Thursday, August 23, 2012

নীলা খামৰ চিঠিঃ














                                      
কবিতা যদি বুকুৰ ভাষা হয়
তুমি মোৰ নিলিখা কবিতা
গান যদি মনৰ কথা হয়
তুমি মোৰ দুই ওঁঠতে থাকিবা”

তোমালৈ
মৰমেৰে..
চিঠিখন হাতত পৰিলে চাগৈ দুৰু দুৰু কঁপিব পাৰে তোমাৰ আলসুৱা হিয়া | আশাকৰো তুমি ভয়তে নপঢ়াকৈ পেলাই নিদিয়া মোৰ প্ৰাতঃ যৌৱনৰ আদৰৰ পাতখিলা | তোমাক; অ’ আচলতে তোমাৰ নামটোৱে নাজানো মই, কি নাম দি মাতিম বাৰু তোমাক !! চম্পা, চামেলী, গৌৰী, নয়না নে মাৰ্জিতা ?? মাৰ্জিতা বুলিয়েই মাতিম দিয়া | নামটোৰেও তোমাক খুউব শুৱাব | তোমাৰো নিশ্চয় ভাল লাগিছে এই নামটো ? ( নামটোৱেই মানুহৰ পৰিচয়ৰ যথেষ্ট নহয় বাৰু)

মাৰ্জিতা, তোমাক প্ৰথম ক’ত দেখিছিলো জানা, আহিনৰ এটি নিয়ৰসিক্ত ৰাতিপুৱা | তুমি নৈ ঘাটৰ পৰা আহি আছিলা সমনীয়াৰ সৈতে, ককাঁলৰ ভৰা কলহটোৰে তোমাক বহুত ধুনীয়া লাগিছিল | আঠুলৈকে তিতা মেখেলাৰ সৰপ সৰপ শব্দই তোমালোকৰ যৌৱনোদ্বিপ্ত উচ্ছল হাঁহিৰ খিল খিলনিকো চেৰ পেলাইছিল | লাহে লাহে এজনী এজনীকৈ তোমাক সকলোৱে এৰিছিল, গাঁৱৰ শেষ সীমালৈকে কেৱল তুমি আৰু মই | তুমি দেখুৱাই দিয়া আঘোনা দাইটিৰ ঘৰলৈ মই সোমাই গৈছিলো আৰু লগত লৈ গৈছিলো এটি মিঁচিকীয়া হাঁহি আগতে কাহানীও নোপোৱা এটি হাঁহি | তিনিদিনৰ বাবে অহা অচিনাকী গাৱলৈ তোমাৰ বাবে দুদিন বেছিকৈ আছিলো | লাহে লাহে অচিনাকী গাওঁখনৰ বিষয়ে, তোমাৰ অ’ নহয় তোমালোকৰ ঘৰ খনৰ বিষয়ে বহুখিনিয়েই গম পাইছিলো | কিন্তু মোৰ যাৰ বিষয়ে জানিবলৈ মনটো হাঁহাকাৰ, যাৰ হাঁহিয়ে মোক লৈ যাই সপোনৰ দেশলৈ তেওঁৰ বিষয়ে অলপো গম পোৱা নাছিলো |

গাওঁখনৰ মাজেৰে একাঁ বেকাকৈ গৈ থকা পথটোত ৰাতিপুৱা গধুলী পৰ দিও যানোচা আকৌ এবাৰ মুখামুখী হওঁ তোমাৰ সেই মিঁচিকিয়া হাঁহিৰ | মুখৰ হাঁহিৰ পৰাই বহুতো কথা জানিব পাৰি | ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ভাষাত- কিছুমান হাঁহিত কলিজাৰ ৰং সনা থাকে | তোমাৰ হাঁহিটো কিজানি বিচাৰি পাঁও তোমাৰ কলিজাৰ ৰং |

চতুৰ্থ দিনাখন মই আকৌ গৈছিলো নৈ ঘাটলৈ, আহিনৰ আবেলিৰ মাদকতাই বেলেগ | শিমলু গছৰ ফাঁকেৰে বেলিটোৱে তেতিয়া বিদায়ৰ ক্ষণ গনিছিল | তাতে এই কেইদিনত গাৱঁৰ ৰমেন, ধৰণী, গোৱিন্দ্ৰ, মধুকাই আদি বহুতৰে লগতে চিনাকি হৈছিলো | সিঁহতৰ লগতে খেলিছিলো, দৌৰিছিলো, ফুৰ্তি কৰিছিলো | খেলাৰ মাজতে তোমাক দেখিছিলো প্ৰথম দিনাখনৰ দৰেই তুমি আহিছা, হেলনীয়া বেলিৰ ৰঙচুৱা আভাই তোমাৰ মুখত সেন্দুৰহে যেন চটিয়াই দিছিল | থৰ হৈ থকা অৱস্থাতেই ৰমেনে গাত ঢকিয়াই কৈছিল- “মন খাইছে যদি ক’ মোৰ লগত একেলগে পঢ়ে” | ৰমেনৰ কথাই মনে মনে সকাহ দিছিল যদিও তাৰ চুলিকোচাত হাতফুৰাই আতঁৰি আহিছিলো | মনটোৱে তেতিয়া কৈ আছিল-“ কিবা এটা কৰা” |

ৰাতি বিচনাত পৰি চটফটাই আছিলো কাইলৈতো যাবই লাগিব | শেষত ঠিৰাং কৰিছিলো, তোমাক সকলো কম, এখন এখনকৈ খুলি দিম মোৰ মনৰ দুৱাৰ | অতনুদাৰ ভাষাত-

“ তন্ময়ী তুমি মোৰ কবিতাৰ স্ত্ৰী
মোৰ সকলো স্বপ্ন আৰু স্বপ্নভংগৰ চাবিকাঠী

এতিয়া তোমাৰ
তোমাৰ যাতায়ত আৰু সান্ধ্যভ্ৰমণৰ বাবে মুকলি মোৰ
বুকুৰ পদুলি |”

শেষত.......

মই যেতিয়া ওভতনি বাছত উঠিম তেতিয়াই তোমাৰ হাতত পৰিব এই চিঠিখন | নাজানো চিঠিৰ প্ৰতিক্ৰিয়াই বা কি হয় | তোমাৰো নিশ্চয় মন যাব মোৰ বিষয়ে জানিবলৈ মোৰ যেনেকৈ গৈছিল ( যদিহে তুমি মোক ভালপোৱা !!) তেতিয়া তুমিও মোলৈ লিখিব পাৰা | ভালদৰে বিচাৰিলেই পাই যাৱা মোৰ ঠিকনা-

“ ......ঠিকনাবিহীন মোৰ ঠিকনা
হয়তোবা নিগাজী হব, এতিয়াৰ পৰাই
ভদীয়া পানী মেটেকাৰ দৰে মোৰ হৃদয়ৰ ঠিকনা.....”
আশাৰে....

(বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই "নীলাখামৰ চিঠি" প্ৰতিযোগিতাত ভাগ লৈ এই চিঠি খন লিখিছিলো, আজি পুৰনি বহি খন খুচৰি চাওঁতে এই খন পালো)

No comments:

Post a Comment