Wednesday, May 9, 2012

ছাতি এটাৰ খূবেই প্ৰয়োজন

ছাতি এটাৰ খূবেই প্ৰয়োজন 
মহেন্দ্ৰ দত্তৰ নহলেও হব..
 
ৰঙা, নীলা, সেউজীয়া, ফুটফুটিয়া
 
যি ৰঙৰে নহওক...
 
ছাতি এটাৰ খূবেই প্ৰয়োজন
 
বৰষুণত তিতাৰ অভ্যাস সৰুৰে পৰাই
 
উজানত অহা মাছ ধৰি পাইছো
 
তিনি কিলমিটাৰ খোজ কাঢ়িছিলো
 
দে বৰষূণে, কান্ধত কিতাপৰ মোনা 
ধাৰিত বহি পঢ়িছিলো গাত ৰদ-বৰষুণ নলগা ৰজাৰ কাহিণী,
 
লি আম দেখিলে জেঠৰ খৰাঙকো ভই নকৰো
 
উদং পিঠিত জিলিকে নেওঁতা নোৱাৰৰ চিন...
 

তথাপি এতিয়া ছাতি এটাৰ খুবেই প্ৰয়োজন চাকৰিতকৈ....
 
বৰষুণ নহৈ, মুখ ধাকিবলৈ
 
ৰদ নহৈ, বয়্স ধাকিবলৈ,

শৈশৱৰ সপোন আহি ৰূপোৱালী হ
 
দে পূৰি ছাই কৰিছে সিহঁতক
 
নতুন সপোন আৰু দেখা নাই
 
কলিতে মহতিয়াইছে বৰষুণে,
 

ছাতি এটাৰ খূবেই প্ৰয়োজন.....
পোছাকযোৰেও ৰঙ সলাইছে
 
দুই এঠাইত ছিলাই পৰিছে
 
চাকৰি এটা পালেই নতুন এযোৰ কিনিম,
 
এমুখ দাৰি, জপৰা চুলি, উঠন হনু
 
সোমাই যোৱা বুকু...
 
হত্যাকাৰি নহলেও ভই খাই মানুহ
সেয়ে জোনাক নাচাঁও, নৈ পাৰত নবহো
 
কবিতা নিলিখো, সন্ধ্যা ভ্ৰমণ বিলাসিতা
 
নিষিদ্ধ গলিলৈকেও নাযাও,
 
খোল খাই মুখাবোৰ......
 

ছাতি এটাৰ খুবেই প্ৰয়োজন, পোহৰত ফুৰিবলৈ
চহকী প্ৰেয়্সীৰ গাড়ীৰ ধূলি, দেউতাৰ আশা, আইৰ মৰম,
 
দ নহয়....., বৰষুণ নহয়.....

নষ্ট সময়ৰ নষ্ট চিন্তা..........

No comments:

Post a Comment