Wednesday, February 26, 2014

“প্লেটফৰ্ম-ৰ শেষ ৰেলগাড়ীখন”


















ঝক্‍ ঝক্‍ ঝক্‍..........
ৰেলগাড়ীখনে দীঘলীয়া উকি মাৰি ধীৰে ধীৰে গতি কৰিছে সন্মুখলৈ, খিৰীকিৰে হাত এখন উলিয়াই ল’ৰা জনে এপাহ সতেজ গোলাপ ফুল আগবঢ়াই দিছে প্লেটফৰ্ম-ত ৰৈ থকা ছোৱালীজনীলৈ | ছোৱালীজনীয়ে হাতপাতি লৈছে ফুলপাহ আকুলভাৱে | কাষত তাইৰ বেগখন | ৰেলগাড়ী খন গৈ আছে..... গৈ আছে..... | প্লেটফৰ্ম-ৰ শেষ ৰেলগাড়ীখন.... প্লেটফৰ্মত আৰু কোনো নাই.... | ডা লাষ্ট ট্ৰেইন......—ছবি খনলৈ একেথৰে বহু সময় চাই থাকিল নিলিময়ে | তাৰমনলৈ বহু কথাই দোলা দিব ধৰিলে | কি বুজাব গৈছে বাৰু ছবিখনে, কি ভাবি আঁকিছিল বাৰু সেই অজান চিত্ৰকৰ জনে ছবিখন, ছবিখনৰ অন্তৰালত কি কাহিনী জড়িত আছিল বাৰু যাৰবাবে এই ‘লাষ্ট ট্ৰেইনখন’ আজিও ইমান জনপ্ৰিয়...

: “ঐ.. কি বেঙাৰ দৰে চাই আছ’ বেৰখনলৈ”- পিঠিত এটা বাঘধকা খাই সি উচপ খাই উঠিল | পৰী ৰৈ আছে তাৰ কাষতে |

: “নাই এনেয়ে এই ছবিখন চাই আছিলো”- নিলিময়ে মিচিকঁইয়াই হাঁহি ক’লে |

: “মই অথনিৰে পৰা তোক বিচাৰি ফুৰিছো আৰু তই ইয়াত অকলে ছবি চাই বহি আছ’ | কিনো ইমান নেদেখা বস্তুটো দেখিলি এই ছবিখনত |” - তাই টান মাৰি চকী এখন আনি বহি ল’লে নিলিময়ৰ মুখামুখীকৈ |

: “ আচলতে ছবিখন মই ইমানদিনে লক্ষ্যই কৰা নাছিলো | ছবিখন চাই চাই বহু কথাই মনলৈ আহিছে জান ! বাৰু বাদ দে সেইবিলাক | বাকীবোৰ ক’ত গ’ল |” – সি পৰীলৈ চালে |

: “ আহিব, সকলো আহিব ইয়ালৈ | মই ফোন কৰিছিলো |”- পৰীয়ে তাৰ চকুলৈ চায় ক’লে | নিলিময় চকু নমাই দিলে | পাতল গোলপীয়া চুৰিদাৰজোৰেৰে পৰীক ধুনীয়া দেখা গৈছিল | অইনদিনা খন হ’লে তাইক সি কামোৰ এটা দিলেই হয়- ‘ তোক আজি একদম পৰীৰ দৰে লাগিছেদেই | কোনোবা ৰাজকুমাৰ আহিব নেকি’ | আজি তাৰ জোকাৱ মন নগ’ল | মনটো সেমেকি আছে তাৰ, হয়তো পৰীৰো | কিছুসময় দুয়োটাই নিৰৱে বহি থাকিল |

: “বাৰু পৰী এটা কথা ক’ছোন ; এই ছবিখন দেখি বাৰু তোৰ মনলৈ কি ভাৱ আহে ?”- নিলিময়ে নিৰৱতা ভংগ কৰি সুধিলে |

: “Simple.... কি আৰু ভাবিব লাগে ? ভাবি চোৱাও নাই এবাৰো আৰু তোৰ দৰে ইমান দাৰ্শনিকো নহয় যে এইবিলাক ভাবি থাকিম |”- তাই খিল খিলাই হাঁহি দিলে | কাজলসনা চকুজুৰি তিৰ্‍বিৰাই উঠিল | সি হাঁহিব পৰা নাই | তাই তেনেকুৱাই, সকলো কথাই সাধাৰণভাৱে লয় | ঘৰৰ একমাত্ৰ ছোৱালীবাবে কিছু পৰিমানে মৰম আকলুৱা | খীন মীন ছোৱালীজনীৰ প্ৰতি তাৰ কিবা এক বিশেষ আকৰ্ষণ আছে বন্ধুত্বৰ বাহিৰেও |

: “পিছে আমাৰ মহাপুৰুষে বা কি বিশেষত্ব দেখা পালে ফ’টো খনত?” পৰীয়ে হাঁহি হাঁহিয়েই সুধিলে তাক |
: “মোৰ বহুত কিবা-কিবি মনলৈ আহিছে | তোৰ জানো শুনিবলৈ সময় আছে ?” – সি পৰীৰ চকুলৈ চালে | তাই নিশ্চুপ হৈ গ’ল তাৰ কথাত | অলপ গহীন হৈ বহা ঠাইতে গাটো জোকাৰি ল’লে- ‘তাই শুনিবলৈ ৰাজী’ এনে ভাৱত | নিলিময়ে চিগাৰেট এটা জ্বলাই লৈ দীঘলকৈ এহোপা মাৰি ল’লে | এমোকোৰা ধোঁৱা কুণ্ডলী পকাই পকাই ওপৰলৈ উৰি গ’ল |

: “ছবিখন চাই কাহিনী এটি মনলৈ আহিছে | সম্পূৰ্ণ কাল্পনিক যদিও বাস্তৱৰ সৈতে বহুখিনি মিল থাকিব পাৰে | .... ধৰাহওঁক, ল’ৰা-ছোৱালী হাল ঠিক আমাৰ দৰেই কোনোবা বিশ্ববিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী | ধৰা সিঁহতৰ নাম – ডেভিদ আৰু জেনী | দুবছৰ আগতে হয়তো দুয়ো দুটা বিপৰীত দিশৰ পৰা একেটা প্লেটফৰ্মতে নামিছিল দুচকুত অলেখ সপোন লৈ | প্ৰথম চিনাকীতে দুয়োজনৰ বন্ধুত্ব হৈছিল | দুটা বছৰত সিঁহতে একেলগে পঢ়িছিল...., খেলিছিল...., খাইছিল...., ফুৰিছিল | এইবিলাক কামত সিহঁত ইমানেই ব্যস্ত আছিল যে খন্তেক সময়ৰ বাবে হ’লেও সিঁহতে সিঁহতৰ এই সম্পৰ্কটো বন্ধুত্বতকৈ বেছি এবাৰো ভাৱি চোৱা নাছিল | ৰাংঢালী জেনী-য়ে হয়তো কাহানীও কল্পনা কৰা নাছিল সিঁহত দুয়োজনে এদিন এৰা-এৰি হ’ব লাগিব | চাওঁতে চাওঁতে দুটা বছৰ পাৰ হৈছিল | সিহঁত যাৱৰ হ’ল | সেই বিশেষ প্লেটফৰ্মটোৰ পৰা দুয়োয়ে আকৌ এৰা এৰি হ’ব চিৰদিনৰ বাবে | প্লেটফৰ্ম-ত বহি দুয়োটাৰেই হয়তো একেটাই চিন্তা বহু কথাই কোৱা হ’ল তথাপি কিবা এটা থাকি গ’ল | এখন এখনকৈ ট্ৰেইনবোৰ ওলাই গৈ আছে প্লেটফৰ্ম-ৰ পৰা | শেষ ট্ৰেইনখনত ডেভিদ উঠিল... কি কৰিব সি | খিৰিকীৰ কাষত জেনী ৰৈ আছে..... কাজলসনা দুচকুত উজাগৰী নিশাৰ স্পষ্ট চিন, তাৰো... | সি আগবঢ়াই দিলে ৰঙা গোলাপ এপাহ জেনীলৈ | ট্ৰেইনখন ধীৰে ধীৰে প্লেটফৰ্ম-ৰ পৰা ওলাই যাৱ ধৰিছে; সিহঁত দুয়োটায়ো যেন দুটা বিপৰীত দিশলৈ গতি কৰি আছে চিৰদিনলৈ | ঝক্‍ ঝক্‍ ঝক্‍.........

: “বাপৰে বাপ; তহঁত দুয়োটাকে বিচাৰি বিচাৰি আমি ‘মেইন গেট’ পাইছিলোগৈ আৰু তহঁতে ইয়াতে বহি কথাৰ মহলা মাৰিছ’...” – ৰশ্মিৰ চিঞৰত সিহঁত দুয়োটায়ে ঘুৰি চালে | তাইৰ লগত আৰু ছয়টামান | মুহুৰ্ততে পৰিৱেশটোৱে এটা বেলেগ ৰূপ ল’লে | আজি সিঁহতৰ বাবে শেষ সন্ধিয়া | কাইলৈ সকলো ঘৰলৈ যাৱ, সেয়ে আজি সকলো মিলি গোট খাইছে কেন্টিনত | চিৰাচৰিত ভাৱেই সিহঁতৰ গ্ৰুপটো গোট খালে আড্ডা বেচ জমে | কলা শাখাৰ বিভাগ হিচাপে সিহঁতৰ বিভাগতো ছোৱালী-ৰ সংখ্যাই বেছি | ল’ৰা মাত্ৰ তিনিজনহে | অনুপ আৰু সি-হে হোষ্টেলত, আনজন হোষ্টেলত নাথাকে | গতিকে সন্ধিয়া-ৰ সময়কন অনুপ আৰু সি ৰশ্মি হঁতৰ গোটটোৰ একমাত্ৰ ল’ৰা সদস্য | যোৱা দুটা বছৰে এনেদৰেই কটাই দিছে | আজিও অনুপে আহিয়েই হৈ হাল্লা আৰম্ভ কৰি দিলে; তাৰ কথাত সকলোৱে হাঁহি উঠিল | কিছুসময়-ৰ বাবে সকলোৱে পাহৰি গ’ল আজিৰ সন্ধিয়াটোৱেই যে সিহঁতৰ শেষ সন্ধিয়াৰ আড্ডা | নিলিময়ে সকলোৰে মুখলৈ চালে | সকলোৱেই হাঁহি আছে, কেৱল পৰীৰ বাহিৰে | এটা সময়ত হাঁহি বিলাক বেসুৰা যেন লাগিল তাৰ | হাঁহিবোৰ যেন বেঁকা হৈ ওলাইছে | আচলতে সকলোৱে কান্দি আছে সকলোৰে অগোচৰে | সকলোৰে হাঁহিবোৰ যেন ৰৈ গৈছে এঠাইত.... অলপ সময় পিছত হাঁহিবিলাক উচুপনি যেন লাগিল তাৰ | সি ওলাই আহিল কেন্টিনৰ পৰা | সি কান্দিব নোৱাৰে | সি হোষ্টেললৈ গুছি আহিল কাকো নমতাকৈয়ে...|

***

     ৰূমটোত সোমায়েই সি দুৱাৰৰ খিলিদাল লগাই দিলে | সি এতিয়া অকলশৰে থাকিব বিচাৰে; হিচাপ কৰিব খুজিছে যোৱা দুটা বছৰৰ হিচাপ | দেহ মন সকলো যেন অৱশ হৈ পৰিছে | তাৰ ভাগৰ লাগিছে | সি ভাগৰুৱা দেহটো বিচনাখনত এৰি দিলে | এবাৰ ৰূমটোলৈ চালে | ৰূমটোৰ অ’ত ত’ত বিশৃংখলভাৱে পৰি আছে কিছুমান অলাগতিয়াল কাগজ | এচুকত দুটা বেগ, সি সাজু কৰি থৈছে যাবৰ বাবে | প্ৰথম এই ৰূমটোলৈ আহোতেও তাৰ এই বেগদুটাৰ বাহিৰে একোৱেই নাছিল, এতিয়াও, যাৱৰ সময়তো | তাৰ দুগালেৰে দুধাৰি চকুলো বৈ আহিল | সি গাৰুটোত মুখখন গুজি দিলে | এটা সময়ত তাৰ টোপনি আহিল |
: “নিল... ঐ নিল...”- দুৱাৰত মৰা প্ৰচণ্ড গোৰকেইটাত সি সাৰ পাই গ’ল | জাপমাৰি বিচনাৰ পৰা উঠি দুৱাৰ খন খুলি দিলে | অনুপ ৰৈ আছে | তাৰ চকুলৈ চালো, ৰঙা পৰি আছে | সিও কান্দিছে চাগে তাৰদৰেই লুকাই লুকাই |

: “ঐ.. কি ফুট গধুলীতে ৰূমত সোমাই আছ’ | পৰীয়ে অট’ বুক দিছে | লিখি কাইলৈ ৰাতিপুৱাই দিবিগৈ |” অনুপে তাৰফালে অ’টোবুকখন আগবঢ়াই দিলে | সিও ‘থিক আছে’ এনে ভাৱত হাত পাতি ল’লে |
টেবুলত তেতিয়াও আৰু তিনিখনমান পৰি আছে | লিখিবলৈ মন যোৱা নাই তাৰ | আমনি লাগি গৈছে তাৰ লিখি লিখি স্মৃতিৰ খতিয়ান | পৰীৰখনো টেবুলতে থৈ সি ডাইনিং হললৈ ওলাই গ’ল |

নিশা যিমানেই গভীৰ হয় মানুহ সিমানেই আবেগিক হয় | খোল খাই যায় এখন এখনকৈ হৃদয়ৰ বন্ধ দুৱাৰ | ভুমুকি মাৰেহি বহুতো কথাই | নিলিময়ৰো থিক তেনেকুৱাই হৈছে এতিয়া | টেবুলত বিশৃংখলভাৱে পৰি থকা অট’বুক সমূহৰ মাজৰ পৰা পৰীৰ অট’বুকখন আলফুলে তুলি ল’লে নিলিময়ে | ধুনীয়া বহীখনৰ প্ৰথম পৃষ্ঠাটোতে লিখা আছে- “সময় সোৱৰণীৰ এখিলা পাত” | গোট গোট হাতৰ আখৰ কেইটা তাৰ খুউব চিনাকী | যোৱা দুটা বছৰত সি এই হাতৰ আখৰ বহুত দেখিছে | পৰীৰ অ’টো বুক হাতত লৈ তাৰ বহুতো কথাই মনলৈ আহিব ধৰিলে | সি লিখি গ’ল সকলো কথা এটি এটিকৈ, যোৱা দুটা বছৰত কোৱা বহুতো কথা; আগতে কেতিয়াও নোকোৱা কিছুমান কথা; ক’ব খুজিও ক’ব নোৱাৰা তাৰ মনৰ কথা | বন্ধ হৃদয়ৰ খোল খোৱা দুৱাৰেৰে ওলাই অহা কথা বিলাক লিখি লিখি এটা সময়ত সি টোপনি গ’ল |

মগজুত যেতিয়া কিছুমান চিন্তাই পাকঘুৰনি খাই থাকে তেতিয়া আৰু শুই থাকিব নোৱাৰি, নিলিময়-ৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল | খুউৱ ৰাতিপুৱাই সাৰ পালে সি | মে মাহ | ৰাতিপুৱাৰ পৰাই গৰম আৰম্ভ হয় | সি শুই থকাৰ পৰাই খিৰিকীখন খুলি দিলে | এচাটি ঠাণ্ডা বতাহ সোমাই আহিল ভিতৰলৈ | বতৰটো অলপ গোমা হৈ আছে; বৰষুণ আহিব পাৰে | বিশ্ববিদ্যালয়ৰ প্ৰধান আলিবাটটোত তেতিয়া নিজান হৈ আছে | খেল পথাৰখনো | তাৰ ভাৰ্ছিটি উইক-ৰ সময়লৈ মনত পৰিল | সেই কেইটা দিনত এই পথটোৰ ৰূপেই বেলেগ হয় | গোটেই কেইটা হোষ্টেলৰ ল’ৰা-ছোৱালীয়ে একেলগে মাৰ্চ পাষ্ট-ৰ আখৰা কৰে | এজাক কিৰিলী-য়ে তাক সদায় ৰাতিপুৱাতে উঠিবলৈ বাধ্য কৰে আৰু বিচনাৰ পৰাই খিৰিকীখন খুলি আজিৰ দৰেই সি আলিবাটটোলৈ চাই | আজিৰ পিছত আৰু এই পৰিৱেশটো কোনোদিনে উভতি নাহে | হেঁপাহ পলুৱাই চাবলৈ মন গ’ল তাৰ | .... বেছি সময় থাকিব নোৱাৰিলে সি; কালিয়েই প্লেন কৰি থোৱা আছে ৰাতিপুৱাই যাৱ | সি মুখ হাত ধুই ওলাই আহিল হোষ্টেলৰ পৰা, কান্ধত বেগ দুখন ওলোমাই |

বাচ ষ্টেণ্ডলৈ বেছি দুৰ নহয় | মাত্ৰ দুই কিলোমিটাৰ | ৰিক্সাত দহমিনিট মানতে পাই গ’ল | পৰী ৰৈ আছে ষ্টেচনতে | সি আহি তাইৰ কাষতে থিয় হ’ল | সি পৰীৰ চকুলৈ চালে- উজাগৰী নিশাৰ চিন স্পষ্ট | তাই কথা ক’ব পৰা নাই | নিলিময়েও | তাই লাহে লাহে তাইৰ নিৰ্দিষ্ট বাচখনত বহি ল’লে | নিলিময়ে পৰীৰ বেগ কেইটা বাচত উঠাই তাই বহি থকা চিট-ৰ ওচৰলৈ আহিল | তেতিয়াও একো কোৱা নাই পৰীয়ে | দুয়োটাই যেন আজি বধিৰ হৈ গৈছে | নিলিময়ে নিজৰ বেগৰ পৰা অট’বুকখন উলিয়াই পৰীৰ হাতত দিলে | সি নামি আহিল বাচখনৰ পৰা |

: “ নিল... নিল...” খিৰিকীৰে পৰীয়ে তাক মাতিলে | সি উভতি চালে | এটা সৰু কাগজৰ টোপোলা তাৰফালে আগবঢ়াই দিলে | সি তাইৰ চকুলৈ চালে... সেমেকিছে, কাজলসনা চকুদুটা তিৰ্‍ বিৰ্‍ কৰিছে | লাহে লাহে বাছখন আগুৱাই গ’ল | তাৰো দুচকু জ্বলিছে |

সি উভতি আহিল তাৰ বাচখনলৈ | বাচৰ চিট-ত আৰামকৈ বহিলৈ সি কাগজৰ টোপোলাটো খুলি চালে | সন্মুখত মেলি থোৱা কাগজখন দেখি সি কঁপি উঠিল, এখন ফটো... পৰীৰ অপৈণ-ত হাতেৰে অঁকা.... ডা লাষ্ট ট্ৰেইন.. শেষ ৰেলগাড়ী খন | 

দুটোপাল চকুপানী টপকৈ ৰেলগাড়ীখনত পৰি গ’ল |
ঝক্‍... ঝক্‍.... ঝক্‍.... ৰেলগাড়ীখন যেন গৈ আছে বৰষুন মাজে মাজে অন্য এক যাত্ৰাৰ সন্ধানত |

No comments:

Post a Comment