Monday, February 27, 2012

দেউল উৎসৱ


দৰং জিলাত এটা পৰম্পৰাগত প্রচলিত উৎসৱ হৈছে দৌল বা দেউল । সকলো ধৰণৰ ধর্মীয় উৎসৱ-পার্বনৰ দৰেই বিশেষ তাৎপয্য থকা এইটো দৰঙী ৰাইজে পালন স্বকীয় উৎসৱ । বহাগ মাহত প্রতিখন গাৱঁতে তিথি অনুযায়ী উদযাপিত কৰা এই অনুস্থানটোত ভগৱা্ন বিষ্ণুক পূজা কৰা হয় । এই পূজা অনুস্থিত কৰিবৰ বাবে প্রতিখন গাৱঁতে স্থায়ী অথবা অস্থায়ী কৈ এটা ওখ মাটিৰ ভেটি বনোৱা হয়, ইয়াক “দেউলৰ ভিঠি” হিচাপে স্থানীয় ভাৱে জনাজাত । কিংবদন্তি আছে যে এই ভিঠি সমূহত আগৰ ৰজা বা মৌজাদাৰ সকলৰ পোহনীয়া হাতী মৰিলে সমাধি দিয়া হৈছিল । কিন্তু তেনেকুৱা কাহিনী জড়িত থকা দেউলৰ ভিঠিৰ উদাহৰণ নগণ্য । এই ভিঠি সমূহত উৎসৱৰ দিনা খন ভগৱান বিষ্ণুৰ প্রতিমূর্তি স্থাপন কৰা হয় । কথিত আছে যে বিষ্ণুৱে অনন্ত সাগৰত ধ্যান কৰি থকা ৰূপত পূজা কৰা হয় আৰু ভিঠিৰ ওপৰত কাঠৰ মগৰৰ( ঘঁৰিয়াল) মূখ আৰিঁ এই অনন্ত সাগৰকে প্রতিকী ৰূপত উপস্থাপন কৰা হয় । কাৰণ মগৰ সদায় গভীৰ সাগৰত পোৱা যায় । হিন্দু ধর্মত যদিও সকলো পূজা পূৱ দিশত কৰা হয়, কিন্তু এই পূজা উত্তৰ দিশেহে কৰে । প্রবাদমতে ভগৱান বিষ্ণুৱে উত্তৰ দিশত হে ধ্যানত বহিছিল ।  দেউল উৎসৱৰ সংগতি ৰাখি মেলা অনুস্থিত হয় আৰু এই মেলাত দৰঙৰ স্থানীয় কৃষ্টি সমুহ ( থিয় নাম, বিহু নাম, ধেপা ঢোল, বৰ ঢূলীয়া ইত্যদি) প্রদর্শন কৰা হয় । অতীজৰে পৰা চলি অহা এই উৎসৱ জৰিয়তে মানুহৰ মাজত সম্প্রীতি এনাজৰী আৰু অধিক দৃঢ় হয় । কিন্তু আধুনিকতাৰ পৰশে এই উৎসৱটি বহু খিনি কলুষিত কৰিব ধৰিছে । যিটো আমাৰ ভৱিষ্যত প্রজন্মৰ বাবে বিপদজনক । কাৰন এই উৎসৱটিৰ লগত সংগতি ৰাখি খেলা জুৱা । আজিকালি বহু দেউল উৎসৱ সমিতিয়ে এই জুৱা খেল সমুহৰ ওপৰতে নির্ভৰশীল হোৱা পৰিলক্ষিত হৈছে । যিটো এই উৎসৱটিৰ বাবে শুভ লক্ষণ নহয় ।