে কোৱা তুমি,
মই জানো অকলশৰীয়া...... ???

মই দেখোন সদায়েই থাকো
তোমাৰ মাজত,যদিও তুমি উৰণীয়া
তোমাক ধৰি ৰাখিবলয়েইতো ইমান চিন্তা,ইমান
আয়োজন...... মদিৰা, কবিতা ইত্যাদি ইত্যাদি,

আৰু আমনি নকৰো দিয়া - হে মোৰ পখীৰাজ ঘোঁৰা
নালাগে, নালাগে কব আৰু মোক পৰীৰ দেশৰ কথা ;
থাকক দিয়া, থাকক দিয়া মোৰ আপোন পৰী জনীৰ কথা,
মাথোন তুমি নাভাৱিবা আৰু মোক কেতিয়াও
অকলশৰীয়া......

এপিয়লা মদিৰা, কঁপি থকা ওঁঠ আৰু মোৰ কবিতা ......

(ৰচনাকাল ১৮ আগষ্ট- ২০০৬)

Thursday, December 22, 2011

তুমিহীনতাৰ বেদনাৰে কিছু ডুখৰীয়া স্মৃতি



আসঃ..................
সেই দিনবোৰ যদি আকৌ উভতি আহিল হয় 
এনে এটা মুহূর্ত নাছিল ' তুমি নাছিলা 
এতিয়াও থাকা তুমি মোৰ বুকুৰ মাজত,
কিন্তু তথাপি কিয় বুকুখনে  হাহাকাৰ কৰি উঠে,
মই যেতিয়া মোৰ হাত খনলৈ চাওঁ....
তুমিহীনতাৰ বেদনাই উদাস কৰে সন্ধিয়াবোৰ,
তোমাৰ হাত খন যে নাথাকে মোৰ হাতৰ মুঠিত

আইনাৰ সন্মুখত যেতিয়া  থিয় দিওঁ, মনত পৰে তেতিয়া
তুমি যে কোৱা-  মই তোমাৰ চুলি কেইদাল ফনিয়াই দিম দেই সৰু 'ৰাৰ দৰে
গাড়ীত বহিলে খিৰীকি কাষতে বহু আজিকালি...
তুমি আহিলে আকৌ খিৰীকি খন এৰি দিম দেই...
তেতিয়া মই খিৰীকিৰে আকাশ চোৱাৰ প্রয়োজন নাই,
প্রিয় আকাশ মোৰ সহযাত্রী ' 

এমেনিটি- ঘূৰণীয়া টেবুল খন এতিয়া খালি, আমাৰ বাহিৰেনো আৰু কোন বহিব...
আমি যে ভাবিছিলো-
মানুহে কি ,অকলে ঘুৰি ফুৰিলে... 
ইয়াতেই ভাল লাগে সকলোৰে লগত কথা পাতিব পাৰি...

তেজপুৰ টাউনৰ সন্ধিয়া... 
' বজাৰ, ৰাজ চাইনীজ- সেই শিৱসাগৰৰ 'ৰাটো......
মেচ- বজাৰ, আৰু যে লাফিং বুদ্ভৰ হাঁহিটো,
সকলো দেখোন এতিয়াও সজীৱ হৈয়ে আছে...

কৰবাত কহুৱা ফুল দেখিলেই তোমালৈ মনত পৰে
ইউনিভাৰচিটিত কহুৱা ফুলা বতৰত আমি যে ঘুৰিছিলো,
মনত পৰেনে তোমাৰ
শিমলু ফুলৰ ৰঙা ৰংবোৰ, কমোৱা তুলা বিলাক যে আমি  জপিয়াই জপিয়াই ধৰিছিলো,
লাইব্রেৰী চাৰি আলিটোত......

মোৰ খিৰীকি খনৰ কাষত এতিয়া কৃষ্ণচূড়া নুফুলে...
তোমাক চিঠিত লিখিবলৈ,
এতিয়া কৃষ্ণচূড়া ফুলা দেখিলেই মনত পৰে তোমালই, 
শূ্ন্য পথটোৰে তুমি খোজ কাঢ়ি আহিবা...
এই যেন মই যাম লুংলুঙীয়া বাটতোৰে, এমেনিতিৰ সন্মুখত আমি লগ ', 
কফি খাম, তুমি টোপোলা বান্ধি অনা কাজু বাদাম খাম 

মই যেতিয়া বৰষুণত তিতো, মনত পৰে সেই দিনটোলৈ,
কেম্পাছৰ বাহিৰত ফুৰিব যাওঁতে যে আমি তিতি জুৰুলি জুপুৰী হৈছিলো,
সেইদিনা খন মোৰ বৰ দুখ লাগিছিল,
মইহে তোমাক জোৰ কৰিছিলো ফুৰিবলৈ

দত খোজ কাঢ়িলে, মই তোমাক বহুত আমনি কৰিছিলো,
তুমি যিমানেই মোৰ ছাঁটো গছকিৱ নুখুজিছিলা,
মই সিমানেই তোমাৰ আগত থিয় দিছিলো,
খুউব ভাল লাগিছিল তেতিয়া, তোমাৰ  ৰঙা পৰা মুখ খন দেখি...
এতিয়া বহুত দুখ লাগে  মোৰ, অকলশৰীয়া  ছাঁ টো দেখিলে...
তুমি যে কাষত নাই...

এতিয়া...
তুমিহীনতাৰ বেদনাই আমনি কৰি থাকে মোক,
সকলো কথাই মনত ভাঁহি আহে 
তুমি কোৱা নাইবা মই ভবা সকলো; 
চকু মুদিলেই অনুভৱ কৰো, তোমাৰ মুখৰ তপত উশাহ...
তুমি যেন ফুঁৱাই আছা,
তুমি যেন ফুঁৱাই আছা,

(তেজপুৰ ইউনিভাৰচিটিৰ কেইটামান স্নেপশ্চট)

Friday, December 16, 2011

তোমাৰ বাবেই এই কবিতা



তোমাৰ বাবেই মোৰ এই কবিতা
তোমাৰ বাবেই মোৰ এই অপচেষ্টা
জীৱনক পাহৰাৰ....
চিগাৰেট, মদ অৰু যে কত কি ??

মই গোলপীয়া হোৱাটো তুমি নিবিছৰা..
সেউজীয়া তোমাৰ প্ৰিয় ৰঙ..
আৰু নীলা, তোমাৰ বাবে অসহ্য
কিন্তু মই যে সদায় বেদনা এটি কঢ়িয়াই ফুৰো
মোৰ কলিজাৰ মাজত, যাৰ ৰঙ নীলা
আৰু সেই নীলাৰ মাজতেই খেপিয়াও
এটি সেউজীয়া কলিজা...

কৃষ্ণচূড়া মোৰ প্ৰিয় ফুল
সপোন যদিও ভাল নালাগে..
তথাপি গুজি দিব খোজো, সেই ফুল
তোমাৰ দীঘ্লীয়া সেওঁতাত.....

এতিয়া মোৰ বুকুত এহোপা পলাশ ফুলিছে
টিকটিকীয়া..... টিকটিকীয়া..... 

Wednesday, December 14, 2011

বেশ্যা


যৌৱন......
যৌৱনৰ সইতে সিঁহতৰ শত্রুতা পুৰণিকলীয়া,
নুবুজে যৌৱনৰ মাদকতা, নে...
বুজিব নিদিলে যৌৱনৰ পৱিত্রতা !!
সেই যৌৱনৰ বাবেই আজিৰ এই জীৱন ।

আৰু প্রেম ??
কিছুমান খন্তেকীয়া অনুভৱ, যেন মৱাইলৰ ৰিঙটন
বন্ধ কোঠাত ছাঁ-পোহৰৰ লুকা-ভাকু,
ঘন উশাহ, নিৰ্বিকাৰ মুখ বোৰত ঘামৰ কণিকা ;
তাৰপিছত......
আকৌ নতুন প্রেমৰ দৰদাম ।

সংগ্রাম...
জীৱনৰ সংগ্রাম
সচাঁ জীৱনৰ সংগ্রাম,
জীৱন, যৌৱন, যৌনতাৰ সংগ্রাম ।
পেটৰ ভোকৰ বাবে বুভুক্ষ মানুহৰ সৈতে
বেশ্যাৰ জীৱনৰ সংগ্রাম

শেষপৄষ্ঠা

`The Last Page'


: “ বোমা ফুটিছে; বোমা....”
: ক’ত ? ক’ত ফুটিছে.. ??
: “চ’ক বজাৰত..., বাতাৰ মুখত...”
: কিমান মৰিছে ? কিমান...??
: “এজন মৰা বুলি শুনিছো.. চৈধ্যজন আহত...”
: “বহুদিনৰ মুৰত বোমা ফুটিলে দেই ! কোনে দিলে ??”

খবৰটোৱে সৰু চহৰখনক জোকাৰি গ’ল I খন্তেক সময়ৰ বাবে থমকি ৰ’ল স্বাভাৱিক জীৱ্ন I ব্যস্ততাৰ মাজতো সকলো ব্যস্ত হ’ল খবৰটোৰ বাবে I দৌৰা-দৌৰি, হুৱা-দুৱা, চাইৰেণ... I ঠেক পথবোৰ নিমিষতে খালী হৈ গ’ল I কোন মৰিল ? কিমান মৰিল ? কোনে দিলে ? ক’ত দিলে ? কিয় দিলে ?.. হাজাৰটা প্ৰশ্ন I মইয়ো ব্যস্ত হ’লো খবৰটো লৈ..., ম’বাইল ফোনটো বাজি উঠিল; সিমুৰত এটা চিনাকী মাত- “তুমি ক’ত আছা ?” চিনাকী নম্বৰ কেইটামানলৈ ফোন লগাই খবৰ কৰিলো, ভালেই আছে.. I আকৌ ব্যস্ত হ’লো, চহৰখনো...

আলোচনী এখনৰ ফাইনেল ছেটিং চলি আছে I বছৰেকীয়া আলোচনী I বিশ্ববিদ্যালয় সপ্তাহত উন্মোচন কৰা কথা I হাতত মাত্ৰ তিনি দিন আছে I মনে বিচৰা মতে গঢ় দিব বিচাৰিছিলো আলোচনী খন I কিন্ত লিখনিৰ অভাৱ মানে ভাল পৈণত লিখনিৰ অভাৱ I ষাঠি পৄষ্ঠাৰ আলোচনী খনৰ বাবে লিখনিৰ অভাৱ হোৱাটো দুখৰ কথা I বিশেষকৈ বিশ্ববিদ্যালয় এখনত I তথাপি চেষ্টা কৰিছো, সম্পাদকৰ কলম চলাই গৈছো I সকলো ব্যস্ত প্ৰুফ ৰীডাৰ, অলঙ্কাৰক, টাইপ-ৰাইটাৰ সকলো... I হঠাতে ম’বাইল ফোনটো বাজি উঠিল, সিমূৰত নিশাৰ উত্সুক মাতত বুজি পালো তাই হয়তো শুনিছে খবৰটো I ইতিমধ্যই চাৰিজন মানৰ ফোন আহিছিলেই I সকলোৰে একেই প্ৰশ্ন “ক’ত আছা?” আমনি লাগি গৈছিল শুনি শুনি I নিশাকো আস্বস্ত কৰি ফোনটো কাটি দিলো I মনে মনে হাঁহি উঠিল I আচলতে আমি মানুহবোৰ ইমান ব্যক্তিবাদী হৈ পৰিছো I সকলোৱেই নিজকলৈহে ব্যস্ত হৈ পৰিছে I বোমা ফুটিছে চহৰখনত এজন মৰিছে, আন চৈধ্যজন লোক আহত হৈছে I সকলোৱে ব্যস্ত খবৰটোক লৈহে, কিন্ত মৰা মানুহজনক লৈ নহয় !

: “দাদা মই এটা ফোন কৰি আহো, ঘৰত হযতো চিন্তা কৰি আছে I”- ডিটিপিত কৰি থকা ল’ৰাজনে মোক ক’লে I

ৰাতিপূৱাই কামলৈ ওলাই অহা ল’ৰাজনৰো এখন ঘৰ আছে, তাৰ কথা ভবা কেইজন মানুহ আছে I সিঁও চিন্তা কৰিছে নিজৰ ঘৰখনৰ কথা I মই তাৰফালে চাই হাঁহি দিলো I মৰম লগা ল’ৰা I এই কেইদিনত তাৰ সৈতে এটা অত্মীয়তা গঢ়ি উঠিছে I অসুখীয়া মাক আৰু বাযেকজনীৰ সৈতে সৰু পৰিয়াল তাৰ I বাইদেয়েকে চহৰখনৰ মাজমজিয়াতে পি.চি.অ এটাত কৰে I মাক ঘৰত, সি ইয়াতে থাকে I প্ৰথমতে বোলে সি কাগজ কটাকৈ সোমাইছিল , ছবছৰ মান হৈ গ’ল এই প্ৰেছটো্তে I কষ্ট কৰিব পাৰে ল’ৰাটোৱে, এই কেইদিনতে গম পাই গৈছিলো I মই সি যোৱাৰ ফালে চাই থাকিলো I হয়তো দহ মিনিট মান কাম বন্ধ থাকিব I চিগাৰেট এটা খাবলৈ মন গৈছিল মোৰো, ৰাস্তালৈ ওলাই আহিলো I ওচৰৰে গুমটি দোকানখনৰ পৰা চিগাৰেট এটা জ্বলাই ললো I সৰু পথটোত আকৌ মানুহৰ ভিৰ আৰম্ভ হৈছে I বোমা ফুটাও এঘন্টা মান হৈ গৈছিল I পানদোকানী জনলৈ চাই সুধিলো-

: ভাইটি দোকান বন্ধ কৰা নাই যে ? বোমা ফুটিছে নহয় বজাৰত !
: নাই দাদা ; বোমানো নুফুটে ক’ত ? সেই বুলিনো আৰু ঘৰতে সোমাই থাকিমনে ?
: কোন মৰিলে জানা নেকি ?
: মুচি এজন মৰিছে দাদা I বাতা দোকানৰ সন্মুখতে বাহিছিল সদায় I
: আৰু কোনোবা মৰিছে নেকি ?
: নাই দাদা I কিন্ত আমাৰ গলিৰে মানুহ দুজন আঘাত হৈছে, শাক-পাচলিৰ ব্যৱ্সায় কৰিছিল I
: তুমি ক’ত থাকা ?
: জাহাজঘাটত থাকো I খবৰ এটা ল’ব লাগিছিল, পিছে দোকানখনো এৰি যাব নোৱাৰো I তাকেই ভাবি আছো কি কৰা যায় !

প্ৰথমবাৰৰ বাবে এটা খবৰ পালো I বোমা ফুটাৰ খবৰ নহয়, মৰা মানুহজনৰ খবৰ I মৰা মানুহজনৰ এটা “চিনাকী” পালো I তেখেত মূচি আছিল, বাতা দোকানৰ সন্মুখত বহিছিল I দুদিন আগতে নিশা আৰু মই সেই মূচি জনৰ ওচৰতে চেন্ডেল ভাল কৰিছিলো I ডেৰকূৰি মান বয়্সৰ মানুহজনৰ মুখলৈ যদিও মই বহুবাৰ চাইছিলো, তথপি মোৰ এতিয়া অলপো মনত নাই তেওঁৰ মুখৰ ছবি I মই মোৰ জোতাযোৰলৈ চালো, দুদিন আগতে পলিছ কৰা জোতাযোৰ এতিয়াও ভালেই আছে I নিশাৰ চেন্ডেল যোৰো ভালে আছে চাগে I সেইদিনাখন আধাঘন্টাতকৈয়ো বেছি সময় মানু্হজনৰ ওচৰত বহিছিলো যদিও এবাৰো তেখেতক নিজৰ বিষয়ে একো সোধা হোৱা নাছিল I প্ৰয়োজনো নাছিল সেই সময়ত I কিন্ত এতিয়া কিবা এটা দুখী দুখী ভাবে মনটো গধুৰ কৰি দিলে মোক I সচাকৈয়ে বৰ ব্যক্তিবাদী হৈ গৈছো আমি বোৰ I কাইলৈ হয়তো বাতৰি কাকতত ওলাব খবৰটো ডাঙৰ ডাঙৰ আখৰেৰে... “ চহৰৰ মাজমজিয়াতে বোমা বিস্ফোৰন, এজন নিহত আহত চৈধ্যজন” ; “ সৰু সৰু চহৰলৈ বিয়পিছে উগ্ৰপ্ন্থীৰ কাৰ্যকলাপ, ব্যৰ্থ অসম চৰকাৰ” ; কোনো সঙ্গঠনৰ দায়িত্ব স্বীকাৰ; ডাঙৰ ডাঙৰ বুদ্বিজীৱীৰ কঠোৰ সমালোচনা, প্ৰতিবাদী সমদল, নাগৰিক সভা, গৰিহনা... ইত্যাদি ইত্যাদি I বাতৰিটোৰ এচুকত হয়তো ঠাই পাব সেই অখ্যাত মূচি জনে I তাৰপিছত লাহে লাহে তল পৰি যাব খবৰটোৰ লগতে মূচিজনো আৰু আমি বোৰেও লাহে লাহে পাহৰি যাম ঘটনাটো I লাহে লাহে চ’ক বজাৰ বা বাতাৰ সন্মুখৰ ঠাই খনো স্বাভাৱিক হৈ পৰিব I মানুহৰ মনৰ পৰাও সেইদিনটোৰ হেৰাই যাব সেই মূচী জনো I তাৰ ঠাই অধিকাৰ কৰি লব অন্য এজন মূচীয়ে I আমি পাৰ্থক্য বিচাৰি নাপাম দুয়ো জনৰ মাজত কাৰন দূয়োজনৰ বাবে এটাই চিনাকী “ বাতাৰ সন্মুখনত বহা মূচীজন”

গধূৰ মনটোৰে আকৌ প্ৰেছলৈ সোমাই গলো I ইতিমধ্যে আলোচনী খনে এটা আকাৰ লৈছিল, বাকী আছিল মাথোন শেষপৄষ্ঠাটো I

: দাদা শেষপৄষ্ঠাত কি ভৰাৱ ?- ডিটিপি কৰা লৰা জনে সুধিলে
: হোঃ ভাবিছো ৰবা ! তোমাৰ ঘৰৰ সকলো ঠিকে আছেনে ?
: আছে.. আছে দাদা I
: কি ভৰালে ভাল হৱ বাৰু ?
: ফটো ভৰাৱ নেকি ? বোমা বিস্ফোৰণৰ ফটো ?? –সি হাঁহি হাঁহি সুধিলে I

কথাটো যদিও সি পাতল কৰি কৈছিল তথাপি মোৰ মনটো শিপাই গল তাৰ কথষাৰিত I আচলতে কথাষাৰত ভাবিব লগীয়া বহুত আছে I তাৰ কথাত কিবা এটা আবেগ সোমাই থকা যেন লাগিল মোৰ I আচলতে মানুহৰ অবেগক লৈয়েইটো ব্যৱ্সায় কৰি আছো আমি সকলোৱে I বোমা বিস্ফোৰণৰ ফটোৱেই হওঁক বা বানপানীৰ ফটোৱেই হওঁক কাকতত ছপোৱাৰ উদ্দেশ্য কি ? গণ সচেতনতা নে ধামাকা I আচলতে আমাক পৰিৱৰ্তন লাগে I অবিবেচকৰ দৰে সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে প্ৰকাশ কৰা কিছুমান ফটো বা বাতৰিয়েই সমাজখনক দুৰ্বল কৰিছে I

মই বিচাৰি পালো শেষপৄষ্ঠাৰ বাবে বিষয় বস্তু I লিখনি এটি সঙযোজন কৰি দিম I সেই লিখনিত মই বোমাৰ কথাই লিখিম, কিন্ত বোমা ফুটাৰ খবৰ নিলিখো I মই লিখিম সেই মুচী জনৰ কথা যাৰ বাবে আজিৰ কাকতত ঠাইৰ অভাৱ, লিখিম সেই মানুহ বোৰৰ কথা বোমাৰ শব্দই যাক মনত পেলাই দিছিল কেৱ্ল আপোন মানুহজনৰ কথা, লিখিম আমাৰ কথা আৰু লিখিম লিখনিৰ অভাৱৰ বাবেই শেষপৄষ্ঠাত মুচীজনক ঠাই দিয়া ‘মোৰ’ কথা I

( বোমাত নিহ্ত বা আহত প্ৰতিজনলৈ যাৰ বিষয়ে যাৰ খবৰ হেৰাই যায় বোমা ফুটাৰ খবৰৰ মাজত)

Tuesday, December 13, 2011

খিৰিকী



মোৰ বন্ধ খিৰিকীৰ ফাকেৰে
সৰকি অহা এটি দুটি পোহৰৰ ৰেঙণি
ধূলিময় আশাবোৰ নাচি থাকে
সেই পোহৰৰ ৰেঙণিত ।।

জীপাল হৈ উঠে আকৌ
মৰহা খৰিকাজাই
মৰম আকলুৱা আশাবোৰৰ
বেতাল নাচোনত ।।

তথাপি নিগাজী মোৰ খিৰিকীৰ খিলি
জানোচা সোমাই আহে ধুমুহা এজাক
সেই পোহৰৰ সৈতে, আউল লগাই যদি মোৰ
বে-পৰুৱা জীৱনত ।

মোৰ ভাল লগা জীৱনক ...।।




আপোনাৰ স’তে মোৰ বহুতো কথা আছে

আপোনাৰ স’তে মোৰ বহুতো কথা আছে
গোপনে অন্তৰত সাচিঁ ৰখা কথা,
কেতিয়াবা মন যায়,
বাটত আগচি ধৰি সুধিম...
আপুনি বাৰু ইমান ধুনীয়া কিয় ?
আপোনাৰ দীঘল চুলি কোছাত বাৰু
কাৰ হাতৰ পৰশ পৰিলে আপুনি ভালপাই ।

আপুনি বাৰু কি ভাল পায়...
গান, কবিতা নে বৰষুণ,
আপুনি যদি গান শুনি ভাল পায়
কেনেকুৱা গান শুনি ভাল পায় বাৰু...
সুখৰ নে দুখৰ, প্রেমৰ নেকি ??

কবিতা পঢ়ে যদি হীৰুদাৰ কবিতাই পঢ়িব নিশ্চয়,
যিহেতু আপুনি খুউব ধুনীয়া, প্রেমত পৰিব পৰাকৈ।
আপুনি কিন্তু বৰষুণৰ কথা নাভাবিৱ,
বৰষুণে বহু হৃদয়লৈ বিষাদ আনে,
যেনেকৈ কাৰোবাৰ হৃদয়লৈ আনে বসন্ত ।

নিজৰ সুখৰ বাবে আপুনি জানো আন কাৰোবাক দুখ দিব !

আপোনাৰ স’তে মোৰ বহুতো কথা আছে
গোপনে সাচিঁ ৰখা কথা......
আপনাক যদি মোৰ কাষত বহিব কওঁ
আপুনি বেয়া পাব নেকি ??
আৰু যদি আপোনাৰ হাতত হাত থওঁ...

আপোনাৰ চকুলৈ বাৰু মই নাচাওঁ
চকুৰ ভাষা পঢ়িব নজনা নিৰক্ষৰ মই
কিন্তু মই অনুভৱ কৰিব পাৰো,
সেয়ে আপোনাৰ চুলি কোঁচাত হাত বুলাই দিব পাৰো
আলফুলে, মৰমেৰে...
তেতিয়া কিন্তু আপুনি বেয়া নাপাবদেই
কাৰন আপোনাক মোৰ বৰ আবেগিক যেন লাগে,

আৰু তেতিয়াই
আপুনি হয়তো মোৰ সকলো গোপন কথাই
গম পাই যাব, আপোনাক নোকোৱাকৈয়ে...

আপোনাৰ স’তে মোৰ বহুতো কথা আছে
গোপনে অন্তৰত সাচিঁ ৰখা কথা,


(ৰচনাকাল - এপ্রিল, 2004 )