Sunday, November 18, 2012

মন আকাশত যেতিয়া কহুৱা ফুলিব

প্ৰতি পল, প্ৰতিটো দিন, প্ৰতি মাহ
নিশাৰ পিছত আন এটা উজাগৰী নিশা
মোৰ বাবে যেন দুখৰ বুৰঞ্জীৰ একোটা নিলিখা পৃষ্ঠা
লিখিম বুলিও লিখিব নোৱাৰা অপেক্ষাৰ সেই হুমুনিয়াহ

সকলো হুমুনিয়াহৰে এটি কাৰন থাকে
হেজাৰ হুমুনিয়াহেৰেই ভৰি থাকে মোৰ
সেই বুৰঞ্জীৰ নিলিখা পৃষ্ঠা

লিখিম বুলিও লিখিব নোৱাৰা
কম বুলিও ক’ব নোৱাৰা
মাথোন কিছুমান অবুজ বেদনা

উকা পৃষ্ঠাবোৰ,
আকৌ ভৰিব

উজাগৰী নিশাবোৰ আকৌ সজীৱ হ’ব
প্ৰতিটো দিন, এটি পল যেন লাগিব
আৰু বছৰবোৰ মাহ,

চকুপানীবোৰ ছিয়াঁহী হ’ব
উকা পাতত শব্দই নাচিৱ,
অপেক্ষাৰ বুৰঞ্জী লিখা তেতিয়াই সৰ্ম্পূণ হ’ব,

মন আকাশত যেতিয়া আমাৰ কহুৱা ফুলিব !!

Saturday, November 17, 2012

কবিতা

বহুদিন হ'ল কবিতাৰ সৈতে নেখেলা,
শব্দৰ শেতেলীত শেৱালীৰ মালা গুঠা কবিতাজনী
এতিয়া বৰ লাজকুৰীয়া হ'ল ;

তলসৰা বকুল আজি মৰহি গ'ল ,,,,,,,,,,,