এপিয়লা মদিৰা,কঁপি থকা ওঁঠ আৰু
মোৰ কবিতা,
তথাপিও দেখোন মই অকলশৰীয়া......
হে মোৰ মাজনিশাৰ মতলীয়া মন পখিলা,
কি যে কোৱা...! কি যে কোৱা তুমি,
মই জানো অকলশৰীয়া...... ???
মই দেখোন সদায়েই থাকো
তোমাৰ মাজত,যদিও তুমি উৰণীয়া
তোমাক ধৰি ৰাখিবলয়েইতো ইমান চিন্তা,ইমান
আয়োজন...... মদিৰা, কবিতা ইত্যাদি
ইত্যাদি,
আৰু আমনি নকৰো দিয়া - “ হে মোৰ পখীৰাজ
ঘোঁৰা ”
নালাগে, নালাগে ক’ব আৰু মোক পৰীৰ দেশৰ কথা ;
থাকক দিয়া, থাকক দিয়া মোৰ
আপোন পৰী জনীৰ কথা,
মাথোন তুমি নাভাৱিবা আৰু মোক কেতিয়াও
অকলশৰীয়া......
এপিয়লা মদিৰা, কঁপি থকা ওঁঠ আৰু
মোৰ কবিতা ......
(ৰচনাকাল – ১৮ আগষ্ট- ২০০৬)
No comments:
Post a Comment