Tuesday, August 21, 2012

সপোন

শীতৰ এই সেমেকা সন্ধিয়া
সেমেকিছিল মন সন্ধিয়াটোৰ দৰেই
শৰত আৰু শেৱালী অবিহনে
মন মোৰ যে দুখীয়া,

বৰষুণৰ লগতেই আকৌ আহিল শীত
উৰুঙা মনে প্ৰাণ পালে জুহালত,
নাকত লাগিলেহি পুৰা আলুৰ সুবাহ
শৰতৰ শেৱালীৰ দৰেই.....

অকলশৰীয়া পথাৰ খন
আকৌ চঞ্চল হ’ল,
সুগন্ধি ৰবাবেৰে আমোলমোলাই গ’ল
কাতিৰ শেষৰ ধুলিয়ৰি বতাহ

ৰংমন ককাইৰ দেহত এতিয়া
হেজাৰ হাতীৰ বল,
পুৰঠ কলাফুলত বিৰিঙে
কেঁচা নৰাৰ আছুৰ,
তথাপি নৰয় থমকি ৰূপোৱালী কাচি...

দাই যোৱা ককাই, দাই যোৱা.....
মাঘৰ শেষতে আহিব লখিমী,
পোহৰাৱ তোমাৰ উকা চোতাল
পথাৰ খনৰ দৰেই.....


লখিমী আহিব, মন জুৰাব’, শীতো আতৰিব
বহাগৰ শেষত আকৌ বৰষুন !
সপোন সিচিবি লখিমীৰ সৈতে
পথাৰখন যে তোৰ বুকুৰ আপোন |

( ৰচনাকাল-১২-১১-২০১১, ধেমাজী)

No comments:

Post a Comment